“মানুহে কয় মই গে”: বিবাহ বিচ্ছেদৰ পিছত চলা চৰ্চাক লৈ মৌনী ৰয়ৰ প্ৰতিক্ৰিয়া

বলীউডৰ বিখ্যাত অভিনেত্ৰী মৌনী ৰয় পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰি আছে। শেহতীয়াকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত ট্ৰ’ল কৰা হৈছিল, যাৰ উপযুক্ত উত্তৰ দিছে অভিনেত্ৰী গৰাকীয়ে।

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মৌনী ৰয় বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনক লৈ চৰ্চাত আছে। স্বামী সূৰজ নাম্বিয়াৰৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত জীৱন আৰু যৌন অভিমুখিতাকলৈ ছচিয়েল মিডিয়াত চলি থকা বিতৰ্কৰ ওপৰত মুকলিকৈ মন্তব্য কৰিছে।

মৌনী ৰয়ে তেওঁক লক্ষ্য কৰি ট্ৰোল কৰা সকলক এক উচিত প্ৰত্যুত্তৰ দিছে, যিসকলে আজিকালি তেওঁক লৈ বিভিন্ন আচৰিত উৰাবাতৰি বিয়পাই ফুৰিছে। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁৰ বিষয়ে বিয়পোৱা আটাইতকৈ আচৰিত উৰাবাতৰিটো আছিল যে তেওঁ এগৰাকী ‘গে’ (লেচবিয়ান)। এই খবৰটো পোহৰলৈ অহাৰ পিছৰে পৰা অনুৰাগীসকলৰ মাজত আৰু ছচিয়েল মিডিয়াত পুনৰ তোলপাৰ লাগিছে।

আচলতে, শেহতীয়াকৈ মৌনী ৰয়ে এটা ভিডিঅ’ত এই উৰাবাতৰিৰ সন্দৰ্ভত মৌনতা ভংগ কৰে। এই বিষয়ত অভিনেত্ৰীগৰাকীয়ে কোনো সংকোচ নকৰাকৈ কয় যে “আৰে, এইটোৱেই যে মই গে।” মৌনীয়ে অতি পাতল মেজাজত ইয়াৰ উত্তৰ দিয়ে আৰু স্পষ্ট কৰি দিয়ে যে তেওঁ এনে ধৰণৰ জল্পনা-কল্পনাক গুৰুত্বসহকাৰে নলয়। যোৱা কিছু সময় ধৰি তেওঁৰ ব্যক্তিগত জীৱন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু ছচিয়েল মিডিয়াত তেওঁৰ সম্পৰ্ক তথা বন্ধুত্বক লৈ বিভিন্ন ধৰণৰ অনুমান কৰা হৈছে।

অভিনেত্ৰী মৌনীয়ে লগতে কয় যে সূৰজৰ পৰা পৃথক হোৱাৰ পিছত তেওঁ বহু অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কৃতজ্ঞ যে তেওঁৰ আপোনসকল তেওঁৰ কাষত আছিল। তেওঁ কয়, “মই নিজকে বহুত ভাগ্যৱান বুলি ভাবো যে মোৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকল সদায় মোৰ লগত আছিল, যিসকলে মোৰ কাষত সদায় এক শিলৰ দৰে থিয় দিছিল।”

মৌনীয়ে তেওঁৰ বান্ধৱীসকলক বিশেষ কৃতিত্ব দি কয়, “মই সদায় মোৰ বান্ধৱীসকলৰ পৰা বহুত ভাল সমৰ্থন পাইছো। তেওঁলোকে মোৰ ভাল, বেয়া আৰু কঠিন সময়ত সদায় মোৰ কাষত আছিল। আপোনাৰ জীৱনত এনেকুৱা মহিলা থকাটো অতি প্ৰয়োজনীয়, যিসকলে সদায় আপোনাক চম্ভালে আৰু আগুৱাই লৈ যায়। মোৰ বান্ধৱীসকল শ্ৰেষ্ঠ। আজিকালিৰ ছোৱালীবোৰে আৰ্থিক আৰু মানসিক স্থিৰতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। আপুনি আৰ্থিক আৰু মানসিকভাৱে স্বাৱলম্বী হোৱা উচিত।”

লগতে পঢ়ক: আদালতত ছলমান খানৰ আবেদন; ‘কালা হিৰণ ছবিখনত তাৎক্ষণিক নিষেধাজ্ঞাৰ দাবী