আন্তঃৰাষ্ট্ৰীয় স্তৰত অপমানিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ…

আন্তঃৰাষ্ট্ৰীয় স্তৰত অপমানিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ । ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে ৪০ মিনিটতকৈয়ো অধিক সময় অপেক্ষা কৰে শ্বাহবাজে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অপমানিত হ’বলগা হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ । ইন্টাৰনেশ্যনেল ফৰাম ফৰ পিচ এণ্ড ট্ৰাষ্টত অংশগ্ৰহণ কৰিবলৈ তুৰ্কমেনিস্তানত থকাৰ সময়ত তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিবলৈ ৪০ মিনিটতকৈ অধিক সময় অপেক্ষা কৰিবলগীয়া হয় । ইমান দিন অপেক্ষা কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ভাগৰুৱা হৈ গুচি গ’ল । বহু সময় অপেক্ষা কৰাৰ পিছত ভাগৰুৱা হৈ প্ৰধানমন্ত্ৰী শ্বাহবাজ ওভতি যায় । অৱশ্যে কিছু সময়ৰ পিছত পুটিনৰ সৈতে তেওঁৰ সাক্ষাৎ হয় ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিবলৈ আগ্ৰহী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ৪০ মিনিট অপেক্ষা কৰাৰ পিছত তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানৰ সৈতে পুটিনৰ বৈঠকৰ মাজতে উপস্থিত হয় যদিও সাক্ষাতত ব্যৰ্থ হয় । খবৰ ওলাইছে যে পুটিন আৰু শ্বৰিফৰ বৈঠক পূৰ্ব নিৰ্ধাৰিত আছিল যদিও পুটিন আৰু এৰদোগানৰ বৈঠক দেৰিলৈকে চলিছিল, যাৰ বাবে শ্বৰীফে অপেক্ষা কৰিবলগীয়া হয় ।

ইফালে ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ ওলাইছে য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে নিজৰ প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক সভাগৃহত বহি থকা দেখা গৈছে । বহু সময় অপেক্ষা কৰাৰ পাছতো পুটিন আহি নাপালে । এই সময়ছোৱাত শ্বৰীফে আন নেতাৰ সৈতে আলোচনা কৰা দেখা গৈছিল । অৱশেষত পুটিনক শ্বৰীফে লগ কৰাত ব্যৰ্থ হয় ।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত চীনৰ টিয়ানজিংত এছ চি অ’ দেশসমূহৰ এখন বৈঠক অনুষ্ঠিত হৈছিল । ৰাছিয়া, ভাৰত, পাকিস্তান আৰু কেইবাখনো দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিসকল এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহিছিল । এছ চি অ’ৰ বৈঠকৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিবলৈ আগ্ৰহী যেন দেখা গৈছিল । ইয়াৰ পিছত শ্বৰীফে পুটিনৰ সৈতে হাত মিলাবলৈ হাতখন আগবঢ়াই দিয়ে যদিও পুটিনে দেখা নাপাই আগবাঢ়ি যায় । অৱশ্যে পিছত পুটিনে শ্বৰীফৰ লগত হাত মিলাইছিল ।

লগতে পঢ়ক : হঠাতে প্ৰধানমন্ত্ৰী মোদীলৈ কিয় আহিল নেতান্যাহুৰ ফোন ?

আজি ভাৰত ভ্ৰমণলৈ ভ্লাদিমিৰ পুটিন, আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ

আজি দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন । আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে এই ভ্ৰমণত ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌচভসহ মুঠ সাতজন মন্ত্ৰী আজিৰে পৰা দুদিনীয়াকৈ ভাৰত ভ্ৰমণলৈ আহিব । ভ্লাদিমিৰ পুটিন আৰু ৰক্ষা মন্ত্ৰী বেলৌচভৰ উপৰি ৰাছিয়াৰ কৃষি মন্ত্ৰী, অৰ্থ মন্ত্ৰী আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰীয়ো এই ভ্ৰমণত অংশ ল’ব । এই গুৰুত্বপূর্ণ ভ্ৰমণত ভাৰত-ৰাছিয়াৰ মাজত প্ৰায় ১০টা আন্তঃ-চৰকাৰী চুক্তি আৰু ১৫টা ব্যৱসায়িক চুক্তি হোৱাৰ আশা কৰা হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমিৰ পুটিনৰ দুখন গুৰুত্বপূর্ণ বৈঠক হ’ব । এখন হ’ব বন্ধ দৰ্জাৰ বৈঠক, য’ত মোদী আৰু পুটিনৰ উপৰি অতি অল্পসংখ্যক ব্যক্তি উপস্থিত থাকিব । দ্বিতীয় বৈঠকখনত দুয়ো দেশৰ নেতাই অংশগ্ৰহণ কৰিব । লগতে মোদী আৰু পুটিনে India-Russia Business Forumৰ সন্মিলনতো যোগদান কৰিব । ইয়াৰ মাজতেই পুটিনে ৰাছিয়াৰ চৰকাৰী সংবাদ চেনেল RT (Russia Today)ৰ ভাৰত চেনেল RT-India-ৰ লঞ্চিং অনুষ্ঠানতো উপস্থিত থাকিব । তথ্য অনুসৰি, মঙলবাৰ (৯ ডিচেম্বৰ ২০২৫) ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তেওঁৰ ৰাছিয়ান সমকক্ষ বেলৌচভে India-Russia Inter-Governmental Commission on Military & Military Technical Cooperationৰ মন্ত্ৰ্যালয় স্তৰৰ বৈঠকখনত অংশ ল’ব। এই বৈঠকৰ আগতে দিল্লী কেণ্টৰ মেনেকশ্ব চেণ্টাৰত ভাৰতৰ তিনিও বাহিনীৰ যৌথ দলে বেলৌচভক Guard of Honour আগবঢ়াব ।

বেলৌচভে নেচনেল ৱাৰ মেম’ৰিয়েলতো গৈ ভাৰতৰ শহীদ সৈনিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। ৰাছিয়াৰ ৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌচভ এজন অৰ্থনীতিবিদ । ২০২৪ চনত পুটিনে পঞ্চমবাৰ ক্ষমতা গ্ৰহণ কৰাৰ পিছতেই বেলৌচভক ৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । ইউক্ৰেইন যুদ্ধৰ বাবে ৰাছিয়াৰ ৰক্ষা বাজেট বাঢ়ি যোৱাৰ ফলত পুটিনে তেওঁৰ বিশ্বস্ত সামৰিক কমাণ্ডাৰ চাৰ্জেই শোইগুক ৰক্ষা মন্ত্ৰালয়ৰ পৰা আঁতৰাই National Security Advisor পদত বহুৱাইছিল ।

ইফালে পুটিনৰ এই ভ্ৰমণৰ বাবে আমেৰিকাকে ধৰি বিশ্বৰ সকলো দেশেই দৃষ্টি নিবদ্ধ ৰাখিছে। কিয়নো এই ভ্ৰমণৰ ফলত হব পৰা ভাৰতৰ পক্ষে চুক্তি তথা বিভিন্ন ধৰণৰ আনুষংগিক সিদ্ধান্তই সম্ভৱতঃ ভাৰতক এঢাপ আগুৱাই নিবলৈ সক্ষম হব । এতিয়া সকলোৱে অপেক্ষা কৰিব পুটিনৰ ভ্ৰমণৰ ফলাফললৈ ।

লগতে পঢ়ক : আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি; পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী