ব্ৰিটেইনৰ ৰাজনীতিত ধুমুহা : ১০ বছৰত সলনি হ’ল ৬ গৰাকী প্ৰধানমন্ত্ৰী
আহকচোন জানো, যোৱা এটা দশকত ব্ৰিটেইনে কেনেকৈ একো একোগৰাকী প্ৰধানমন্ত্ৰী হেৰুৱাব লগা হ’ল
বৃটিছ ৰাজনীতিৰ এটা অস্থিৰ দশকত ১০ নম্বৰ ডাউনিং ষ্ট্ৰীটৰ সন্মুখত বিদায়ী ভাষণ দিয়া ষষ্ঠজন ব্যক্তি হিচাপে পৰিগণিত হ’ল প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ । সোমবাৰে হঠাতে তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে বিশ্ব ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
২০২৪ চনত নিজৰ লেবাৰ পাৰ্টীৰ হৈ এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ সময়ত ষ্টাৰমাৰে ব্ৰিটেইনত স্থিৰতা অনা, অৰ্থনীতিৰ বিকাশ কৰা আৰু কনজাৰভেটিভ পাৰ্টীৰ শাসনত চলি থকা বহু বছৰীয়া ৰাজনৈতিক বিশৃংখলতাৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু মাত্ৰ দুবছৰ নৌহওঁতেই, জনপ্ৰিয়তা হ্ৰাস পোৱা আৰু “ব্ৰিটেইনক পুনৰ নিৰ্মাণ” কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে ষ্টাৰমাৰ পদত্যাগ কৰিবলৈ বাধ্য হয় ।
যোৱা ১০ বছৰৰ ভিতৰত হোৱা এই দ্ৰুত সালসলনি ব্ৰিটেইনৰ আধুনিক ৰাজনৈতিক ইতিহাসত প্ৰথম । ইয়াৰ বিপৰীতে, ইয়াৰ পূৰ্বৱৰ্তী চাৰিটা দশকত মাত্ৰ ছয়গৰাকী প্ৰধানমন্ত্ৰীয়ে শাসন কৰিছিল ।
আহকচোন জানো, যোৱা এটা দশকত ব্ৰিটেইনে কেনেকৈ একো একোগৰাকী প্ৰধানমন্ত্ৰী হেৰুৱাব লগা হ’ল :
ডেব্ৰিড কেমেৰুণ (২০১০ ৰ পৰা ২০১৬)
২০১৫ চনৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা কেমেৰুণে ২০১৬ চনৰ জুন মাহত নিজৰ পদত্যাগৰ কথা ঘোষণা কৰিছিল । ব্ৰিটেইনৰ ভোটাৰসকলে ইউৰোপীয় ইউনিয়ন (EU) ত্যাগ কৰাৰ বাবে ভোটদান (ব্ৰেক্সিট) কৰাৰ পিছদিনাই তেওঁ পদত্যাগ কৰে, কিয়নো কেমেৰুণে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি প্ৰচাৰ চলাইছিল । উল্লেখ্য যে, ইউৰোপৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কক লৈ দলটোৰ ভিতৰত দীৰ্ঘদিন ধৰি চলি থকা কন্দল শাম কটাৰ উদ্দেশ্যে কেমেৰুণেই এই ঐতিহাসিক গণভোটৰ আহ্বান জনাইছিল ।
থেৰেছা মে’ (২০১৬ ৰ পৰা ২০১৯)
মে’য়ে ২০১৬ চনৰ পৰা ২০১৯ চনৰ মে’ মাহলৈকে কাৰ্যনিৰ্বাহ কৰিছিল । ব্ৰিটেইনক ইউৰোপীয় ইউনিয়নৰ পৰা উলিয়াই অনাৰ বাবে চলোৱা তিনি বছৰীয়া এক ব্যৰ্থ প্ৰচেষ্টাৰ অন্ত পেলাই তেওঁ বিদায় লৈছিল । মে’য়ে EU-ৰ সৈতে সফলতাৰে এক বিচ্ছেদ চুক্তি কৰিবলৈ সক্ষম হৈছিল যদিও, তেওঁৰ সহযোগী কনজাৰভেটিভ পাৰ্টীৰ সদস্যসকলে এই চুক্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । সংসদত তেওঁৰ প্ৰস্তাৱ তিনিবাৰকৈ পৰাজিত হৈছিল ।
বৰিছ জনছন (২০১৯ ৰ পৰা ২০২২)
