প্ৰতিবাদৰ ৰীল দেখি মৰ্মাহত কংগনা! ক্ষোভত ছ’চিয়েল মিডিয়া এৰাৰ সিদ্ধান্ত
Gen-Z ৰ আচৰণক লৈ মৰ্মাহত সাংসদ কংগনা । ক্ষোভতে ললে সামাজিক মাধ্যম এৰাৰ সিদ্ধান্ত!
ঐতিহাসিক যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাক কেন্দ্ৰ কৰি সোমবাৰে লোকসভাত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিবেশ । বিৰোধী সাংসদসকলৰ হুলস্থূল আৰু শ্লোগানৰ ফলত সদনৰ কাৰ্যসূচী ব্যাহত হৈ পৰে । বিৰোধীৰ এনে ভূমিকাৰ পিছতে সক্ৰিয় হৈ পৰে বিজেপি সাংসদ কংগনা ৰাণাৱট । সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে বিৰোধী পক্ষই সংসদ সুচাৰুৰূপে চলিবলৈ নিদিয়াৰ ষড়যন্ত্ৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
কংগনা ৰাণাৱটে কয় যে বিষয় যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, বিৰোধীয়ে সদন স্তব্ধ কৰাৰ সিদ্ধান্ত লৈছে । শিক্ষা সংস্কাৰ সম্পৰ্কীয় এখন অতি গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সময়তো বিৰোধীয়ে কৰা বিৰোধিতাক সমালোচনা কৰি তেওঁ কয়, “বিৰোধীৰ মূল উদ্দেশ্য হৈছে দেশৰ উন্নয়নৰ গতি ৰুদ্ধ কৰা। কাৰণ জনসাধাৰণে তেওঁলোকক চৰকাৰ চলাবলৈ জনাদেশ দিয়া নাই ।”
প্ৰধানমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰি বিজেপি সাংসদগৰাকীয়ে কয় যে পৰীক্ষা ব্যৱস্থাক দুৰ্নীতিমুক্ত কৰিবলৈ চৰকাৰে এক উচ্চস্তৰীয় টাস্ক ফ’ৰ্চ গঠন কৰাৰ লগতে সংশোধনী বিধেয়কো লগে লগে গ্ৰহণ কৰিছে । আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ কয় যে নিজৰ ব্যৰ্থতা লুকুৱাবলৈহে ৰাহুল গান্ধীয়ে অহেতুক খং দেখুৱাইছে । ইউপিএ (UPA) চৰকাৰৰ দিনত শিক্ষাৰ বাজেট অতি নামমাত্র আছিল বুলিও তেওঁ মনত পেলাই দিয়ে ।
Gen-Z প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি:
বিজেপি সাংসদ কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘মই মোৰ গোটেই জীৱনত কেতিয়াও একেখন ঠাইতে ইমান নেতিবাচকতা আৰু কুপ্ৰথা দেখা নাই । GEN-Z-ৰ প্ৰতিবাদৰ সৈতে জড়িত এই ৰিলসমূহ দেখি মোৰ বেয়া লাগিছে । মানুহে যিদৰে কথা কৈছে আৰু যি ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে, সেয়া মোৰ বাবে অতি আপত্তিজনক আৰু অসভ্য যেন লাগিছে । মই মোৰ জীৱনত কেতিয়াও একেলগে প্ৰতিটো ৰীলতে ইমান আচহুৱা আৰু কুৎসিত একো দেখা নাই । তেওঁলোকক কোনে জন্ম দিলে আৰু লালন-পালন কৰিলে ?’
প্ৰতিবাদৰ নামত সামাজিক মাধ্যম সমূহত সৃষ্টি হোৱা এই পৰিবেশে তেওঁক মানসিকভাৱে বিচলিত কৰা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে নিজক শান্ত কৰিবলৈ আৰু মানসিক সুস্থতাৰ বাবে তেওঁ কিছু দিনৰ বাবে ছ’চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত থাকিব ।
লগতে পঢ়ক : ‘ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ নিৰ্দেশ কোনে দিছিল?’ অমিত শ্বাহলৈ ৰাহুল গান্ধীৰ পত্ৰ