গুৱাহাটী টেষ্টৰ প্ৰথম দিনৰ খেল সমাপ্ত
২২ নৱেম্বৰ, শনিবাৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে দুখন মেচৰ শৃংখলাৰ দ্বিতীয়খন তথা অন্তিমখন টেষ্ট । গুৱাহাটী টেষ্টৰ প্ৰথম দিনটোৰ অন্তত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ৬ উইকেটত ২৪৭ ৰান সংগ্ৰহ কৰে । ছেনুৰন মুথুছামীয়ে ২৫ ৰান আৰু কাইল ভেৰেইনে ১ ৰানত অপৰাজিত হৈ থাকে ।কুলদীপ যাদৱে ভাৰতৰ হৈ এতিয়ালৈকে সৰ্বাধিক তিনিটা উইকেট দখল কৰিছে ।
প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই শক্তিশালী আৰম্ভণি কৰে । অ’পেনাৰ এইডেন মাৰ্ক্ৰাম আৰু ৰিয়ান ৰিকেলটনে ডেৰশ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । এই অংশীদাৰিত্ব ভংগ কৰে যশপ্ৰীত বুহৰাহে, যিয়ে মাৰ্কৰাম (৩৮)ক বল্ড কৰে । তাৰ পাছত টি ব্ৰেকৰ লগে লগে কুলদীপ যাদৱে ৰিকেলটনক ৩৫ ৰানত আউট কৰে । ইয়াৰ পাছতে টেম্বা বাভুমা আৰু ট্ৰিষ্টান ষ্টাবছে তৃতীয় উইকেটত ৮৪ ৰান সংযোজন কৰে । বাভুমাক ৪১ ৰানত আউট কৰে ৰবীন্দ্ৰ জাডেজাই ।
টেম্বা বাভুমাৰ পিছতে ভাৰতে ট্ৰিষ্টান ষ্টাবছৰ (৪৯ ৰান) উইকেটো লাভ কৰে । কুলদীপ যাদৱে আউট কৰে তেওঁক । কুলদীপে মুল্ডাৰকো আউট কৰে । এই সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ ২০১/৫ আছিল । প্ৰথম দিনৰ খেলত দক্ষিণ আফ্ৰিকাৰ ষষ্ঠ উইকেটটো আছিল টনি ডি জোৰ্জী, যাক মহম্মদ চিৰাজে ২৮ ৰানত আউট কৰে ।
উইকেটৰ পতন : ১-৮২ (এইডেন মাৰ্ক্ৰাম, ২৬.৫ অভাৰ), ২-৮২ (ৰিয়ান ৰিকেলটন, ২৭.২ অভাৰ), ৩-১৬৬ (টেম্বা বাভুমা, ৫৭.২ অভাৰ), ৪-১৮৭ (ট্ৰিষ্টান ষ্টাবছ, ৬৩.১ অভাৰ), ৫-২০১ (ৱিয়ান মুল্ডাৰ, ৬৭.১ অভাৰ), ৬-২৪৬ (টনি ডি জোৰ্জি, ৮১.১ অভাৰ) ।
ভাৰত-দক্ষিণ আফ্ৰিকাৰ মূল একাদশত পৰিৱৰ্তন ?
গুৱাহাটী টেষ্টৰ বাবে ভাৰতীয় দলটোৱে মূল একাদশত দুটা পৰিৱৰ্তন কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দলটোৱে এটা পৰিৱৰ্তন কৰিছে । শুভমন গীলৰ ঠাইত নীতিশ ৰেড্ডীক দলত অন্তৰ্ভূক্ত কৰা হৈছে । দলৰ পৰা অক্ষৰ পেটেলক বাদ দিয়াৰ লগতে দলত অন্তৰ্ভুক্ত কৰা হয় ছাই সুদৰ্শনক । দক্ষিণ আফ্ৰিকাৰ দলটোৱেও এটা পৰিৱৰ্তন কৰে । কৰ্বিন বছৰ ঠাইত স্পীনাৰ ছেনুৰাণ মুথুছামিয়ে এই মেচত খেলিছে । আফ্ৰিকান দলটোৱে তিনিজন স্পীনাৰক লৈ এই মেচত নামিছে । ইতিমধ্যেই দলটোত কেশৱ মহাৰাজ আৰু চাইমন হাৰ্মাৰ আছে ।
গুৱাহাটী টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ : যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল, ঋষভ পন্ট (অধিনায়ক, উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, নীতিশ ৰেড্ডী, ছাই সুদৰ্শন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।
গুৱাহাটী টেষ্টত আৰম্ভ হৈছে এক নতুন পৰম্পৰা-
গুৱাহাটীত এইখন প্ৰথম টেষ্ট মেচ । পুৱা ৮:৩০ বজাত টছ অনুষ্ঠিত হয় আৰু পুৱা ৯ বজাৰ পৰা মেচ আৰম্ভ হয় । পাঁচোটা দিনতে প্ৰথম অধিবেশন পুৱা ৯ বজাৰ পৰা ১১ বজালৈ হ’ব, তাৰ পিছত ২০ মিনিটৰ চাহ বিৰতি । দ্বিতীয় অধিবেশন পুৱা ১১:২০ বজাৰ পৰা ১:২০ বজালৈ হ’ব । দ্বিতীয় অধিবেশনৰ পিছত ৪০ মিনিটৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি দিয়া হ’ব । বিয়লি ২ বজাৰ পৰা ৪ বজালৈ হ’ব চূড়ান্ত অধিবেশন । যদিহে নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ অভাৰ সম্পূৰ্ণ নহয়, তেন্তে খেলখন আধা ঘণ্টা বৃদ্ধি কৰা হ’ব, অৰ্থাৎ বিয়লি ৪:৩০ বজালৈকে খেলখন চলিব পাৰে ।
লগতে পঢ়ক : ভাৰতৰ ৩০ সংখ্যক টেষ্ট চেন্টাৰ হিচাবে পৰিগণিত বৰ্ষাপাৰা ষ্টেডিয়াম; এতিয়ালৈকে এইসমূহ গ্ৰাউণ্ডত হৈছে প্ৰতিদ্বন্দ্বিতা…