জুন মাহত ১৪ মাহৰ সৰ্বোচ্চ স্তৰত উপনীত ভাৰতৰ উৎপাদন খণ্ড; ৰপ্তানি আৰু নিয়োগত উত্থান

জুন মাহত ১৪ মাহৰ সৰ্বোচ্চ স্তৰত উপনীত ভাৰতৰ উৎপাদন খণ্ড

বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতৰ উৎপাদন খণ্ডত অথবা মেনুফেকচাৰিং চেক্টৰত শক্তিশালী বিকাশৰ সূত্ৰপাত ঘটিছে । এই কথা এইচ এছ বি চি ইণ্ডিয়া মেনুফেকচাৰিং পাৰ্চেজিং মেনেজাৰছ ইনডেক্স (পি এম আই)ৰ তথ্যই নিশ্চিত কৰিছে । এই সূচকাংক মে’ মাহত ৫৭.৬ৰ পৰা জুন মাহত ৫৮.৪ লৈ বৃদ্ধি পাইছে । এইচ এছ বি চিৰ তথ্য অনুসৰি ১৪ মাহৰ ভিতৰত এইটোৱেই সৰ্বোচ্চ স্তৰ । পি এম আইৰ সংখ্যা দীৰ্ঘম্যাদী গড় ৫৪.১ৰ বহু ওপৰত । ইয়াৰ দ্বাৰা ব্যৱসায়িক পৰিস্থিতিৰ শক্তিশালী উন্নতিৰ ইংগিত পোৱা গৈছে ।

জুন মাহত আন্তঃৰাষ্ট্ৰীয় অৰ্ডাৰ তীব্ৰভাৱে বৃদ্ধি পাইছে । ২০০৫ চনত এই সমীক্ষা আৰম্ভ হোৱাৰ পিছত ৰপ্তানিৰ চাহিদা তৃতীয় দ্ৰুতগতিত বৃদ্ধি পাইছে । কোম্পানীসমূহে বেছিভাগেই আমেৰিকাক চাহিদাৰ প্ৰধান উৎস হিচাপে উল্লেখ কৰিছে । এই প্ৰবল বিশ্বব্যাপী আগ্ৰহে সামগ্ৰিক বিক্ৰী আৰু উৎপাদন খণ্ডৰ বৃদ্ধিত সহায় কৰিছে ।

২০২৪ চনৰ এপ্ৰিল মাহৰ পিছত আটাইতকৈ দ্ৰুত হাৰত উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে, যিটো মূলতঃ মধ্যৱৰ্তী সামগ্ৰী নিৰ্মাতাসকলৰ দ্বাৰা পৰিচালিত হৈছে । কিন্তু গ্ৰাহক আৰু মূলধনী সামগ্ৰী উৎপাদকসকলৰ বৃদ্ধি লেহেমীয়া হোৱা দেখা গৈছে । সক্ৰিয় বিপণন প্ৰচেষ্টা আৰু বৃদ্ধি পোৱা ৰপ্তানিৰ দ্বাৰা সমৰ্থিত নতুন অৰ্ডাৰসমূহো অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে ।

প্ৰবল চাহিদা বৃদ্ধিৰ ফলত কৰ্মসংস্থাপনৰ অভিলেখ বৃদ্ধি পায় । মে’ মাহত সুস্থিৰ হোৱাৰ পিছত জুন মাহত কামৰ বেকলগ বৃদ্ধি পায়, যাৰ ফলত বহু কোম্পানীয়ে অধিক কৰ্মচাৰী নিযুক্তি দিবলৈ বাধ্য হয় । এই নিযুক্তিৰ বেছিভাগেই হ্ৰস্বম্যাদী প্ৰয়োজনীয়তাৰ বাবে আছিল, যাৰ লক্ষ্য আছিল বৃদ্ধি পোৱা কামৰ বোজা চম্ভালিব পৰা ।

এইচ এছ বি চিৰ তথ্য অনুসৰি লোহা আৰু তীখাৰ দৰে কেঁচামালৰ দাম অধিক হৈয়েই আছে । সামগ্ৰিকভাৱে ইনপুট খৰচৰ মুদ্ৰাস্ফীতি ফেব্ৰুৱাৰী মাহৰ পিছত সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পাইছে আৰু ঐতিহাসিক গড়ৰ তলত আছে ।

ইয়াৰ পিছতো কোম্পানীসমূহে অধিক খৰচ নিজৰ গ্ৰাহকলৈ প্ৰেৰণ কৰাৰ লগে লগে মালবাহী, শ্ৰম আৰু সামগ্ৰীকে ধৰি বিক্ৰীৰ মূল্য বৃদ্ধি পাই থাকিল । বহু প্ৰতিষ্ঠানে কয় যে তেওঁলোকে প্ৰবল চাহিদাৰ বাবেই মূল্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । প্ৰস্তুতকাৰীসকলে কেঁচামালৰ ক্ৰয়ো বৃদ্ধি কৰে, যিটো ১৪ মাহৰ ভিতৰত ক্ৰয় কাৰ্যকলাপৰ আটাইতকৈ শক্তিশালী বৃদ্ধিৰ চিন ।

লগতে পঢ়ক : টিকট বুকিঙৰ পৰা এ টি এমৰ পৰা ধন উলিওৱালৈকে…১ জুলাইৰ পৰা সলনি হ’ব ৪টা ডাঙৰ নিয়ম !

এফ ডি আই ৪৫ শতাংশ বৃদ্ধি , এই খণ্ডসমূহত আহিছে সৰ্বাধিক বিদেশী বিনিয়োগ

২০২৪ চনৰ এপ্ৰিল-ছেপ্টেম্বৰত ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ  ডি  আই) ৪৫ শতাংশ বৃদ্ধি হৈ ২৯.৭৯ বিলিয়ন আমেৰিকান ডলাৰ হৈছে । সেৱা, কম্পিউটাৰ ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ, টেলিকম, ফাৰ্মা আৰু ৰাসায়নিক পদাৰ্থৰ দৰে খণ্ডত শক্তিশালী বিনিয়োগৰ দ্বাৰা এই বৃদ্ধি হৈছে । উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ একে সময়তে এফ ডি আইৰ প্ৰবাহ আছিল ২০.৫ বিলিয়ন আমেৰিকান ডলাৰ ।

জুলাই-ছেপ্টেম্বৰত ৪৩% বৃদ্ধি-

২০২৪ৰ জুলাই-ছেপ্টেম্বৰ, এই  তিনিমাহত, এফ ডি আই প্ৰবাহ ৪৩ শতাংশ বৃদ্ধি পাইছে আৰু ১৩.৬  বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে । পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়তে এই পৰিসংখ্যা আছিল ৯.৫২ বিলিয়ন আমেৰিকান ডলাৰ । এপ্ৰিল-জুনৰ তিনিমাহত এফ ডি আই ৪৭.৮ শতাংশ বৃদ্ধি পাইছে আৰু ১৬.১৭ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে ।

মুঠ এফডিআই ২৮% বৃদ্ধি হৈছে-

মুঠ এফ ডি আইৰ কথা ক’লে, যাৰ ভিতৰত আছে ইকুইটি প্ৰবাহ, পুনৰ বিনিয়োগ কৰা উপাৰ্জন আৰু অন্যান্য মূলধন, প্ৰথমাধিকাৰত ২৮ শতাংশ বৃদ্ধি হৈ ৪২.১ বিলিয়ন আমেৰিকান ডলাৰ হৈছে । যোৱা বিত্তীয় বৰ্ষৰ একে সময়তে ই ৩৩.১২ বিলিয়ন আমেৰিকান ডলাৰ আছিল ।

ই দেশসমূহে ভাৰতত প্ৰচুৰ বিনিয়োগ কৰিছে-

ভাৰতত বিনিয়োগ কৰা প্ৰধান দেশসমূহৰ ভিতৰত আছে মৰিচাছ, ছিংগাপুৰ, আমেৰিকা, নেদাৰলেণ্ড আৰু ইউ এ ই আদি ।  মৰিচাছৰ পৰা বিনিয়োগ ৫.৩৪ বিলিয়ন মাৰ্কিন ডলাৰ আছিল, যিটো যোৱা বছৰ আছিল ২.৯৫ বিলিয়ন । একে সময়তে ছিংগাপুৰৰ পৰা ৭.৫৩ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ আহিছিল, যিটো আগতে ৫.২২ বিলিয়ন আছিল । আনহাতে, আমেৰিকাৰ পৰা বিনিয়োগ আছিল ২.৫৭ বিলিয়ন মাৰ্কিন ডলাৰ, যিটো যোৱা বছৰ আছিল ২ বিলিয়ন । ইউ এ ইৰ পৰা বিনিয়োগৰ কথা ক’বলৈ গ’লে ইয়াৰ পৰাই সৰ্বাধিক বৃদ্ধি ৰেকৰ্ড কৰা হৈছে, যিটো ১.১ বিলিয়নৰ পৰা ৩.৪৭ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে । অৱশ্যে জাপান আৰু ব্ৰিটেইনৰ পৰা বিনিয়োগ হ্ৰাস পোৱা দেখা গৈছে ।

এই খণ্ডসমূহত বিনিয়োগ-

খণ্ড ভিত্তিকভাৱে চালে সৰ্বাধিক বিনিয়োগ সেৱা, কম্পিউটাৰ চফ্টৱেৰ আৰু হাৰ্ডৱেৰ, টেলিকম, ফাৰ্মা আৰু অগতানুগতিক শক্তিৰ দৰে খণ্ডত হোৱা দেখা গৈছে । সেৱা খণ্ডৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্ৰথমাৰ্ধত ৫.৬৯ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হয়, যিটো যোৱা বছৰৰ একে সময়ছোৱাত ৩.৮৫ বিলিয়ন মাৰ্কিন ডলাৰ । আনহাতে, অগতানুগতিক শক্তি খণ্ডত ২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰা হৈছিল ।