জীৱন নাট সামৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীয়ে…
জীৱন নাট সামৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীয়ে…
ইটোৰ পিছত সিটো বেয়া খবৰে জোঁকাৰি গৈছে অসমৰ সাংস্কৃতিক জগতখন। খহি পৰিল অসমৰ লোকসংস্কৃতি নাগাৰা নাম জগতৰ অন্যমত জ্যেতিষ্ক ৰামচৰণ ভৰালী।
বৃহস্পতিবাৰে মাজনিশা ১২.২০ নলবাৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। নাগাৰা নামক অনন্য মাত্ৰা প্ৰদান কৰি জনপ্ৰিয় কৰা ৰামচৰণ ভৰালীক নাগাৰা নামৰ সম্ৰাট আখ্যা দিছিল ৰাইজে।
১৯৪৫ চনৰ ১৮ জানুৱাৰীত নলবাৰী জিলাৰ কুমাৰীকাটা অঞ্চলৰ দেহাৰ কালাকুচি গাঁৱত জন্ম গ্ৰহণ কৰিছিল ৰামচৰণ ভড়ালীদেৱে।তেওঁ “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি পৰিচিত ।
তেওঁৰ জনপ্ৰিয়তা কেবল মনোৰঞ্জনৰ বাবেই নাছিল, তেওঁৰ এই শিল্পৰ প্ৰতি থকা অগাধ জ্ঞান আৰু দক্ষতাৰ বাবেও সকলোৰে মাজত আদৰণীয় হৈ পৰিছিল।
শিল্পীগৰাকীয়ে নাগাৰা নামৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে ১১ বছৰ কাল যাত্ৰা দলৰ সৈতে জড়িত আছিল। তাত তেওঁ প্ৰথমতে নৃত্য কৰাৰ লগতে পিছলৈ গান গোৱাৰ লগতে অভিনয়ো কৰিছিল।
লগতে পঢ়ক: KGF খ্যাত হৰিশ ৰায়ৰ মৃত্যু; কৰ্কট ৰোগৰ সৈতে আছিল যুঁজি