২৬ দিনৰ পাছত অনশন ভংগ সোণম ৱাংচুকৰ

২৬ দিনীয়া অনশনৰ সামৰণি: কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত অনশন ভংগ সোণম ৱাংচুকৰ!

সামাজিক কৰ্মী সোণম ৱাংচুকে অৱশেষত নিজৰ ২৬ দিনীয়া সুদীৰ্ঘ অনশন ভংগ কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু ৰাজ্য মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙৰ সৈতে সফল বৈঠকৰ পাছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে, ‘ককৰোচ জনতা পাৰ্টি’ (CJP) ৰ নেতৃত্বত চলি থকা প্ৰতিবাদৰ সমৰ্থনত ২৮ জুনৰ পৰা অনশনত বহিছিল ৱাংচুক ।

শুকুৰবাৰে গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় আৰু লেহ-লাডাখৰ ‘এপেক্স বডী’ৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ পাছতে সামাজিক মাধ্যম ‘এক্স’ত (X) সোণম ৱাংচুকে নিজেই এই বিষয়ে জানিবলৈ দিয়ে । তেওঁ লিখিছে, “অলপ সময়ৰ আগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড° জীতেন্দ্ৰ সিং তথা লেহ-লাডাখৰ ‘এপেক্স বডী’ৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মই ২৬ দিনৰ পিছত মোৰ অনশন সামৰণি মাৰিলোঁ ।”

৬৫ গৰাকী সাংসদৰ অনুৰোধ আৰু হিংসা প্ৰতিৰোধৰ আহ্বান

ৱাংচুকে উল্লেখ কৰে যে এই অনশন সমাপ্ত কৰাৰ আঁৰত দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ ৬৫ গৰাকী সাংসদৰ অনুৰোধ আছিল । সাংসদসকলে ব্যক্তিগতভাৱে সাক্ষাৎ কৰি বা পত্ৰযোগে তেওঁক অনশন ভংগ কৰিবলৈ আহ্বান জনাইছিল ।

অনশন সামৰাৰ সিদ্ধান্তটো বিভিন্ন চৰ্তৰ ওপৰত হোৱা দীঘলীয়া আলোচনা আৰু দেশত হ’ব পৰা সম্ভাব্য হিংসাত্মক পৰিস্থিতি প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে বুলি তেওঁ স্পষ্ট কৰে । অতি সোনকালে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এই চৰ্তসমূহৰ বিষয়ে বিস্তাৰিতভাৱে জনোৱা হ’ব বুলিও ৱাংচুকে প্ৰকাশ কৰে । ইয়াৰ উপৰিও, দেশবাসীলৈ কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ নিদিবৰ বাবে অতি সতৰ্ক হৈ থাকিবলৈ তেওঁ বিশেষ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া

সোণম ৱাংচুকৰ অনশন ভংগৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্স’ৰ জৰিয়তে নিজৰ উদ্বেগ আৰু শুভকামনা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে, “মই সোণমজীক অনুৰোধ জনাওঁ যাতে তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজৰ দৈনন্দিন নিয়মসমূহ পালন কৰে আৰু অতি সোনকালে নিজৰ পূৰ্বৰ ওজন পুনৰ ঘূৰাই পায় ।”

লগতে পঢ়ক : প্ৰশ্নকাকত ফাদিল ৰোধ কৰাক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত