১৭ দিন পিছত সন্ধান ওলাল সোনম ৰঘুবংশীৰ; স্বামীক পৰিকল্পিতভাৱে কৰিছিল হত্যা

পৰিকল্পিতভাৱে সোনম ৰঘুবংশীয়ে হত্যা কৰিছিল স্বামীক

ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত বৃহৎ সফলতা লাভ কৰিছে মেঘালয় আৰক্ষীয়ে।মধ্যপ্ৰদেশৰ পৰা তিনিজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে পত্নী গৰাকীয়ে আত্মসমৰ্পন কৰিছে।

জানিব পৰা মতে সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা উদ্ধাৰ কৰিছে পত্নী সোনম ৰঘুবংশীক।১৭ দিনৰ অন্তত গাজীপুৰৰ সোনম নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত পত্নীক উদ্ধাৰ কৰে আৰক্ষীয়ে।

ধাবাৰ পৰাই পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে কথা পাতিছিল তেওঁ, এতিয়া আৰক্ষীয়ে তেওঁলোকক জেৰা কৰি আছে যাতে এই গোচৰৰ ৰহস্য সমাধান হয়।

১৭ দিন পিছত অৰ্থাৎ ২০২৫ চনৰ ৯ জুনত গাজীপুৰৰ এখন ধাবাত সোনমক আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে তেওঁ ধাবাৰ পৰা পৰিয়ালক ফোন কৰি নিজৰ স্থান জনাইছিল।

লগে লগে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক খবৰ দিয়ে, তাৰ পাছত গাজীপুৰ আৰক্ষীয়ে সোনমক জিম্মাত লয়।সম্প্ৰতি আৰক্ষীয়ে মেঘালয়ৰ পৰা সোনম কেনেকৈ গাজীপুৰ পালেগৈ আৰু এই ১৭ দিনত তেওঁৰ কি হ’ল সেই কথা জানিবলৈ জেৰা অব্যাহত ৰাখিছে।

স্বামী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ সোণম ৰঘুবংশী

মেঘালয়ৰ ডিজিপি আই নোংৰাং এ কৈছে যে, মেঘালয়ত হানিমুনৰ সময়ত ইন্দোৰ ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি অভিযোগ উত্থাপন হোৱা পত্নীয়ে স্বামীক হত্যা কৰিবৰ বাবে হত্যাকাৰী নিয়োগ কৰিছিল।

এই হত্যাকাণ্ডৰ সৈতে জড়িত পত্নীসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।কোনো ধৰণৰ আঘাত পোৱা নাই সোনমে।তেওঁ সম্পূৰ্ণ সুস্থ আছে।

এই গোচৰৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাইও টুইট কৰিছে।তেওঁ লিখিছে যে ইন্দোৰ ৰাজা হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছে।

এগৰাকী গাইডে দেখিছিল সোণম আৰু হত্যাকাৰীক

জানিব পৰা মতে শনিবাৰে এজন পৰ্যটক গাইডে দাবী কৰিছিল যে ইন্দোৰৰ দম্পতী ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম যিদিনা মেঘালয়ৰ চহৰা অঞ্চলৰ পৰা নিৰুদ্দেশ হৈছিল, সেইদিনা তেওঁৰ লগত তিনিজন পুৰুষো আছিল।

পৰ্যটক গাইড গৰাকীয়ে কয় যে তেওঁ দম্পতীহালক চিনি পাইছিল কাৰণ তেওঁলোকক আগদিনা  নংগ্ৰিয়াটলৈ যাবলৈ তেওঁয়েই সেৱা আগবঢ়াইছিল, কিন্তু তেওঁলোকে বিনম্ৰভাৱে নাকচ কৰি আন এজন গাইডক নিয়োগ কৰিছিল।

আগে আগে স্বামী ৰাজাৰ সৈতে তিনিজন পুৰুষ গৈ আছিল আৰু পিছে পিছে মহিলা গৰাকী আছিল। তেওঁলোকে হিন্দীত কথা পাতি আছিল। কিন্তু মই একো বুজি পোৱা নাছিলো, কাৰণ মই খাচী আৰু ইংৰাজী হে বুজি পাওঁ।  

লগতে পঢ়ক: DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক! নিৰ্মাণ কৰিছে শত্ৰুক নিমিষতে ধ্বংস কৰিব পৰা মিছাইল

লকআপত পাব সুস্বাদু খাদ্য ; চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৪০ বছৰ পুৰণি এইখন আৰক্ষী থানা

