জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দুটা ডাঙৰ স্পেচৱাক কৰিব নাছাই…

জানুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বাহিৰত দুটা স্পেচৱাক কৰিব নাছাই । প্ৰথমটো স্পেচৱাক ২০২৬ চনৰ ৮ জানুৱাৰী বৃহস্পতিবাৰে হ’ব ।

নতুন বছৰৰ আৰম্ভণিতে নাছাই দুটা গুৰুত্বপূৰ্ণ মহাকাশ অভিযান সম্পন্ন কৰিব । জানুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বাহিৰত দুটা স্পেচৱাক কৰিব নাছাই । ইয়াৰ লক্ষ্য হৈছে ষ্টেচনৰ বিদ্যুৎ যোগানৰ উন্নতি আৰু অত্যাৱশ্যকীয় মেৰামতি সম্পূৰ্ণ কৰা । নাছাই নিজৰ “এক্স” ছ’চিয়েল মিডিয়া হেণ্ডেলত নাছাই এই কথা ঘোষণা কৰিছে ।  

৬ জানুৱাৰীত মিডিয়া ব্রিফিং-

৬ জানুৱাৰীত হিউষ্টনৰ জনছন মহাকাশ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া মিডিয়া ব্রিফিঙত নাছাই এই স্পেচৱাকৰ সম্পূর্ণ তথ্য প্রকাশ কৰিব ৷ এই ব্রিফিং নাছাৰ ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়াত লাইভ সম্প্ৰচাৰ কৰা হ’ব ।

২০২৬ চনৰ ৮ জানুৱাৰীত প্ৰথম স্পেচৱাক-

প্ৰথমটো স্পেচৱাক ২০২৬ চনৰ ৮ জানুৱাৰী বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব । নাছাৰ মহাকাশচাৰী মাইক ফিংক আৰু জেনা কাৰ্ডমেনে মহাকাশ কেন্দ্ৰটোৰ কুৱেষ্ট এয়াৰলকৰ পৰা ওলাই আহিব । তেওঁলোকৰ প্ৰধান কাম হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ৰোল-আউট সৌৰ এৰে (iROSA) ভৱিষ্যতে স্থাপনৰ বাবে ২এ শক্তি চেনেল প্ৰস্তুত কৰা । এই নতুন সৌৰ পেনেলসমূহে মহাকাশ কেন্দ্ৰটোক অধিক শক্তি প্ৰদান কৰিব । ভৱিষ্যতে ষ্টেচনটোৰ নিৰাপদ আৰু নিয়ন্ত্ৰিত ডিঅৰ্বিটৰ বাবেও এয়া গুৰুত্বপূৰ্ণ হ’ব ।

উল্লেখযোগ্য যে এইটো হ’ব জেনা কাৰ্ডমেনৰ প্ৰথম স্পেচৱাক, আনহাতে ই হ’ব মাইক ফিংকৰ দশমটো স্পেচৱাক । ইয়াৰ লগে লগে নাছাৰ ইতিহাসত সৰ্বাধিক স্পেচৱাকৰ অভিলেখত সমতা স্থাপন কৰিব ফিংকে । এই অভিলেখ পূৰ্বে নাছাৰ কিংবদন্তি মহাকাশচাৰী পেগী হুইটছন আৰু মাইকেল লোপেজ-এলেগ্ৰিয়াৰ হাতত আছে, যিসকলেও ১০টাকৈ স্পেচৱাক সম্পূৰ্ণ কৰিছে ।

২০২৬ চনৰ ১৫ জানুৱাৰীত দ্বিতীয় স্পেচৱাক-

দ্বিতীয়টো স্পেচৱাক এসপ্তাহৰ পিছত, ১৫ জানুৱাৰী, ২০২৬ তাৰিখে বৃহস্পতিবাৰে হ’ব । এই স্পেচৱাকে কেমেৰা প’ৰ্ট ৩ত স্থাপন কৰা হাই-ডেফিনিশ্যন কেমেৰাৰ ঠাই ল’ব । আগন্তুক মহাকাশযানৰ বাবে হাৰমনি মডিউলত এটা নতুন নেভিগেচন ডিভাইচ (প্লেনাৰ ৰিফ্লেক্টৰ) স্থাপন কৰা হ’ব । ইয়াৰ উপৰিও ষ্টেচনৰ S6 আৰু S4 ট্ৰাছত থকা এমোনিয়া চাৰ্ভিচাৰ জাম্পাৰ (ফ্লুইড পাইপ) স্থানান্তৰ কৰা হ’ব । এই স্পেচৱাকত অংশগ্ৰহণ কৰা মহাকাশচাৰীসকলৰ সবিশেষ আৰু সঠিক সময়ৰ বিষয়ে পৰৱৰ্তী সময়ত নাছাই প্ৰদান কৰিব ।

এই বিশেষ এই অভিযান ?

এয়া হ’ব আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত ২৭৮ সংখ্যক আৰু ২৭৯ সংখ্যক স্পেচৱাক । ২০২৬ চনত এই দুটা স্পেচৱাক হ’ব ।”এক্সপেডিচন ৭৪” অভিযানৰ অধীনত প্ৰথম অভিযান । সহজ ভাষাত ক’বলৈ গ’লে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটোক নিৰাপদ, শক্তিশালী আৰু ভৱিষ্যতৰ বাবে সাজু কৰি ৰখাত এই স্পেচৱাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : মহাকাশত ইছৰোৱে ৰচিলে নতুন ইতিহাস, উৎক্ষেপণ কৰিলে আটাইতকৈ গধুৰ উপগ্ৰহ