আকৰ্ষণীয় ব্যক্তিত্বসম্পন্ন আৰু বিতৰ্কিত নেতা বৰিছ জনছনে ব্ৰেক্সিট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল আৰু কোভিড মহামাৰীৰ সময়ত দেশখনক পৰিচালনা কৰিছিল । কিন্তু কেইবাটাও নৈতিকতা সম্পৰ্কীয় কেলেংকাৰীয়ে তেওঁৰ প্ৰশাসনক জোকাৰি যায় । লকডাউনৰ নিয়ম উলংঘা কৰি চৰকাৰী কাৰ্যালয়ত পাৰ্টী কৰা আৰু সংসদক বিপথে পৰিচালিত কৰাৰ অভিযোগত অৱশেষত তেওঁৰ চৰকাৰৰ বহু ডজন মন্ত্ৰী-বিষয়াৰ পদত্যাগৰ পিছত জনছন ক্ষমতাৰ পৰা আঁতৰিবলৈ বাধ্য হয় ।
লিজ ট্ৰাছ (২০২২)
মুক্ত-বজাৰ অৰ্থনীতিৰ পোষকতা কৰা লিজ ট্ৰাছে কাৰ্যভাৰ গ্ৰহণ কৰাৰ মাত্ৰ ছয় সপ্তাহ (৪৫ দিন) পিছত ২০২২ চনৰ অক্টোবৰ মাহত পদত্যাগ কৰে । ইয়াৰ সৈতে তেওঁ ব্ৰিটেইনৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় । তেওঁৰ ভুল অৰ্থনৈতিক নীতি আৰু ড্ৰাষ্টিক কৰ কৰ্তনৰ পৰিকল্পনাই ব্ৰিটেইনৰ বজাৰত অৰ্থনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল ।
ঋষি ছুনাক (২০২২ ৰ পৰা ২০২৪)
প্ৰায় ২০০ বছৰৰ ভিতৰত ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া আৰু প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ছুনাকে ২০২২ চনত দায়িত্ব লৈ মুদ্ৰাস্ফীতি হ্ৰাস কৰা আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ সোঁত বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পূৰ্বৱৰ্তী চৰকাৰসমূহৰ ভুলৰ খেসৰত ছুনাকে ভৰিবলগীয়া হ’ল । ২০২৪ চনৰ জুলাই মাহত অনুষ্ঠিত আগতীয়াকৈ নিৰ্বাচনত কনজাৰভেটিভ দলে দুই শতিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ পৰাজয়ৰ সন্মুখীন হয় আৰু ছুনাকে পদত্যাগ কৰে ।
“মই ক্ষমাপ্ৰাৰ্থী, এই পৰাজয়ৰ দায়িত্ব মই মূৰ পাতি লৈছোঁ,” ছুনাকৰ স্বীকাৰোক্তি আছিল ।
কেইৰ ষ্টাৰমাৰ (২০২৪ ৰ পৰা ২০২৬)
অৰ্থনীতিৰ পুনৰুত্থান আৰু ১৪ বছৰীয়া কনজাৰভেটিভ শাসনৰ অন্ত পেলাই বিপুল আশাৰে ক্ষমতালৈ আহিছিল লেবাৰ পাৰ্টীৰ কেইৰ ষ্টাৰমাৰ । কিন্তু মাত্ৰ দুবছৰৰ ভিতৰতে ধাৰাবাহিক নীতিগত ভুল আৰু দলীয় অন্তৰ্দ্বন্দ্বৰ বলি হয় তেওঁ । অৱশেষত সোমবাৰে তেওঁ স্বীকাৰ কৰে যে তেওঁৰ দলে এতিয়া বিশ্বাস নকৰে যে তেওঁ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত দলক নেতৃত্ব দিবলৈ আটাইতকৈ উপযুক্ত ব্যক্তি ।
উল্লেখ্য যে, কেইৰ ষ্টাৰমাৰৰ পদত্যাগে এইটো প্ৰমাণ কৰিলে যে ব্ৰিটেইনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট এতিয়াও শেষ হোৱা নাই । ব্ৰেক্সিটৰ পৰা আৰম্ভ হোৱা এই অস্থিৰতাই ব্ৰিটেইনৰ বিশ্বজোৰা ভাবমূৰ্তিৰ ওপৰত প্ৰশ্নবোধক চিন থিয় কৰাইছে । এতিয়া লক্ষ্যণীয় হ’ব যে ১০ নম্বৰ ডাউনিং ষ্ট্ৰীটৰ পৰৱৰ্তী দাবীদাৰ কোন হ’ব আৰু তেওঁ ব্ৰিটেইনলৈ সুস্থিৰতা ঘূৰাই আনিব পাৰিবনে ?
লগতে পঢ়ক : ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ পদত্যাগ; এৰিব লেবাৰ পাৰ্টিৰ নেতাৰ পদো