খহি পৰিল সাংস্কৃতিক জগতৰ আন এক নক্ষত্ৰ; প্ৰখ্যাত কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান
ভাৰতৰ প্ৰখ্যাত গায়ক সুমন কল্যাণপুৰৰ ৮৯ বছৰ বয়সত দেহাৱসান ঘটে ।তেওঁ অসংখ্য কালজয়ী হিন্দী গীতৰ লগতে কেইবাটাও হৃদয়স্পৰ্শী অসমীয়া গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰিছে।
অয় অয় আকাশ শুব ৰ দৰে জনপ্ৰিয় অসমীয়া গীতত কণ্ঠদান কৰা জ্যেষ্ঠ কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেওবাৰে সন্ধিয়া বাৰ্ধক্যজনিত কাৰণত নিজ গৃহত দেহাৱসান ঘটে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।জানিব পৰা মতে বিগত কেইটামান ধৰি তেওঁ নিজৰে গীতবোৰ শুনি আছিল।
তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ দেশ আৰু সংগীত জগতত শোকৰ ছাঁ পৰিছে। বলীউডৰ জগতৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ ক্ষেত্ৰলৈকে সকলোৱে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰখ্যাত কণ্ঠশিল্পী গৰাকীৰ মৃত্যু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ও শোক প্ৰকাশ কৰিছে।

১৯৩৭ চনৰ ২৮ জানুৱাৰীত অবিভক্ত ভাৰত (বৰ্তমান বাংলাদেশ) ভৱনীপুৰত সুমন কল্যাণপুৰৰ জন্ম হৈছিল। গোটেই কেৰিয়াৰত সুমন কল্যাণপুৰে ৮০০ৰো অধিক চলচ্চিত্ৰ গীত গাইছিল।১৯৬০ আৰু ১৯৭০ চনৰ দশকৰ ভিতৰত সুমন কল্যাণপুৰে নিজৰ সুমধুৰ কণ্ঠৰে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। সেই সময়ৰ শীৰ্ষস্থানীয় গায়িকা লতা মংগেশকাৰৰ সমান্তৰালকৈ তেওঁ নিজৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
কল্যাণপুৰৰ কেইটামান অতি জনপ্ৰিয় গীত হৈছে “আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে”, “না না কৰ্তে প্যাৰ তুমহি সে”, “তুমনো পুকাৰা ঔৰ হম চলে আয়ে” আদি। তেওঁ হিন্দী, মাৰাঠী, অসমীয়া, কানাড়া, বঙালী, ওড়িয়া আদিকে ধৰি বিভিন্ন ভাষাত গীত গাইছিল। ইয়াৰ উপৰি তেওঁ ভক্তিগীত, গজল আৰু ঠুমৰীও পৰিৱেশন কৰিছিল।
যদিও বহুতে তেওঁৰ কণ্ঠক কিংবদন্তী লতা মংগেশকাৰৰ সৈতে তুলনা কৰিছিল, কল্যাণপুৰে সদায় এই তুলনাক অগ্ৰাহ্য কৰিছিল। সোমবাৰে পুৱা প্ৰায় ১১.৩০ বজাৰ পৰা ১২ বজাৰ ভিতৰত পৱন হংস শ্মশানত সুমন কল্যাণপুৰৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব। কণ্ঠশিল্পীগৰাকীয়ে ইহসংসাৰত একমাত্ৰ কন্যা চাৰুক এৰি থৈ গৈছে।
লগতে পঢ়ক: ‘মই ভাবো সুশান্ত সিঙে…’; সুশান্ত সিং ৰাজপুতক মনত পেলাই আৱেগিক শিশিৰ শৰ্মা