ঘোষণা হ’ল BTC নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা; ২৮ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ বিজেপিৰ

ঘোষণা হ’ল BTC নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা

আজি ঘোষণা কৰা হ’ল BTC নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা। ২৮ টা পৰিষদীয় সমষ্টিৰ বাবে ঘোষনা কৰা হ’ল প্ৰাৰ্থীৰ নাম। সংবাদমেল যোগে ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

সভাপতি গৰাকীয়ে ঘোষণা কৰা অনুসৰি বিজেপিয়ে ফকিৰাগ্ৰাম সমষ্টিত অৰুপ কুমাৰ দে, ছালাকাটি সমষ্টিত কবিতা বসুমতাৰি, চিৰাং জিলাৰ ১৩ নং চিৰাঙত শংকৰ ব্ৰহ্ম, সুবাইজাৰ সমষ্টিত প্ৰভাৱ বসুমতাৰি, মানস চেৰখাঙত সুভাষ বসুমতাৰি, বাক্সাৰ মথনগুৰি সমষ্টিত গৌতম দাস, শালবাৰী সমষ্টিত চক্ৰধৰ দাস।

কোকলাবাৰী সমষ্টিত ৰমেন মদাহি, দিহিৰা সমষ্টিত মানস প্ৰতিম কলিতা, তামুলপুৰ জিলাৰ বাগানপাৰাত ৰেখাৰাণি দাস বড়ো, দৰঙ্গাজুলিত বিজিত গৌড়া, গোৰেশ্বৰত দেৰহাছাৰ নাৰ্জাৰী, ওদালগুৰিৰ খৈৰাবাৰীত মদন ৰাভা।

খালিংদোৱাৰাত অৰ্জুন দৈমাৰী, মুদৈবাৰী দিগন্ত বৰুৱা, ভৈৰৱকুণ্ডত নিনং মুছাহাৰি, আনহাতে ৫ নৈ চেৰফাঙত দিপক কুমাৰ বড়ো, অৱশ্যে  শ্ৰীৰামপুৰত প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিয়ে।

ফকিৰাগ্ৰাম সমষ্টিত অৰুপ কুমাৰ দে আৰু ছালাকাটি কবিতা বসুমতাৰি। বাকি ৰৈ যোৱা BTC সমষ্টিৰ প্ৰাৰ্থী তালিকা কাইলৈ ঘোষণা হ’ব বুলিও সভাপতি গৰাকীয়ে।

লগতে পঢ়ক: ‘ফটো চেচনত নহয়, বাস্তৱ বিষয়ত উত্তৰৰ প্ৰয়োজন’; মোদী-ছি জিনপিঙৰ বৈঠকৰ ওপৰত প্ৰশ্ন উত্থাপন আছাদুদ্দিন ওৱেইছিৰ