“মই এটা সুযোগ পোৱা উচিত…”;মুখ্যমন্ত্ৰীৰ পদৰ বিতৰ্কৰ মাজতে দিল্লীত উপস্থিত কৰ্ণাটকৰ ১০জন বিধায়ক

মুখ্যমন্ত্ৰীৰ পদৰ বিতৰ্কৰ মাজতে দিল্লীত উপস্থিত কৰ্ণাটকৰ ১০জন বিধায়ক

বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হতাশাজনক প্ৰদৰ্শনৰ পিছত পুনৰ দলটোৰ ভিতৰত অসন্তুষ্টিৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে।

এই ৰাজনৈতিক অস্থিৰতাৰ প্ৰভাৱ কৰ্ণাটকটো দেখিবলৈ পোৱা গৈছে, য’ত মুখ্যমন্ত্ৰী সিদ্ধাৰমায়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ মাজত নেতৃত্বৰ নতুন যুঁজ আৰম্ভ হৈছে।

দুয়োগৰাকী নেতাৰ মাজত চলি থকা ৰাজনৈতিক টাগ অফ-ৱাৰ এতিয়া বেংগালুৰুৰ পৰা দিল্লীলৈকে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু কংগ্ৰেছ হাইকমাণ্ডেও পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

জানিব পৰা মতে,ডি কে শিৱকুমাৰৰ ঘনিষ্ঠ ১০ বিধায়কে দিল্লীত উপস্থিত হৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰে।এই বৈঠক এনে সময়ত হৈছে যেতিয়া সিদ্ধাৰমায়াৰ ডেৰ-দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হৈছে।

সমৰ্থকসকলৰ এই সক্ৰিয়তাক দলৰ ভিতৰতে সম্ভাৱ্য নেতৃত্ব পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

যদিও শিৱকুমাৰে এই বৈঠকসমূহৰ বিষয়ে অস্বীকাৰ কৰিছে,কিন্তু দিল্লীত তেওঁৰ সমৰ্থকৰ উপস্থিতিয়ে মুখ্যমন্ত্ৰী পদৰ দৌৰ পুনৰবাৰ উত্তপ্ত কৰি তুলিছে।

এই বৈঠকসমূহ কংগ্ৰেছ হাইকমাণ্ডৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কৌশলৰ অংশ হিচাপে বিবেচনা কৰা হৈছে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ বাবে চলি থকা কাজিয়াৰ মাজতে দিল্লীত উপস্থিত হোৱা বিধায়ক টি ডি ৰাজেগৌড়াই কয়,‘মুখ্যমন্ত্ৰী সলনি হ’ব নে নহয় সেয়া হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে।মই শীৰ্ষ নেতৃত্বৰ লগত আছো”।

“মন্ত্ৰীসভাৰ সালসলনিত মোক সুযোগ দিয়া উচিত।”মই নিজেই মন্ত্ৰী হ’ব বিচাৰো। মই নিজৰ বাবে দিল্লীলৈ আহিছো। এই কথা হাইকমাণ্ডক কৈছো।”

লগতে পঢ়ক: “মই নীতিশ কুমাৰ…”; দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

“ডি কে শিৱকুমাৰ ইয়াত নাই নহয়?”; মঞ্চতে অগ্নিশৰ্মা হ’ল মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া

মঞ্চতে অগ্নিশৰ্মা হ’ল মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া

কৰ্ণাটক চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে তৎপৰতা বৃদ্ধি পাইছে।শনিবাৰে মহীশূৰ জিলাত অনুষ্ঠিত এক অনুষ্ঠানৰ মঞ্চত ভাষণ দি উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ নামৰ পৰামৰ্শত ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া।

ডি কে শিৱকুমাৰো মঞ্চত উপস্থিত আছিল যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে মঞ্চত বিশিষ্ট ব্যক্তিসকলক চিনাকি কৰাই দিওঁতে তেওঁ শিৱকুমাৰৰ কথা উল্লেখ নকৰিলে।

যেতিয়া তেওঁক এই প্ৰশ্ন কৰাত, হঠাৎ খং উঠিল আৰু ক’লে, “ডি কে শিৱকুমাৰ ইয়াত নাই নহয়? অনুগ্ৰহ কৰি বহি থাকক।আপুনি কেনেকুৱা উকীল?” তেওঁৰ মনোভাৱ দেখি তাত উপস্থিত থকা লোকসকল স্তম্ভিত হৈ পৰিল।

অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়- “ডি কে শিৱকুমাৰ পুনৰ বেংগালুৰুলৈ গৈছে। মঞ্চত থকা মানুহৰ নাম ল’ব লাগিব, গুচি যোৱাসকলৰ নাম নহয়”।

“এইটো প্ৰট’কল যিটো ইয়াত থকাসকলক মাতিব লাগে, ঘৰত বহি থকাসকলক নহয়, আপোনালোক উকীলসকলে এই কথা বুজিব লাগে।” তেওঁৰ উত্তৰৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াৰ এই প্ৰতিক্ৰিয়া কৰ্ণাটক চৰকাৰৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত চলি থকা এই কাজিয়াখন আৰু বিৰোধী বিজেপিয়ে এই দাবীৰ পটভূমিত আহিছে যে শিৱকুমাৰে তেওঁৰ ঠাই ল’ব পাৰে

অৱশ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীক সলনি কৰাৰ কোনো পৰিকল্পনা নাই বুলি ইংগিত দিছে কংগ্ৰেছ হাইকমাণ্ডে। মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাক খাৰিজ কৰিছে, আৰু শিৱকুমাৰে ৰাজহুৱাভাৱে কৈছে যে তেওঁক সমৰ্থন কৰিব, কিন্তু ৰাজহুৱা অনুষ্ঠানত দুয়োৰে মাজত উত্তেজনা প্ৰায়ে পোহৰলৈ আহিছে।

লগতে পঢ়ক: আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