বিপদত মহম্মদ চিৰাজ আৰু ট্ৰেভিছ হেড, আই চি চিয়ে প্ৰদান কৰিলে কঠোৰ শাস্তি

এডিলেইড টেষ্টত ভাৰতীয় দলৰ পৰাজয়ৰ দুখ অনুৰাগীয়ে নাপাহৰোতেই আন এক বেয়া খবৰ প্ৰকাশ পাইছে । মেচখনত বেগী বলাৰ মহম্মদ চিৰাজ আৰু অষ্ট্ৰেলিয়াৰ বেটছমেন ট্ৰেভিছ হেডৰ মাজত বাকযুদ্ধ দেখা গৈছিল । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে এই যুঁজখনক লৈ বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে । এডিলেইডত সংঘৰ্ষৰ পিছত দুয়োগৰাকী খেলুৱৈয়ে নিজৰ মৌনতা ভংগ কৰি ইজনে সিজনৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে । ইয়াৰ পিছত এই বিষয়টোৱে গতি লাভ কৰে । এতিয়া এই সন্দৰ্ভত আই চি চিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ঘটনাটো কি-

এডিলেইড টেষ্টত ভাৰতীয় দলৰ সন্মুখত দেৱাল হৈ থিয় দিছিল ট্ৰেভিছ হেড । তেওঁ ভাৰতীয় বলাৰক বেটিং পৰাক্ৰমেৰে ব্যতিব্যস্ত কৰি তুলিছিল, য’ত ছিৰাজো অন্তৰ্ভুক্ত আছিল । হেডে চিৰাজক তীব্ৰ প্ৰহাৰ কৰিছিল । কিন্তু যেতিয়া মহম্মদ ছিৰাজে ট্ৰেভিছ হেডৰ উইকেট দখল কৰে তেতিয়া তেওঁক অতি আক্ৰমণাত্মক দেখা গৈছিল । দুয়োৰে মাজত বাকযুদ্ধৰ সৃষ্টি হয় । মেচৰ অন্তত ট্ৰেভিছ হেডে কয় যে তেওঁ চিৰাজৰ প্ৰশংসা কৰিছিল আৰু বেগী বলাৰজনে তেওঁৰ প্ৰতি বেয়া আচৰণ কৰিছিল । একে সময়তে ছিৰাজে হেডৰ বক্তব্য নাকচ কৰি হেডে তেওঁক গালি-গালাজ কৰা বুলি প্ৰকাশ কৰে । এতিয়া আই চি চিয়ে দুয়োজন খেলুৱৈক কঠোৰ শাস্তি বিহিছে ।

দুয়োজন খেলুৱৈয়ে শাস্তি পালে-

মহম্মদ চিৰাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আই চি চিয়ে তেওঁৰ মেচ মাচুলৰ ২০ শতাংশ জৰিমনা বিহিছে । কিন্তু ট্ৰেভিছ হেডৰ ওপৰত কোনো পেনাল্টি আৰোপ কৰা হোৱা নাই, বৰঞ্চ তেওঁক আই চি চিয়ে ১ ডেমিৰেট পইণ্ট দিছে । আই চি চিৰ আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, ‘চিৰাজ আৰু হেডক অনুশাসনমূলক ৰেকৰ্ডত ১-১ ডিমেৰিট পইণ্ট দিয়া হৈছে, যিটো যোৱা ২৪ মাহত তেওঁলোকৰ প্ৰথম অপৰাধ ।’

চিৰাজ আৰু হেডৰ ওপৰত কোনো মেচ নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই । আই চি চিয়ে চিৰাজক আচৰণ বিধিৰ ২.৫ অনুচ্ছেদ উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰাৰ বিপৰীতে হেডৰ বিৰুদ্ধে আচৰণ বিধিৰ ২.১৩ অনুচ্ছেদ উলংঘা কৰি ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰতীয় দলটোৱে খেলখনত ১০ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । এতিয়া পৰৱর্তী মেচত টিম ইণ্ডিয়াই কেনে প্রদর্শন কৰিব সেয়া লক্ষ্যণীয় হ’ব ।

এডিলেড টেষ্টত মহম্মদ চিৰাজৰ ভয়ংকৰ কাণ্ড;  আইচিচিয়ে দিব পাৰে শাস্তি!  

ভাৰতৰ দ্ৰুত বলাৰ মহম্মদ চিৰাজে এডিলেডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা দিবা-নিশাৰ টেষ্ট মেচৰ সময়ত এনে এক কাম কৰিলে, যাৰ ফলত হুলস্থূলৰ সৃষ্টি হৈছিল।

আইচিচিয়ে মহম্মদ চিৰাজৰ ওপৰত শক্তিশালী পদক্ষেপ ল’ব পাৰে।  এডিলেডত অনুষ্ঠিত হোৱা দ্বিতীয় খন টেষ্ট মেচৰ প্ৰথম দিনা মহম্মদ চিৰাজে  এনে এক কাম কৰিলে, যাৰ ফলত হঠাতে পৰিৱেশ গৰম হৈ পৰিছিল।

দৰাচলতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম ইনিংছত মহম্মদ চিৰাজে বলটো অপ্ৰয়োজনীয়ভাৱে কেংগাৰু বেটছমেন মাৰ্নাছ লাবুচাগনেৰ ফালে দলিয়াই দিয়ে।

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত, মহম্মদ চিৰাজে ২৫ তম অভাৰত বল কৰিবলৈ আহিছিল। কেংগাৰু বেটছমেন মাৰ্নাছ লাবুচাগেনে হঠাতে মহম্মদ চিৰাজক ২৫ তম অভাৰৰ পঞ্চম বলটো কৰাত বাধা দিছিল।

তেতিয়াই মহম্মদ চিৰাজৰ মাৰ্নাছ লাবুচাগনেৰ ওপৰত খং উঠে আৰু খঙতে মহম্মদ চিৰাজে বলটো মাৰ্নাছ লাবুচাগনেৰ ফালে দলিয়াই দিছিল। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

খেলপথাৰৰ মাজত খং দেখুওৱা আৰু বলটো মাৰ্নাছ লাবুচাগনেৰ ফালে দলিয়াই দিয়াটোয়ে তেওঁক ক্ষতি কৰিব পাৰে।  

বলটো অপ্ৰয়োজনীয়ভাৱে বেটছমেনলৈ দলিয়াই দিয়াটো আইচিচিৰ আচৰণ বিধিৰ উলংঘন আৰু ইয়াৰ বাবে, মহম্মদ চিৰাজক শাস্তি দিব পাৰি।

আইচিচিআচৰণ বিধিৰ স্তৰ ২.৯ অনুসৰি, যদি এজন বলাৰে আন্তৰ্জাতিক খেলৰ সময়ত এজন খেলুৱৈৰ ফালে অন্যায় আৰু বিপদজনক ভাৱে বলটো দলিয়াই দিয়ে, তেন্তে তেওঁ ডাঙৰ শাস্তি পাব।

আন্তৰ্জাতিক খেলৰ সময়ত খেলুৱৈ, খেলুৱৈ সহায়ক কৰ্মচাৰী, আম্পায়াৰ, মেচ ৰেফাৰী বা যিকোনো তৃতীয় ব্যক্তিৰ ওপৰত বলটো (বা আন যিকোনো ক্ৰিকেট সঁজুলি যেনে পানীৰ বটল) অনুপযুক্ত বা বিপদজনকভাৱে নিক্ষেপ কৰাটো আইচিচিৰ আচৰণ বিধিৰ উলংঘন।