আই চি চিয়ে ঘোষণা কৰিলে বাম্পাৰ প্ৰাইজ মানি; WTC বিজেতা দলে পাব বৃহৎ পৰিমণাৰ ধন

আই চি চি য়ে বৃহস্পতিবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ৰ পুৰস্কাৰৰ ধনৰ পৰিমাণ ঘোষণা কৰিছে । ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত ১১-১৫ জুনলৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ীৰ বাবে বৃহৎ পৰিমণাৰ ধন ঘোষণা কৰিছে।

দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বিজয়ী দলটোৱে ৩.৬ মিলিয়ন ডলাৰ লাভ কৰিব। যিটো ভাৰতীয় হিচাপত প্ৰায় ৩০ কোটি ৮ লাখ টকা।যিটো পূৰ্বৰ দুটা ছিজনতকৈ দুগুণ বেছি।

উল্লেখ্য যে আইচিচিয়ে পুৰস্কাৰৰ ধন বৃদ্ধি কৰি টেষ্ট ক্ৰিকেটৰ প্ৰচাৰৰ চেষ্টা চলাইছে।  এইবাৰ তৃতীয়-চতুৰ্থ স্থানৰ পৰা শেষৰ স্থানলৈকে কোনো দল খালী হাতেৰে উভতি যাব লগা নহয়।

যোৱা দুখন ফাইনেল খেলা ভাৰতে এইবাৰ তৃতীয় স্থান দখল কৰাৰ লগতে ১২ কোটি টকাৰ পুৰস্কাৰো লাভ কৰিবলৈ গৈ আছে।

আইচিচিয়ে কেৱল বিজয়ী আৰু ৰানাৰ্ছ আপৰেই নহয়, আন দলৰো ধনৰ পৰিণাম বৃদ্ধি কৰিছে। তৃতীয় স্থানত থকা টিম ইণ্ডিয়াই ১২ কোটি লাভ কৰাৰ লগতে টেবুলৰ নৱম স্থানত থকা পাকিস্তানেও প্ৰায় ৪১ লাখ টকা লাভ কৰিব।

একে সময়তে ২০২১ চনৰ ফাইনেলত বিজয়ী আৰু এইবাৰ চতুৰ্থ স্থান লাভ কৰা নিউজিলেণ্ডে প্ৰায় ১০.২ কোটি টকা লাভ কৰিব ।