নিতৌ বিচনালৈ যোৱাৰ পূৰ্বে খাওক ২ টাকৈ লং; ফলাফল জানিলে হ’ব আচৰিত
নিতৌ বিচনালৈ যোৱাৰ পূৰ্বে খাওক ২ টাকৈ লং
দেখাত সৰু যেন লগা লংটো অসংখ্য আয়ুৰ্বেদিক গুণেৰে ভৰি আছে। ইয়াৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে কেইবাটাও ৰোগৰ চিকিৎসাত সহায় কৰিব পাৰে।
ঔষধি গুণেৰে সমৃদ্ধ ইয়াক নিয়মিতভাৱে সেৱন কৰিলে বহুতো গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।ইয়াত এন্টি-ইনফ্লেমেটৰী, এন্টি-বেক্টেৰিয়েল গুণ আছে, আৰু ইয়াত ভিটামিন ই, ভিটামিন চি, ফ’লেট, ৰাইব’ফ্লেভিন, ভিটামিন এ, থাইয়ামিন, ভিটামিন ডি, আৰু ওমেগা ৩ ফেটি এচিডৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যিয়ে স্বাস্থ্যৰ উৎকৃষ্ট যত্ন লয়।
নিশা বিচনালৈ যোৱাৰ পূৰ্বে ২ টাকৈ লং খালে পেটৰ লগত জড়িত সমস্যা যেনে কোষ্ঠকাঠিন্য, এচিডিটি আৰু গেছৰ পৰা আপুনি সকাহ পাব।ইয়াক সেৱন কৰিলে পাচনতন্ত্ৰইও সঠিকভাৱে কাম কৰে।
যদি মূৰৰ বিষৰ সমস্যা আছে, তেন্তে ইয়াৰ পৰা মুক্তি পাবলৈ ৰাতি শুই উঠাৰ আগতে ২ টা লং চোবাই খাব লাগে।শীঘ্ৰেই আৰাম পোৱা যায়।
যদি আপোনাৰ চৰ্দি আৰু কাহৰ বহুত সমস্যা হয়, তেন্তে প্ৰতি নিশা শুই উঠাৰ আগতে ২ টা লং খাব লাগে।
ভাইৰাছৰ সংক্ৰমণ, ব্ৰংকাইটিছ, চাইনাছ, হাঁপানী আদি সমস্যাৰ পৰা সকাহ পাবলৈ দৈনিক লং সেৱন কৰিব লাগে।
(এই লেখাত দিয়া পৰামৰ্শবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।
লগতে পঢ়ক: সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই শাক-পাচলি