পিতৃ হ’বলৈ ওলাইছে ৰনদীপ হুদা; পত্নী লিনৰ সৈতে শ্বেয়াৰ কৰিলে ফটো

পিতৃ হ’বলৈ ওলাইছে ৰনদীপ হুদা

বলীউডৰ অভিনেতা ৰনদীপ হুদাই আজি পত্নী লিন লাইশ্ৰমৰ সৈতে দ্বিতীয় বিবাহ বাৰ্ষিকী উদযাপন কৰিছে।এই উপলক্ষে ৰনদীপে এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীক এটা ভাল খবৰ দিলে।

দ্বিতীয় বিবাহ বাৰ্ষিকীত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ অতি সোনকালে পিতৃ হ’বলৈ ওলাইছে।বিবাহৰ দ্বিতীয় বাৰ্ষিকীত নিজেই এই কথা ঘোষণা কৰিছে দম্পতীহালে।

ৰনদীপ আৰু লিনৰ এই পোষ্টটোৱেও তেওঁলোকৰ অনুৰাগীক সুখী কৰি তুলিছে আৰু বহুতে অভিনন্দন জনাইছে।

অভিনেতা গৰাকী আৰু লিন লাইশ্ৰমে দ্বিতীয় বিবাহ বাৰ্ষিকীত প্ৰথম সন্তানৰ আশা কৰা বুলি ঘোষণা কৰিছে।অনুৰাগী আৰু অনুগামীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰি,দম্পতীহালে নিজৰ পোষ্টত লিখিছে,“প্ৰেম, ৰোমাঞ্চৰে ভৰা দুটা বছৰ, আৰু এতিয়া…এটি দেৱশিশু আহি আছে”।

আপোনালোকক জনাওঁ যে ২০২৩ চনৰ ২৯ নৱেম্বৰত মণিপুৰৰ ইম্ফলত পৰম্পৰাগত ৰীতি-নীতিৰে ৰনদীপ হুদা আৰু লিন লাইশ্ৰমে বিবাহপাশত আবদ্ধ হৈছিল।

লগতে পঢ়ক: ১০ বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব দীপিকা-ৰণবীৰ কাপুৰক…