মমতা বেনাৰ্জীক মোক্ষম আঘাত; বিজেপিত যোগদান সুস্মিতা দেৱৰ

টিএমচি এৰি গেৰুৱা হ’ল প্ৰাক্তন সাংসদ সুস্মিতা দেৱ। বৃহস্পতিবাৰে কলকাতাত আন দুই সাংসদসহ বিজেপিত যোগদান সুস্মিতা দেৱৰ।

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছে তিনিগৰাকী প্ৰাক্তন টিএমচি সাংসদে। সুস্মিতা দেৱ, সুখেন্দু ছেখৰ ৰায়, আৰু প্ৰকাশ বাৰিকে বৃহস্পতিবাৰে গেৰুৱা দলটোত যোগদান কৰিছে।

এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা সমীক ভট্টাচাৰ্যই। বাকী কাৰ্যকালৰ বাবে তিনিগৰাকীকে ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে বিজেপিয়ে। কলকাতাত বিজেপিত যোগদান সুস্মিতা দেৱৰ।পশ্চিম বংগৰ পৰা ৰাজ্যসভাত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে সুস্মিতা দেৱ।

লগতে পঢ়ক: ৰাজ্যৰ ৮৩ হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত: বিধানসভাত বিস্ফোৰক তথ্য মন্ত্ৰী অতুল বৰাৰ