ভূপেন্দ্ৰ পেটেলৰ নতুন মন্ত্ৰীসভা: ৰিভাবা জাদেজাকে ধৰি ১৯গৰাকী নতুন মন্ত্ৰীৰ শপতগ্ৰহণ
ভূপেন্দ্ৰ পেটেলৰ নতুন মন্ত্ৰীসভা
আজি গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নতুন মন্ত্ৰীসভা গঠন কৰা হয়।গান্ধীনগৰৰ মহাত্মা মন্দিৰত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।
মুঠ ২৫ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে।নতুন মন্ত্ৰীসভাত ছয় পুৰণি মুখকো সুযোগ দিয়া হৈছে।২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে এই পৰিৱৰ্তন কৰা হৈছে।য’ত আঞ্চলিক আৰু জাতিগত ভাৰসাম্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে।
এই বৃহৎ সালসলনিত জাতিগত আৰু আঞ্চলিক ভাৰসাম্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল।কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীসকলক বিভিন্ন অঞ্চলৰ পৰা গ্ৰেডযুক্ত পদ্ধতিৰে নিৰ্বাচিত কৰা হৈছিল। একাংশ প্ৰাক্তন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিয়েই মন্ত্ৰী হোৱাৰ সুযোগ পাইছে।
ড° প্ৰদ্যুমান বাজাই ভূপেন্দ্ৰ পেটেলৰ কেবিনেট ২.০ৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিছে। ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে তেওঁক শপত গ্ৰহণ কৰোৱাই।বাজা কোডিনাৰ সমষ্টিৰ বিধায়ক ।
অৰ্জুন মধৱাদিয়াকো পেটেলৰ কেবিনেটত স্থান লাভ দিয়া হৈছে। ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে তেওঁক শপতপাঠ কৰোৱাই।
এই শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী পেটেলে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক নতুন মন্ত্ৰীৰ তালিকা দাখিল কৰিছিল।
উল্লেখ্য যে গুজৰাটত নতুন মন্ত্ৰীসভা গঠনৰ এদিন পূৰ্বে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী পেটেলৰ বাহিৰে ৰাজ্যৰ ১৬ জন মন্ত্ৰীয়ে পদত্যাগ কৰিছিল।গুজৰাটৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী পেটেলকে ধৰি ১৭জন মন্ত্ৰী আছিল।তাৰে আঠজন কেবিনেট মন্ত্ৰী আছিল।
লগতে পঢ়ক: বিহাৰ নিৰ্বাচন: কংগ্ৰেছে প্ৰকাশ কৰিলে ৪৮ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা