ছিডনীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ;  ধৰ্মীয় অনুষ্ঠানত নিৰ্বিচাৰ গুলীচালনা

ছিডনীত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা । এক ধৰ্মীয় অনুষ্ঠানত সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত বহু লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সংঘটিত হৈছে এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ । এক ধৰ্মীয় অনুষ্ঠানত গুলীচালনাত প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে । দেওবাৰে সন্ধিয়া নিউ চাউথ ৱেলছ আৰক্ষীয়ে নিশ্চিত কৰে যে ঘটনাত ৯ জন লোক আৰু এজন সন্দেহযুক্ত বন্দুকধাৰী নিহত হৈছে । আহত হৈছে কমেও ৬০জন লোক । প্ৰাৰম্ভিক তথ্য অনুসৰি এই আক্ৰমণৰ লক্ষ্য হৈছে বণ্ডি বিচ্চত অনুষ্ঠিত ইহুদী উৎসৱ হানুক্কা । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে এই নিৰ্বিচাৰ গুলীচালনাৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে । আলবানিছে কয় যে, “বণ্ডিৰ পৰা প্ৰকাশ পোৱা ছবিসমূহ দুখজনক । আৰক্ষী আৰু জৰুৰীকালীন সেৱা ঘটনাস্থলীত আছে আৰু জীৱন ৰক্ষাৰ বাবে কাম কৰি আছে । মোৰ চিন্তা প্ৰভাৱিত সকলোৰে সৈতে আছে ।”

ছিডনীত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণৰ পিছতে তদন্ত অব্যাহত আছে । অষ্ট্ৰেলিয়া আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে এই নৃশংস ঘটনাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ইহুদীৰ সমাৱেশত গুলীচালনা-

স্থানীয় সংবাদ মাধ্যমত দেখুওৱা ভিডিঅ’ত দেখা গৈছে যে ইহুদীসকলৰ এক ধৰ্মীয় অনুষ্ঠানত এই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । সূৰ্যাস্তৰ পৰা আৰম্ভ হোৱা ইহুদী উৎসৱ হানুক্কা উদযাপন কৰা স্থানত এই গুলীচালনা সংঘটিত হয় । হানুক্কা আঠ দিনীয়া উৎসৱ আৰু এই অনুষ্ঠানৰ প্ৰথম দিনাই গুলীচালনাৰ ঘটনা সংঘটিত হয় ।

ছিডনী মৰ্নিং হেৰাল্ডৰ বাতৰি অনুসৰি, ইহুদীসকলৰ বন্ধৰ দিন আৰম্ভ হোৱা উপলক্ষে এই অনুষ্ঠানত শ শ লোকৰ সমাগম হোৱাৰ সময়তে সন্ধিয়া প্ৰায় ৬:৩০ বজাত (অষ্ট্ৰেলিয়াৰ সময় অনুসৰি) আক্ৰমণকাৰীয়ে গুলীচালনা কৰে ।

দুজন লোকক আটক-

দেওবাৰে অষ্ট্ৰেলিয়া আৰক্ষীয়ে জনোৱা মতে, ছিডনীৰ বণ্ডি বিচ্চত ভয়ংকৰ আক্ৰমণৰ খবৰ পোৱাৰ পিছতে দুজন লোকক জিম্মাত লোৱা হৈছে । নিউ চাউথ ৱেলছ আৰক্ষীৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত এটা পোষ্টত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকে মানুহক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰে । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি কয় যে আজি অষ্ট্ৰেলিয়াৰ বণ্ডি বিচ্চত ইহুদী উৎসৱ হানুক্কাৰ প্ৰথম দিন উদযাপন কৰা লোকসকলক লক্ষ্য কৰি ঘটোৱা এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো । “ভাৰতবাসীৰ হৈ এই কাণ্ডত আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ আৰু আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । আমি এই শোকৰ সময়ত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো ।”

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় স্তৰত অপমানিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ…

আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ বছৰ… সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ বছৰ

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে ২৪ বছৰ সম্পূৰ্ণ কৰিলে । এই উপলক্ষে সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । পেন্টাগনৰ নিউয়ৰ্ক আৰু পেনচিলভেনিয়াৰ শ্বেংকছভিলত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় । এই আক্ৰমণত প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল । অনুষ্ঠানসমূহত ভুক্তভোগীৰ পৰিয়াল আৰু ৰাজনৈতিক ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ছাইটত পাঠ কৰা হয় নিহতসকলৰ নাম । এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পত্নী উষা ভেন্স উপস্থিত থাকে । অনুষ্ঠানত এক মিনিট মৌনতা অৱলম্বন কৰা হয় । পেন্টাগনত ১৮৪ জন লোকক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । এই অনুষ্ঠানত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে অংশগ্ৰহণ কৰে আৰু সন্ধিয়া ব্ৰংক্সত অনুষ্ঠিত বেছবল খেলত অংশগ্ৰহণ কৰে ।

পেনচিলভেনিয়াৰ শ্বেংকছভিলত ফ্লাইট ৯৩ৰ যাত্ৰী আৰু ক্ৰুসকলক স্মৰণ কৰা হয়, যিসকলে বিমানখনৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ চেষ্টা কৰিছিল । এক মুহূৰ্তত মৌনতা, মাল্যাৰ্পণ আৰু নাম পাঠ কৰা হয় । ইয়াত ভেটেৰান্স এফেয়াৰ্ছৰ সচিব ডাগ কলিন্সে অংশগ্ৰহণ কৰে ।

সমগ্ৰ দেশৰ হাজাৰ হাজাৰ লোকে এই বৰ্ষপূৰ্তিটো সেৱাৰ দিৱস হিচাপে পালন কৰে । ফুড ড্ৰাইভ, কাপোৰ দান, উদ্যান চাফাই আৰু ৰক্তদান আদি কাৰ্যসূচীত ৰাইজে অংশগ্ৰহণ কৰে । ভুক্তভোগী পৰিয়ালে কয় যে সেৱাৰ কামে শোকত থাকিও সান্ত্বনা আৰু নতুন শক্তি কঢ়িয়াই আনে ।

লগতে পঢ়ক : নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ; সংসদ ভংগ কৰাৰ দাবী