ৱাকফ আইনক লৈ পশ্চিম বংগত পুনৰ উত্তপ্ত পৰিস্থিতি; আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ, জ্বলাই দিলে বাহন

শুকুৰবাৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে।ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ লগতে কেইবাখনো বাহনত অগ্নিসংযোগ কৰে।

এই প্ৰতিবাদৰ ফলত পথ আৰু ৰে’ল যাতায়ততো ব্যাঘাত জন্মায়।প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰি থকা অৱস্থাত আহত হয় প্ৰায় ১০ জন আৰক্ষীৰ লোক।অৱশ্যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰিত আছে বুলি আৰক্ষীয়ে জনায়।

বৃহস্পতিবাৰে বংগ আৰক্ষীয়ে সূতি আৰু শ্বামশ্বেৰগঞ্জ অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি জানিবলৈ দিয়ে।আৰক্ষীয়ে ৰাইজক ছত্ৰভংগ দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত পুনৰ আৰম্ভ কৰিছে।

হিংসাত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰতিবাদকাৰী সকলক ধৰিবলৈ ইতিমধ্যে অভিযান চলাইছে।

লগতে উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।আৰক্ষীয়ে ৰাইজক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে শুকুৰবাৰৰ নামাজৰ অন্তত একাংশ লোকে শ্বামশ্বেৰগঞ্জত সমবেত হৈ ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথ-১২ অৱৰোধ কৰে।

তাৰ পিছত এই প্ৰতিবাদ হিংসাত্মক ৰূপত পৰিণত হয়, যেতিয়া একাংশ লোকে আৰক্ষীৰ বাহনখনত শিলগুটি নিক্ষেপ কৰিছিল, যাৰ বাবেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়।

‘এয়া সামাজিক ন্যায়ৰ দিশত চৰকাৰৰ এক ডাঙৰ পদক্ষেপ’… ৱাকফ সংশোধনী আইনৰ গুৰুত্ব বৰ্ণনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাকফ সংশোধনী আইনখনৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে । তেওঁ কয় যে ৱাকফ (সংশোধনী) আইনখন তেওঁৰ চৰকাৰৰ সামাজিক ন্যায়ৰ দিশত এক ডাঙৰ পদক্ষেপ । ২০১৩ চনত পূৰ্বৰ আইনখন ভূমি মাফিয়া আৰু মুছলমান মৌলবাদীক সন্তুষ্ট কৰিবলৈ প্ৰণয়ন কৰা হৈছিল । এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদত এই বিষয়ত হোৱা বিতৰ্কত তুষ্টিকৰণৰ ৰাজনীতি প্ৰতিফলিত হৈছে ।

বিৰোধী দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ১৯৪৭ চনত দেশ বিভাজনৰ আঁৰত একেই মনোভাৱ আছিল । যেতিয়া একাংশ কংগ্ৰেছ নেতাই উগ্ৰ ধাৰণাক প্ৰচাৰ কৰিছিল । আনহাতে সাধাৰণ মুছলমানসকলে এই কথাত সন্মতি প্ৰকাশ কৰা নাছিল । সাধাৰণ মুছলমান আৰু তেওঁলোকৰ মাজৰ দুখীয়া আৰু পিছপৰাসকলে কেৱল অৱহেলা, শিক্ষাৰ অভাৱ আৰু নিবনুৱা সমস্যাহে পাইছিল, আনহাতে মৌলবাদীসকলক সন্তুষ্ট কৰিবলৈ নাৰীৰ সাংবিধানিক অধিকাৰ বলিদান দিয়া হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৩ চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে প্ৰণয়ন কৰা ৱাকফ আইনখনে এই আইনখন সংবিধানৰ ওপৰত বুলি ভ্ৰমৰ সৃষ্টি কৰিছিল । এই আইনখন ন্যায়ৰ বাবে আছিল যদিও ভয়ৰ কাৰণ হৈ পৰিল । সংশোধিত আইনখন সমাজ আৰু মুছলমান সমাজৰ স্বাৰ্থত । এই আইন প্ৰণয়নৰ বাবে সংসদক অভিনন্দন জনাই তেওঁ কয় যে সংসদীয় ইতিহাসৰ দ্বিতীয় দীঘলীয়া বিতৰ্ক হয় ।

