হকী এছিয়া কাপ ২০২৫ : কাজাখস্তানক পৰাস্ত কৰিলে ভাৰতীয় দলে, ৩ গৰাকী খেলুৱৈৰ হেট্ৰিক

হকী এছিয়া কাপ ২০২৫

হিৰো হকী এছিয়া কাপ ২০২৫ৰ অন্তিমখন পুল এ মেচত ভাৰতীয় পুৰুষ হকী দলটোৱে কাজাখস্তানক ১৫-০ গ’লত পৰাস্ত কৰে । এই সময়ছোৱাত তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে হেট্ৰিক অৰ্জন কৰে । ৰাজগীৰ হকী ষ্টেডিয়ামত খেলা এই খেলখনত অভিষেক (৫, ৮, ২০, ৫৯), সুখজীত সিং (১৫, ৩২, ৩৮) আৰু জাগৰাজ সিঙে (২৪, ৩১, ৪৭) ভাৰতৰ দলৰ পৰা হেট্ৰিক সম্পূৰ্ণ কৰে । অধিনায়ক হৰমনপ্ৰীত সিং (২৬), অমিত ৰোহিদাস (২৯), সঞ্জয় (৫৪), দিলপ্ৰীত সিং (৫৫) আৰু ৰাজিন্দৰ সিং (৩২)ও গ’ল দিবলৈ সক্ষম হয় । ইতিমধ্যে ভাৰতে ছুপাৰ-৪ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু তিনিওখন মেচতে জয়লাভ কৰি পুল এৰ শীৰ্ষত অন্ত পেলাইছে ।

আশা কৰা মতে ভাৰতে আগ্ৰাসীভাৱে আৰম্ভ কৰে । কাজাখস্তানে প্ৰাৰম্ভিক হেঁচা সহ্য কৰিবলৈ চেষ্টা কৰিছিল যদিও ৫ মিনিটত অভিষেকে চাৰ্কলৰ বাহিৰৰ পৰা শক্তিশালী হিটেৰে ভাৰতক অগ্ৰগতি প্ৰদান কৰে । ৮ মিনিটত অভিষেকে দ্বিতীয়টো গ’ল দিয়ে । প্ৰথম কোৱাৰ্টাৰৰ শেষত অধিনায়ক হৰমনপ্ৰীতৰ পেনাল্টি কৰ্ণাৰ বন্ধ কৰি দিয়া হয় যদিও তাৰ লগে লগে অভিষেকে সুখজীতক (১৫) সহায় কৰাত ভাৰত ৩-০ গ’লত আগবাঢ়ি যায় ।

দ্বিতীয় কোৱাৰ্টাৰতো ভাৰতৰ আধিপত্য অব্যাহত থাকে । ২০ মিনিটত অভিষেকে যথেষ্ট দক্ষতা প্ৰদৰ্শন কৰি নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰে।  কাজাখস্তানে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও ভাৰতীয় ডিফেন্সে ইয়াক বিফল কৰে । ২৪ মিনিটত জাগৰাজে পেনাল্টি কৰ্ণাৰটো গ’ললৈ ৰূপান্তৰিত কৰে, তাৰ পাছত ২৬ মিনিটত অধিনায়ক হৰমনপ্ৰীতেও গ’ল দিয়ে । ২৯ মিনিটত অমিত ৰোহিদাসে এটা গ’ল দিয়ে । হাফ টাইমলৈকে ভাৰত ৭-০ গ’লত আগবাঢ়ি থাকে ।

তৃতীয় কোৱাৰ্টাৰত ভাৰতৰ হৈ পেনাল্টি ষ্ট্ৰ’ক আৰম্ভ হয় আৰু জাগৰাজে (৩১) পেনাল্টি ষ্ট্ৰ’কক ৰূপান্তৰিত কৰে । মনদীপৰ উজ্জ্বল ৰানত ৰাজিন্দৰ সিঙে গল দিবলৈ সক্ষম হয় । ইয়াৰ পিছতে সুখজীতে (৩২) স্ক’ৰ ১০-০ কৰে । ৩৮ মিনিটত সুখজীতে নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰে । তৃতীয় কোৱাৰ্টাৰলৈকে ১১-০ গ’লত আগবাঢ়ি আছিল ভাৰত ।

চতুৰ্থ কোৱাৰ্টাৰত জাগৰাজে (৪৭) আন এটা পেনাল্টি ষ্ট্ৰ’ক কৰে । অন্তিম মিনিটত সঞ্জয় (৫৪), দিলপ্ৰীত (৫৫) আৰু অভিষেক (৫৯)য়েও গ’ল দিয়াত ভাৰতে ১৫-০ গ’লত জয় লাভ কৰে ।

অন্যান্য ফলাফল :

বাংলাদেশক ৫-১ গ’লত পৰাস্ত কৰে কোৰিয়াই

মালয়েছিয়াই চীনা টাইপেইক ১৫-০ গ’লত পৰাস্ত কৰে

চীন আৰু জাপানৰ মাজত ২-২ গ’লত ড্ৰ’ হয়

লগতে পঢ়ক : টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কৰ…