বলীউডত দুৰ্গা পূজাৰ উসাহ; খুড়াকলৈ মনত পেলাই উচুপি উঠিল ৰাণী-কাজল
খুড়াকলৈ মনত পেলাই উচুপি উঠিল ৰাণী-কাজল
অভিনেত্ৰী তথা ভগ্নী কাজল আৰু ৰাণী মুখাৰ্জীক শনিবাৰে মুম্বাইৰ উত্তৰ বম্বেৰ সাৰ্বজনীন দুৰ্গা পূজাৰ সময়ত দুয়োকে একেলগে দেখা গৈছিল।
দুৰ্গা পূজাস্থলীত দুয়োগৰাকীয়ে বহু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাৰে মাজত এটা ভিডিঅ’ ত ৰাণী মুখাৰ্জী আৰু কাজলে তেওঁলোকৰ খুড়াক দেৱ মুখাৰ্জীক মনত পেলাই কান্দি উঠা দেখিবলৈ পোৱা গৈছিল।
দৰাচলতে চলিত বৰ্ষৰ মাৰ্চ মাহত দেৱ মুখাৰ্জীৰ মৃত্যু হয়।দেৱ মুখাৰ্জী সেই বিখ্যাত দূৰ্গা পূজাখনিৰ মূল আয়োজক আছিল।
এই ভাইৰেল ক্লিপটোত মুখাৰ্জী পৰিয়ালৰ জীয়ৰী কাজল, ৰাণী, শৰবানী আৰু তনিষা মুখাৰ্জীয়ে ইগৰাকীয়ে সিগৰাকীক সাৱটি ধৰি আৱেগিক হৈ পৰা দেখা গৈছে।
মুখাৰ্জী পৰিয়ালৰ এই আৱেগিক ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।য’ত ভাই-ভনীৰ মাজৰ মৰম বান্ধোনটো দেখা পোৱা গৈছে।
লগতে পঢ়ক: সংগীতপ্ৰেমীৰ বাবে ভাল খবৰ : শীঘ্ৰেই আৰম্ভ হ’ব ‘ইণ্ডিয়ান আইডল’ৰ নতুন ছিজন