ভাৰতে মূৰ তল নকৰেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চলিত বৰ্ষৰ প্ৰথম ১০০ দিনত তেওঁৰ চৰকাৰে নিজৰ নীতিৰে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে । এতিয়া ভাৰতে মূৰ তলো নকৰে ৰৈয়ো নাযায় । দ্ৰুত বিকাশৰ বাবে শান্তি, স্থিতিশীলতা আৰু নিৰাপত্তা অতি প্ৰয়োজনীয় । চৰকাৰে সন্ত্ৰাসবাদ আৰু নক্সালবাদক ৰোধ কৰিছে ।

তেওঁ কয় যে জম্মু-কাশ্মীৰত শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তি আৰু সংবেদনশীলতা প্ৰদৰ্শন কৰা হৈছে । এদিন বা দুদিনত ২০২৫ চনৰ ১০০ দিনৰ অন্ত পৰিব । যিসকলে ভাৰতে লাহে লাহে আৰু স্থিৰ গতিৰে আগবাঢ়িব বুলি ভাবিছিল, তেওঁলোকে দেখিবলৈ পাইছে এখন দ্ৰুত আৰু নিৰ্ভীক ভাৰত । এই ১০০ দিনত চৰকাৰে লোৱা সিদ্ধান্তই যুৱ প্ৰজন্মৰ আকাংক্ষাক প্ৰতিফলিত কৰিছে, যিয়ে ভৱিষ্যতৰ বাবেও এক সুদৃঢ় ভেটি স্থাপন কৰিছে ।

ৱাকফ আইনঃ ১৫ এপ্ৰিলত আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব পাৰে উচ্চতম ন্যায়ালয়ে

১৫ এপ্ৰিলত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব পাৰে উচ্চতম ন্যায়ালয়ে । একে সময়তে কেন্দ্ৰীয় চৰকাৰে ৱাকফ (সংশোধনী) আইন, ২০২৫ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে । চৰকাৰৰ হৈ ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত আদেশ গৃহীত কৰাৰ পূৰ্বে শুনানিৰ বাবে দাবী উত্থাপন কৰা হৈছে ।

উচচতম ন্যায়ালয়ত ৱাকফ আইনৰ বিৰুদ্ধে ৰাজনীতিবিদ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু জমিয়ত উলামা-ই-হিন্দৰ আৱেদনকে ধৰি মুঠ ১০খনতকৈও অধিক আবেদন দাখিল কৰিছে । এই আবেদনসমূহত নতুনকৈ নিৰ্মিত আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছে । আবেদন দাখিল কৰা অধিবক্তাসকলে জনোৱা মতে, ১৫ এপ্ৰিলত বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে এই আবেদনসমূহ তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

কোনে কোনে দাখিল কৰিছে আবেদন-

দ্ৰাবিড় মুনেত্ৰ কাঝাগাম (ডি এম কে), কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ী আৰু মহম্মদ জাভেদ, এ আই এম আই এমৰ নেতা আছাদুদ্দিন ওৱেইছি, আৰ জে ডিৰ সাংসদ মনোজ ঝা আৰু ফায়াজ আহমেদ, আপৰ বিধায়ক অমানতুল্লাহ খানেও এই আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম আদালতত আবেদন দাখিল কৰিছে । যোৱা ৭ এপ্ৰিলত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক আশ্বাস দিছিল যে আবেদনসমূহৰ তালিকাভুক্তকৰণৰ কথা বিবেচনা কৰা হ’ব । উল্লেখ্য যে কপিল ছিবাল জমিয়ত উলামা-ই-হিন্দৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হৈছিল ।

কেভিয়েট কি ?

চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত সতৰ্কবাণী দাখিল কৰাটো এক আইনী প্ৰক্ৰিয়া, য’ত কোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কোনো আদেশ গৃহীত হোৱাৰ পূৰ্বে নিজৰ পক্ষ দাখিল কৰাৰ সুযোগ প্ৰদান কৰা হয়, যাতে একপক্ষীয় সিদ্ধান্ত লোৱা নহয় ।

সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল ৱাকফ সংশোধনী আইন, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা

আজিৰে পৰা সমগ্ৰ দেশত বলবৎ হৈছে ৱাকফ সংশোধনী আইন । যোৱা সপ্তাহত সংসদ আৰু ৰাষ্ট্ৰপতিয়ে ৱাকফ সংশোধনী আইনখনক অনুমোদন জনাইছিল । ইয়াৰ পিছত নতুন আইনখন কেতিয়া বলবৎ হ’ব সেইটো সিদ্ধান্ত লোৱা হোৱা নাছিল । মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি কয় যে ৮ এপ্ৰিলৰ পৰা ৱাকফ সংশোধনী আইন কাৰ্যকৰী হ’ব ।

ৰাষ্ট্ৰপতিয়ে জনালে অনুমোদন-

৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী আইনত অনুমোদন জনাইছিল । বাজেট অধিৱেশনৰ সময়ত সংসদে এই বিধেয়ক গৃহীত কৰিছিল । আইন মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে দুয়োখন বিধেয়কত সন্মতি দিছে । ৪ এপ্ৰিলত ৰাজ্যসভাই ১২৮টা ভোটৰ সপক্ষে আৰু ৯৫টা বিৰোধী ভোটেৰে বিধেয়কখন গৃহীত কৰাৰ বিপৰীতে লোকসভাই দীঘলীয়া বিতৰ্কৰ অন্তত ৩ এপ্ৰিলত বিধেয়কখনত অনুমোদন জনায় । ইয়াত ২৮৮ জন সাংসদে ইয়াৰ পক্ষত আৰু ২৩২ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে ।

উচ্চতম ন্যায়ালয়ত ১০খন আৱেদন দাখিল-

ৰাজনীতিবিদ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু জমিয়ত উলামা-ই-হিন্দৰ আৱেদনকে ধৰি ৱাকফ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত মুঠ ১০খনতকৈও অধিক আবেদন দাখিল কৰা হৈছে । এই আবেদনসমূহত নতুনকৈ নিৰ্মিত আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে ।

ৱাকফ আইনৰ বিৰুদ্ধে হিংসা, আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ… কেইবাখনো বাহনত অগ্নিসংযোগ

পশ্চিমবংগৰ মুৰ্ছিদাবাদত নতুন ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে । প্ৰথম অৱস্থাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক এটা ঠাইত প্ৰতিবাদ কৰিবলৈ কয় যদিও হঠাতে প্ৰতিবাদকাৰীসকলে নিৰ্দিষ্ট স্থানৰ বাহিৰলৈ যাবলৈ আৰম্ভ কৰে ।

এই সময়তে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰে । ইয়াৰ পিছত আৰক্ষীয়েও মৃদু বল প্ৰয়োগ কৰে । আৰক্ষীয়ে জনোৱা মতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষীক সেই স্থানলৈ মোতায়েন কৰা হৈছে । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় । এই হিংসাত কেইবাজনো আৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে ।

ৱাকফ আইনৰ বিৰুদ্ধে এই কাৰ্যসূচী পূৰ্ব পৰিকল্পিত আছিল । হঠাৎ শান্তিপূৰ্ণ প্ৰতিবাদ হিংসালৈ পৰিণত হয় । ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয় । এই ঘটনা সন্দৰ্ভত বিজেপিয়ে টি এম চিৰ মুৰব্বী মমতা বেনাৰ্জীক আক্ৰমণ কৰিছে ।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালভিয়াই কয়, “পশ্চিম বংগত পুনৰ জুইৰ লেলিহান শিখা । পশ্চিম বংগ আৰক্ষীয়ে মুৰ্ছিদাবাদৰ ৰাজপথত ইছলামিক গোটক নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে । মমতা বেনাৰ্জীৰ উত্তোজনামূলক ভাষণে এই অশান্তিৰ ইন্ধন যোগাইছে ।”