ডুবাইৰ পাম জুমেইৰাত ইৰাণৰ মিছাইল আক্ৰমণ; খালী কৰোৱা হৈছে বুৰ্জ খলিফা
ডুবাইৰ পাম জুমেইৰাৰ ফেয়াৰমন্ট হোটেলতো ক্ষেপণাস্ত্ৰই আঘাত কৰিছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।
শনিবাৰে ইৰাণৰ ৩০খন চহৰক লক্ষ্য কৰি আমেৰিকা আৰু ইজৰাইলে যৌথ বিমান আক্ৰমণ চলায় । এই আক্ৰমণৰ পিছতেই শক্তিশালী প্ৰত্যুত্তৰ দিয়ে ইৰাণে । দেশখনে অপাৰেচন ফাটাহ-ই-জুঙৰ অধীনত মধ্যপ্ৰাচ্যৰ আঠখনতকৈও অধিক দেশক আক্ৰমণ কৰি অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰে ।
শেহতীয়াকৈ ডুবাই আৰু আবুধাবিত বিস্ফোৰণৰ খবৰ প্ৰকাশ পাইছে । ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়, যাৰ ফলত পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো বিমান সেৱা বন্ধ কৰি দিয়া হয় । ডুবাইৰ পাম জুমেইৰাৰ ফেয়াৰমন্ট হোটেলতো ক্ষেপণাস্ত্ৰই আঘাত কৰিছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।
ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে পৰ্যটকৰ মাজত জনপ্ৰিয় এই অট্টালিকাটোত জুই জ্বলি উঠিছে আৰু আকাশলৈ ধোঁৱাৰ ঢৌ উঠিছে । হোটেলখনৰ এক বৃহৎ অংশ জুয়ে আগুৰি ধৰিছে । প্ৰত্যক্ষদৰ্শীৰ মতে, তেওঁলোকে বিস্ফোৰণৰ শব্দ শুনিছিল আৰু ডুবাইৰ আইকনিক লেণ্ডমাৰ্ক দ্য পামৰ পৰা ধোঁৱাৰ ঢৌ উঠি অহা দেখিছিল ।
খালী কৰোৱা হৈছে বুৰ্জ খলিফা-
মধ্যপ্ৰাচ্যৰ বাণিজ্যিক কেন্দ্ৰ তথা বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাৰ স্থান ডুবাইৰ বাসিন্দাসকলে আকাশৰ মাজেৰে দ্ৰুতগতিত উৰি যোৱা ক্ষেপণাস্ত্ৰ দেখাৰ বাতৰি প্ৰকাশ কৰিছে । খবৰ অনুসৰি বুৰ্জ খলিফা খালী কৰোৱা হৈছে ।
উল্লেখ্য যে, আজি পুৱা তেহৰাণত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত ইৰানে প্ৰতিশোধমূলক আবুধাবি আৰু উপসাগৰীয় কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই । কেইবাখনো দেশত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হয় । ইৰাণৰ ক্ষেপণাস্ত্ৰই আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ধ্বংস লীলাৰ সৃষ্টি কৰে । ইৰাণে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ কেইবাটাও সামৰিক ঘাটিৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী নাছিৰজাদেহৰ মৃত্যুৰ দাবী