ফুটবলৰ পথাৰত উজলিব ‘ষ্টাৰ চিমেন্ট’; ফুটবল জগতত ইতিহাস সৃষ্টিৰ দিশে শ্বিলং লাজং FC

ফুটবল জগতত ইতিহাস সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে ষ্টাৰ চিমেন্ট সমৰ্থিত শ্বিলং লাজং FC।

ষ্টাৰ চিমেন্টে সদায়েই ফুটবল খেলক সমৰ্থন কৰি আহিছে। এইবাৰদেশৰ আগশাৰীৰ ফুটবল প্ৰতিযোগিতা ‘ইণ্ডিয়ান ফুটবল লীগ ২০২৬’ৰ টাইটেল স্পনছৰ হৈছে ষ্টাৰ চিমেন্ট।‘ইণ্ডিয়ান ফুটবল লীগ ২০২৬’ত প্ৰৱেশ কৰিছে ষ্টাৰ চিমেন্ট সমৰ্থিত শ্বিলং লাজং FC।সমগ্ৰ ছিজনজুৰি এক উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰাৰ পিছত শনিবাৰে শ্বিলং লাজং এফচিয়ে এই চেম্পিয়নশ্বিপ খিতাপৰ বাবে যুঁজ দিব।

ফুটবল জগতত ইতিহাস সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে শ্বিলং লাজং FC। পশ্চিমবংগৰ কল্যানী ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IFLৰ এই মেগা ফাইনেল। ফাইনেলৰ সামৰণি তথা বঁটা বিতৰণী সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ষ্টাৰ চিমেন্ট লিমিটেডৰ মুখ্য পৰিচালন বিষয়া (COO) প্ৰদীপ পুৰোহিত।

এই বৰ্ষৰ ফাইনেলখন ষ্টাৰ চিমেন্টৰ বাবে এক অনন্য মাইলৰ খুঁটি, কিয়নো এই টুৰ্ণামেণ্টৰ সৈতে তেওঁলোক দুটা স্তৰত জড়িত হৈ আছে- ‘ইণ্ডিয়ান ফুটবল লীগ ২০২৬’ৰ টাইটেল স্পনছৰ হিচাপে আৰু ফাইনেলিষ্ট ক্লাবসমূহৰ অন্যতম শ্বিলং লাজং এফচিৰ স্পনছৰ হিচাপে।

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া জগতক সদায় আগুৱাই নিয়াৰ বাবে ষ্টাৰ চিমেন্ট অগ্ৰসৰ হৈ আহিছে।নিজৰ ফ্লেগশ্বিপ ব্ৰেণ্ড দৰ্শন “হৰ ঘৰ মেঁ ষ্টাৰ” (Har Ghar Mein Star)-ৰ বাবে পৰিচিত ষ্টাৰ চিমেন্টে সদায় মানুহ, সমাজ, যুৱপ্ৰজন্ম আৰু আঞ্চলিক আশা-আকাংক্ষাৰ সৈতে গভীৰভাৱে জড়িত হোৱাত বিশ্বাস কৰি আহিছে।

এই উপলক্ষে শ্ৰী প্ৰদীপ পুৰোহিতে কয়, “ষ্টাৰ চিমেন্টত আমি সদায় বিশ্বাস কৰোঁ যে ক্ৰীড়াই মানুহক একত্ৰিত কৰে আৰু যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰে। উত্তৰ-পূব ভাৰতত ফুটবল এটা আৱেগ, আৰু ইণ্ডিয়ান ফুটবল লীগ তথা শ্বিলং লাজং এফচিৰ সৈতে জড়িত হৈ এই আবেগক সমৰ্থন কৰিবলৈ পাই আমি গৌৰৱান্বিত। ষ্টাৰ চিমেন্টৰ সৈতে জড়িত উত্তৰ-পূবৰ এটা ক্লাবে গ্ৰেণ্ড ফাইনেলত উপনীত হোৱাটো আমাৰ বাবে সঁচাকৈয়ে এক গৌৰৱৰ ক্ষণ। আমাৰ ‘হৰ ঘৰ মেঁ ষ্টাৰ’ দৰ্শনৰ জৰিয়তে আমি মানুহৰ সৈতে আমাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু অঞ্চলটোৰ প্ৰতিভাক উৎসাহিত কৰাৰ লক্ষ্য অব্যাহত ৰাখিব বিচাৰোঁ।”

‘ইণ্ডিয়ান ফুটবল লীগ ২০২৬’-এ সমগ্ৰ দেশৰ ফুটবল প্ৰেমীসকলৰ মাজত অপৰিসীম উৎসাহ আৰু অংশগ্ৰহণ প্ৰত্যক্ষ কৰিছে, আৰু ফাইনেললৈ শ্বিলং লাজং এফচিৰ এই যাত্ৰাই সমগ্ৰ উত্তৰ-পূবতে উন্মাদনা আৰু অধিক বৃদ্ধি কৰিছে।

লগতে পঢ়ক: বিদ্ৰোহমুক্ত হ’ল মিজোৰামঃ মুখ্যমন্ত্ৰীৰ ঘোষণা- আত্মসমৰ্পণ কৰিলে সকলো বিদ্ৰোহীয়ে