লকআপত পাব সুস্বাদু খাদ্য

মেঘালয়ৰ সোহৰা (পূৰ্বতে চেৰাপুঞ্জী) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই হিচাবে জনাজাত । এই ঠাইখন এতিয়া আন এক কাৰণত বাতৰিৰ শিৰোনামলৈ আহিছে । ইয়াৰ ১৪০ বছৰীয়া থানাখন এতিয়া ট্ৰেণ্ডি কেফেলৈ ৰূপান্তৰিত হৈছে । এসময়ত ব্ৰিটিছ শাসনৰ সময়ত ভয় আৰু শাস্তিৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা এই থানাখনৰ লক-আপ এতিয়া সুস্বাদু খাদ্য আৰু স্মৰণীয় অভিজ্ঞতাৰ স্থানত পৰিণত হৈছে ।

কেফেখনৰ নাম ‘Sohra 1885’। এই থানাখন ১৮৮৫ চনত স্থাপিত হৈছিল । এইখনেই মেঘালয়ৰ আটাইতকৈ পুৰণি থানা, যিখন এতিয়া হেৰিটেজ কেফেলৈ ৰূপান্তৰিত হৈছে । বিশেষ কথাটো হ’ল এই ঠাইখন কেফেলৈ ৰূপান্তৰিত কৰাৰ উদ্যোগ আৰক্ষী বিষয়াসকলে নিজেই লৈছিল, যাতে আৰক্ষী বাহিনীৰ স্বাৰ্থত অতিৰিক্ত উপাৰ্জন হ’ব পাৰে ।

এই অনন্য প্ৰচেষ্টাৰ কৃতিত্ব পূব খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছায়ামৰ । তেওঁ কয় যে ডি এছ পি পদত থকাৰ সময়ত তেওঁ এই ঐতিহ্য ভৱনটোৰ সৈতে নতুন আৰু ইতিবাচক কিবা এটা কৰাৰ কথা ভাবিছিল । এই প্ৰস্তাৱে আৰক্ষী বিভাগৰ সমৰ্থন লাভ কৰে আৰু চৰকাৰে নতুন থানা ভৱন নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ।

ইয়াৰ পিছত পুৰণি থানাখন ব্যৱসায়িক কামত ব্যৱহাৰ কৰাৰ কাম আৰম্ভ হয় । দুবছৰ পূৰ্বে নিবিদা প্ৰক্ৰিয়াৰ অন্তত যুৱ উদ্যোগী নাফি নংৰুমক অংশীদাৰ হিচাপে লোৱা হৈছিল, যিয়ে এই থানাখনক ‘সোহৰা ১৮৮৫’ নামৰ কেফেলৈ ৰূপান্তৰিত কৰিছিল । য’ত পৰিৱেশন কৰা হয় সুস্বাদু খাদ্য ।

নংৰুমে কয় যে কেফেখনৰ ভিতৰৰ অংশ ব্ৰিটিছ যুগৰ বিষয়বস্তুৰ ওপৰত সজাই তোলা হৈছে । থানাৰ পুৰণি লকআপবোৰ এতিয়া ডাইনিং এৰিয়াত পৰিণত হৈছে । ব্ৰিটিছ যুগৰ পুৰণি চেফ, মজিয়া আৰু জুইশলাও সংৰক্ষণ কৰা হৈছে । ২০০ কিলোগ্ৰাম ওজনৰ এটা ছেফক পুনৰ ৰং কৰা হৈছে আৰু আকৰ্ষণীয় ৰূপ দিয়া হৈছে ।

কেফেখনত বহাৰ ক্ষমতা প্ৰায় ১০০ জন । ২২ মে’ত উদ্বোধন হোৱাৰ পিছৰে পৰা এই ঠাইখন স্থানীয় লোক আৰু পৰ্যটকৰ মাজত জনপ্ৰিয় হৈ পৰিছে । কেৱল কেফে নহয়, ইতিহাস, ঐতিহ্য আৰু আতিথ্যৰ এক আচৰিত মিশ্ৰণ । ইয়াত মানুহে লকআপৰ দৰে ঠাইত বহি সুস্বাদু খাদ্য খোৱাৰ অনন্য অভিজ্ঞতা লাভ কৰিছে ।

লগতে পঢ়ক : অধিক ভয়াৱহ হৈ পৰিছে উত্তৰ-পূবৰ বান পৰিস্থিতি: এতিয়ালৈকে ৪৩ জনৰ মৃত্যু, সাত লাখ লোক ক্ষতিগ্ৰস্ত