চিকিৎসালয়ত ভৰ্তি সোনম ৱাংচুক; যন্তৰ মন্তৰ খালী কৰিবলৈ নিৰ্দেশ দিল্লী আৰক্ষী

বিগত ২০ দিন ধৰি দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰি থকা কৰ্মী সোনম ৱাংচুকক চিকিৎসালয়লৈ লৈ গৈছে দিল্লী আৰক্ষীয়ে।

দিল্লী আৰক্ষীয়ে শনিবাৰে (১৮ জুলাই) পুৱা নীট (NEET) প্ৰশ্নকাকত ফাদিল আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা সমাজকৰ্মী সোনম ৱাংচুকক আঁতৰাই পঠিয়াইছে। দিল্লী আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ গৈছে। সোনম ৱাংচুকক ছফদাৰজং হাস্পতাললৈ লৈ যোৱা হৈছে। বিগত ২০ দিন ধৰি সোনম ৱাংচুক অনশনত বহি আছিল।

সোনম ৱাংচুকক জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে, বৰ্তমান ৱাংচুকৰ অৱস্থা সুস্থিৰ।

যন্তৰ-মন্তৰত চিজিপি (CJP)ৰ নেতৃত্বত চলি থকা প্ৰতিবাদৰ মাজতে ২০ জুলাইত প্ৰতিবাদকাৰীসকলে সংসদ যাত্ৰাৰ (March to Parliament) ঘোষণা কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বেই সোনম ৱাংচুকক প্ৰতিবাদথলীৰ পৰা আঁতৰাই অনা হয়। আনহাতে শিক্ষাৰ্থীসকলকো তাৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছে।

সোনম ৱাংচুকৰ অৱনতি ঘটা স্বাস্থ্য সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত হ’বলগীয়া শুনানিৰ পূৰ্বে আৰক্ষীয়ে যন্তৰ-মন্তৰত এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে, আদালতে পূৰ্বেই সোনম ৱাংচুকৰ দৈনিক ক্লিনিকেল স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ দিছিল। আদালতে নিয়মীয়া চিকিৎসা নিৰীক্ষণ আৰু প্ৰয়োজনীয় চিকিৎসা সাহায্যৰ নিৰ্দেশ দিছিল। আদালতে স্বীকাৰ কৰিছিল যে যিকোনো নাগৰিকৰ জীৱন মূল্যৱান।

দিল্লী আৰক্ষীয়ে কয় যে, আদালতৰ নিৰ্দেশ আৰু চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি, স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত সোনম ৱাংচুকক প্ৰয়োজনীয় চিকিৎসা সেৱাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

বিগত ২০ দিন ধৰি যন্তৰ-মন্তৰত অনিৰ্দিষ্টকালীন অনশনত বহি থকা সোনম ৱাংচুকৰ ওজন বৃহস্পতিবাৰে ৯ কিলোগ্ৰামতকৈও অধিক হ্ৰাস পাইছে। তেওঁৰ চিকিৎসকে সকীয়াই দিছে যে দীৰ্ঘদিন ধৰি অনশন কৰাৰ বাবে তেওঁৰ স্বাস্থ্য জটিল পৰ্যায়ত উপনীত হৈছে আৰু ইয়াৰ ফলত তেওঁৰ অংগসমূহৰ ওপৰত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিব পাৰে।

লগতে পঢ়ক: অৱশেষত সোণম ৱাংচুকক লৈ মুখ খুলিলে অভিনেতা আমিৰ খানে…