কিয় পালন কৰা হয় বিশ্ব ছাত্ৰ দিৱস ? জানক এই দিনটোৰ তাৎপৰ্য আৰু ইয়াৰ আঁৰৰ কাহিনী
কিয় পালন কৰা হয় বিশ্ব ছাত্ৰ দিৱস ?
ভাৰতৰ একাদশ সংখ্যক ৰাষ্ট্ৰপতি ড° এ.পি.জে. আব্দুল কালামে কৈছিল, “সপোন সেয়া নহয় যি আমি শুই থকা অৱস্থাত দেখোঁ, সপোন সেয়াহে যিয়ে আমাক শুবলৈ নিদিয়ে ।” ছাত্ৰ-ছাত্ৰীৰ প্ৰতি তেওঁৰ গভীৰ স্নেহ আৰু প্ৰেৰণাদায়ক ব্যক্তিত্বই তেওঁক ছাত্ৰ-ছাত্ৰীৰ মাজত “পিপলছ প্ৰেচিডেন্ট” হিচাপে পৰিচিত কৰি তুলিছিল । প্ৰতি বছৰে ১৫ অক্টোবৰত তেওঁৰ জন্মদিৱসত শিক্ষাৰ গুৰুত্ব আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকাক আলোকপাত কৰি বিশ্ব ছাত্ৰ দিৱস পালন কৰা হয় ।
বিশ্ব ছাত্ৰ দিৱসৰ উদ্দেশ্য-
বিশ্ব ছাত্ৰ দিৱসৰ উদ্দেশ্য হৈছে শিক্ষাৰ ক্ষেত্ৰত সম সুযোগৰ প্ৰসাৰ, উদ্ভাৱনৰ মনোভাৱক উৎসাহিত কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ অৱদানক সন্মান জনোৱা । এই দিনটোৱে আমাক ড° কালামৰ বিশ্বাসৰ কথা মনত পেলাই দিয়ে যে শিক্ষাই কেৱল ব্যক্তিকে নহয়, সমগ্ৰ সমাজখনকে সলনি কৰিব পাৰে ।
ইতিহাস আৰু পটভূমি-
ড০ কালামৰ শৈক্ষিক উত্তৰাধিকাৰ আৰু তেওঁ স্থাপন কৰা আদৰ্শক সন্মান জনোৱাৰ বাবে ৰাষ্ট্ৰসংঘই ১৫ অক্টোবৰ দিনটো বিশ্ব ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰে । ড০ কালাম কেৱল এজন বিজ্ঞানী আৰু মিছাইল কাৰ্যসূচীৰ পথ প্ৰদৰ্শক নাছিল, ছাত্ৰ-ছাত্ৰীসকলক সদায় ডাঙৰ সপোন দেখি সেইবোৰ বাস্তৱত পৰিণত কৰিবলৈ অনুপ্ৰাণিত কৰা এজন শিক্ষকো আছিল ।
তেওঁ প্ৰায়ে বিদ্যালয় আৰু বিশ্ববিদ্যালয় ভ্ৰমণ কৰিছিল, য’ত তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতে জীৱন, বিজ্ঞান আৰু আত্মবিশ্বাসৰ বিষয়ে প্ৰেৰণাদায়ক চিন্তাধাৰা ভাগ কৰিছিল । শিক্ষাৰ ভূমিকা, আত্মনিৰ্ভৰশীলতা আৰু সমাজসেৱাৰ মনোভাৱ তেওঁৰ ভাষণত সদায় প্ৰধান আছিল ।
ৰাষ্ট্ৰসংঘৰ হৈ ২০১০ চনত প্ৰথমবাৰৰ বাবে ভাৰত ৰত্নৰে সন্মানিত ড০ এ.পি.জে. আব্দুল কালামৰ ৭৯ সংখ্যক জন্ম বাৰ্ষিকীক বিশ্ব ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰা হয় । তেতিয়াৰ পৰাই প্ৰতি বছৰে ১৫ অক্টোবৰত বিশ্ব ছাত্ৰ দিৱস পালন কৰি অহা হৈছে । ড০ এ পি জে আব্দুল কালামৰ গুৰুত্বপূৰ্ণ ভূমিকা, কৃতিত্ব আৰু ছাত্ৰ-ছাত্ৰীক দিয়া প্ৰেৰণা আজিও স্মৰণীয় হৈ আছে । শিক্ষাৰ্থীক নিজ নিজ বিষয়ত পাকৈত কৰি তোলাৰ দায়িত্ব শিক্ষকে সমাজৰ নিৰ্মাতা বুলি তেওঁ বিশ্বাস কৰিছিল । কালামে সমগ্ৰ জীৱন শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল ।
বিশ্ব ছাত্ৰ দিৱসৰ গুৰুত্ব-
ছাত্ৰ-ছাত্ৰীৰ কৃতিত্বক সন্মান জনোৱাৰ লগতে শিক্ষাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা আৰু শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় । ড০ কালামে বিশ্বাস কৰিছিল যে প্ৰতিজন ছাত্ৰৰ “চেঞ্জমেকাৰ” হোৱাৰ সম্ভাৱনা আছে, তেওঁক মাত্ৰ সঠিক দিশ আৰু সুযোগৰ প্ৰয়োজন ।
লগতে পঢ়ক : আই আই টি মাদ্ৰাজৰ ডাঙৰ পদক্ষেপ!সৰু চহৰৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেচমেণ্ট প্লেটফৰ্ম