‘মই ক্ষমা বিচাৰিছো…মই জনা নাছিলো’; পুৰণি বিবাদক লৈ ৰাকেশ বেদীয়ে বিচাৰিলে  ক্ষমা

ধুৰন্ধৰ দ্য ৰিভেঞ্চ ছবিখনত জমীল জামালি চৰিত্ৰটোত অভিনয় কৰি খ্যাতি অৰ্জন কৰা ৰাকেশ বেদীয়ে এতিয়া পুৰণি বক্তব্যক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে।

সম্প্ৰতি ধুৰন্ধৰ ২ ছবিখনত জমীল জামালিৰ চৰিত্ৰত অভিনয় কৰি শিৰোনাম দখল কৰিছে ৰাকেশ বেদীয়ে।কিন্তু না কেৱল তেওঁৰ সংলাপ “তুমি মোৰ সন্তান…” ভাইৰেল হোৱাই নহয় বৰঞ্চ তেওঁৰ এটা পুৰণি ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত ৰাকেশে দলিত সম্প্ৰদায়ৰ বিষয়ে মন্তব্য কৰা দেখা গৈছে।

ভিডিঅ’ টো ভাইৰেল হোৱাত বিষয়টো তীব্ৰতৰ হৈ পৰে যাৰ বাবে ৰাকেশ বেদীক ক্ষমা খুজিবলৈ দাবী উত্থাপন হয়। পলম নকৰি অভিনেতাজনেও এটা ভিডিঅ’ পোষ্ট কৰি অজানিতে ব্যৱহাৰ কৰা শব্দটোৰ বাবে ক্ষমা বিচাৰিলে।

দৰাচলতে ৰাকেশ বেদীয়ে পুৰণি এটা সাক্ষাৎকাৰত ‘হৰিজন’ শব্দটো ব্যৱহাৰ কৰিছিল, যাৰ বাবে আজাদ সমাজ পাৰ্টিৰ মুম্বাই ৰাজ্যিক সভাপতি কৈলাশ জয়শ্বৰে এই বিষয় সন্দৰ্ভত আপত্তি উত্থাপন কৰে।

কোনো সংকোচ নকৰাকৈ ক্ষমা বিচাৰি ৰাকেশ বেদীয়ে এটা ভিডিঅ’ত উল্লেখ কৰিছে নমস্কাৰ বন্ধুসকল, “মই ৰাকেশ বেদীয়ে কৈছো।কেইমাহমানৰ আগতে এটা ভিডিঅ’ পোষ্ট কৰিছিলো,য’ত মই কৈছিলোঁ যে আমাৰ দেশত ভীমৰাও আম্বেদকাৰ জীয়ে দলিতসকলৰ ওচৰত ক্ষমা বিচাৰিছিল,তেওঁ হৰিজন আৰু পিছপৰা জনগোষ্ঠীৰ লোকসকলৰ বাবে বহু কাম কৰিছিল।তেওঁলোকৰ উত্থানৰ বাবে তেওঁ বহুত কষ্ট কৰিছিল”।

তেওঁ লগতে কয়, “মই এইমাত্ৰ জানিব পাৰিছো যে ভাৰতত ‘হৰিজন’ শব্দৰ ব্যৱহাৰ নিষিদ্ধ।কাকো আঘাত দিয়াৰ মোৰ কোনো উদ্দেশ্য নাছিল।যদি মোৰ এই শব্দৰ ব্যৱহাৰে কোনো ব্যক্তি বা সম্প্ৰদায়ক অপৰাধৰ সৃষ্টি কৰিছে,গতিকে, ইয়াৰ বাবে ক্ষমা বিচাৰিছো।মই ইচ্ছাকৃতভাৱে এই কথা কোৱা নাছিলো”।

লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ৰ ইতিহাস সৃষ্টি; ১০০০ কোটি উপাৰ্জন কৰা প্ৰথমখন বলীউড ছবি