দিল্লী বিমানবন্দৰত অঘটন; ৰৈ থকা বিমানত খুন্দা স্পাইচজেট বিমানৰ

দিল্লী বিমানবন্দৰত টেক্সিঙৰ সময়ত দুখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। স্পাইচজেট বয়িং ৭৩৭-৭০০ বিমানখনে আকাছা এয়াৰৰ বিমানত খুন্দা মাৰে।

দিল্লী বিমানবন্দৰত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, দিল্লী বিমানবন্দৰত বৃহস্পতিবাৰে দুখন বিমানৰ সংঘৰ্ষ হয়।এই বিমান দুখন স্পাইচজেট আৰু আকাছা এয়াৰৰ বুলি জানিব পৰা গৈছে।এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

আকাছা এয়াৰে এক বিবৃতি যোগে প্ৰকাশ কৰে যে, দিল্লীৰ পৰা হায়দৰাবাদ অভিমুখী আকাছা এয়াৰৰ কিউপি ১৪০৬ বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দত ৰৈ আছিল। সেই সময়তে আন এটা বিমান সংস্থাৰ এখন বিমানে খুন্দা মাৰে।লগে লগে সকলো যাত্ৰী আৰু ক্ৰুক নিৰাপদে নমাই অনা হয়।প্ৰট’কল অনুসৰি সংশ্লিষ্ট বিষয়াসকলক দুৰ্ঘটনাটো অৱগত কৰা হৈছে, আৰু বিষয়টোৰ তদন্ত চলি আছে।

আনহাতে স্পাইচজেটৰ মুখপাত্ৰই দিয়া তথ্য অনুসৰি, ১৬ এপ্ৰিলৰ দিনা দিল্লী বিমানবন্দৰত স্পাইচজেট বি৭৩৭-৭০০ বিমানখন টেক্সীঙৰ সময়তে আকাছা বিমানখনত খুন্দা মাৰে।দুৰ্ঘটনাৰ ফলত স্পাইচজেট বিমানখনৰ সোঁফালৰ উইংলেটটো ক্ষতিগ্ৰস্ত হৈছে।আৰু আকাছা এয়াৰৰ বিমানখনৰ বাওঁফালৰ ষ্টেবিলাইজাৰটোৰো ক্ষতিসাধন হয়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে স্পাইচজেট বিমানখনক দিল্লী বিমানবন্দৰত গ্ৰাউণ্ড কৰা হৈছে।

লগতে পঢ়ক: “বিধেয়কখন বিৰোধীতা কৰা সকল নিৰ্বাচনত পৰাস্ত হ’ব”; লোকসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

বিমানত অতিৰিক্ত লাগেজক লৈ মাৰপিট; স্পাইচজেটৰ কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ সেনা বিষয়াৰ

স্পাইচজেটৰ কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ

শ্ৰীনগৰ বিমানবন্দৰত এক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।এই ঘটনাটো জুলাই মাহৰ শেষ সপ্তাহৰ বুলি জানিব পৰা গৈছে।

শ্ৰীনগৰৰ পৰা দিল্লী অভিমুখী স্পাইচজেটৰ বিমান SG-386 ৰ বৰ্ডিং গেটত এজন জ্যেষ্ঠ সেনা বিষয়াই স্পাইচজেটৰ চাৰিজন কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে।

বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰৰ মতে, যোৱা ২৬ জুলাইত বিষয়াজনক অতিৰিক্ত কেবিন বেগেজ কঢ়িয়াই নিয়াৰ বাবে অতিৰিক্ত চাৰ্জ দিবলৈ কোৱা হৈছিল।

কৰ্মচাৰী সকলে জনোৱা মতে, সেনা বিষয়া গৰাকীৰ ওচৰত দুটা কেবিন বেগ আছিল, যাৰ মুঠ ওজন আছিল ১৬ কেজি। কিন্তু কেবিনত মাত্ৰ ৭ কেজিৰ হে সামগ্ৰী নিব পাৰে।

যেতিয়া কৰ্মচাৰীসকলে তেওঁক বিনম্ৰতাৰে সেই বিষয়ে অৱগত কৰে আৰু চাৰ্জ দিবলৈ কয় তেতিয়া বিষয়া গৰাকীয়ে দিবলৈ অমান্তি হয়।

লগে লগে সেনা বিষয়া গৰাকীয়ে বৰ্ডিং প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ বলপূৰ্বকভাৱে এৰোব্ৰিজত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, যিটো অসামৰিক বিমান পৰিবহণৰ সুৰক্ষাৰ নিয়মৰ গুৰুতৰ উলংঘা।

ইয়াৰ পিছত CISF ৰ বিষয়াসকলে সেনা বিষয়া গৰাকীক পুনৰ গেটলৈ লৈ গ’ল, য’ত তেওঁ খং উঠে আৰু চাৰিজন গ্ৰাউণ্ড ষ্টাফক আক্ৰমণ কৰে।

এজন কৰ্মচাৰীক ঘুচা, লাথি আৰু ষ্টীলৰ ষ্টেণ্ডেৰে একাধিকবাৰ আঘাত কৰে, যাৰ বাবে তেওঁৰ মেৰুদণ্ড ভাঙি যোৱাৰ লগতে গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

অচেতন সহকৰ্মীজনক সহায় কৰিবলৈ আগবাঢ়ি অহা আনজন কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে।যাৰ বাবে তেওঁৰ নাক আৰু মুখৰ পৰা তেজ ওলাবলৈ ধৰে।

ইয়াৰ পিছত আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ঘটনা সন্দৰ্ভত বিমান সংস্থাটোৱে সেনা বিষয়া গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ইয়াৰ লগতে তেওঁলোকে যাত্ৰীজনক ন’-ফ্লাই লিষ্টত স্থান দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যিটো অসামৰিক বিমান পৰিবহণৰ নিয়মৰ অধীনত গ্ৰহণ কৰা এক ব্যৱস্থা।

লগতে পঢ়ক: ৪৫০ বছৰৰ পাছত বিস্ফোৰণ ঘটিল সুপ্ত আগ্নেয়গিৰি; কেইদিনমান পূৰ্বে হৈছিল শক্তিশালী ভূমিকম্প