বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ; ইটালীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ

মহিলা হকী বিশ্বকাপ কোৱালিফায়াৰৰ ছেমি ফাইনেলত ভাৰতে ইটালীক ১-০ ত পৰাস্ত কৰে। ইয়াৰ লগে লগে দলটোৱে কোৱালিফায়াৰৰ ফাইনেলত প্ৰৱেশ কৰাই নহয়, বিশ্বকাপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।

মহিলা হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতে। বিশ্বকাপ কোৱালিফায়াৰৰ ছেমি ফাইনেলত ভাৰতে ইটালীক ১-০ত পৰাস্ত কৰে। ইটালীৰ বিৰুদ্ধে খেলখনত টিম ইণ্ডিয়াৰ হৈ একক গ’লটো দিয়ে মনীষা চৌহানে।

এতিয়া ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব ভাৰত।১৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বেলজিয়াম আৰু নেদাৰলেণ্ডে আয়োজন কৰিবলগীয়া বিশ্বকাপত এতিয়া অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা হকী দলটোৱে।

ইটালীৰ বিৰুদ্ধে খেলখনৰ কথা ক’বলৈ গ’লে ভাৰতীয় দলটোৰ মিডফিল্ডাৰ মনীষা চৌহানে ৪০ মিনিটত এটা গ’ল দিয়ে।প্ৰথম কোৱাৰ্টাৰত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছিল।

ভাৰতে দুবাৰকৈ পূৰ্ণ শক্তিৰে চক্ৰ ভংগ কৰিছিল যদিও ইটালীয়ে এক দৰ্শনীয় প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছিল আৰু কেইবাবাৰো স্ক’ৰ কৰাৰ সুযোগ সৃষ্টি কৰিছিল।কিন্তু টিম ইণ্ডিয়াৰ খেলুৱৈসকলেও দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল আৰু প্ৰথম কোৱাৰ্টাৰত তেওঁলোকে ইটালীক এটাও গ’ল দিবলৈ নিদিলে।

লগতে পঢ়ক: ব্যস্ত আন্তঃৰাষ্ট্ৰীয় সূচীৰ মাজতে অধিক এদিনীয়া খেলিব ভাৰতীয় দলে, কেইবাখনো দেশে আগবঢ়াইছে প্ৰস্তাৱ