কংগ্ৰেছতকৈ বি আৰ এছে লাভ কৰিলে অধিক চান্দা, বিজেপিয়ে পালে ২২৪৪ কোটি টকা…জানক কোন দলে লাভ কৰিলে কিমান চান্দা

ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা দলৰ ২০২৩-২৪ চনত পুঁজি বৃদ্ধি হোৱা দেখা গৈছে । তথ্য অনুসৰি এইবাৰ বিজেপিয়ে প্ৰায় ২,২৪৪ কোটি টকা লাভ কৰিছে, যিটো যোৱা বছৰৰ তুলনাত তিনিগুণ বেছি । একে সময়তে কংগ্ৰেছেও লাভ কৰিছিল ২৮৮.৯ কোটি টকা যিটো ২০২২-২৩ চনৰ তুলনাত অধিক । এই তথ্য নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ আৰু ইয়াৰ পৰা দেখা যায় যে চান্দা বা অনুদান দুয়োটা ডাঙৰ দলৰ বাবে ধনৰ এক গুৰুত্বপূৰ্ণ উৎস হৈ পৰিছে ।

প্ৰতিবেদন অনুসৰি প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টৰ পৰা বিজেপিয়ে ৭২৩.৬ কোটি টকাৰ বৰঙণি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে একেটা ট্ৰাষ্টৰ পৰা ১৫৬.৪ কোটি টকাৰ বৰঙণি লাভ কৰে । অৰ্থাৎ ২০২৩-২৪ চনত বিজেপিৰ মুঠ পুঁজিৰ এক তৃতীয়াংশ আৰু কংগ্ৰেছৰ আধাতকৈ অধিক ধন এই ট্ৰাষ্টৰ পৰাই আহিছিল । এই ট্ৰাষ্টে দেশৰ আগশাৰীৰ কোম্পানী মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰা লিমিটেড, ছিৰাম ইনষ্টিটিউট, আৰ্চেলৰমিটল আৰু ভাৰতী এয়াৰটেলৰ পৰা ধন সংগ্ৰহ কৰে ।

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰা ধন বিজেপি আৰু কংগ্ৰেছৰ ঘোষিত অনুদানত অন্তৰ্ভুক্ত হোৱা নাই, কাৰণ নিৰ্বাচনী বণ্ডৰ বিষয়ে তথ্য বাৰ্ষিক অডিট প্ৰতিবেদনতহে দিয়া হয় । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনি বন্ধ কৰি দিছিল, তাৰ পিছত ৰাজনৈতিক দলসমূহৰ বাবে ধন সংগ্ৰহৰ মূল উৎস এতিয়া হয় প্ৰত্যক্ষভাৱে নহয় ট্ৰাষ্টৰ জৰিয়তে ।

একাংশ আঞ্চলিক দলে নিৰ্বাচনী বণ্ডৰ পৰা সংগ্ৰহ কৰা ধনৰাশি স্বেচ্ছাই ঘোষণা কৰিছে । বি আৰ এছে ৪৯৫.৫ কোটি, ডি এম কে ৬০ কোটি আৰু ৱাই এছ আৰ কংগ্ৰেছে ১২১.৫ কোটি টকা লাভ কৰে । ইয়াৰ উপৰিও জে এম এম-এ নিৰ্বাচনী বণ্ডৰ জৰিয়তে ১১.৫ কোটি টকাৰ ধন লাভ কৰিছিল । এই পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে যে আঞ্চলিক দলসমূহেও নিৰ্বাচনী বণ্ডৰ পৰা ভাল ধন উপাৰ্জন কৰি আছে ।

বিজেপি অধ্যক্ষৰ বাসগৃহত এন ডি এৰ নেতাসকলৰ বৈঠক, কি কি বিষয়ত হ’ল আলোচনা…

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত বুধবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতাসকলৰ এক বৈঠক অনুষ্ঠিত হয় । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা হয় এই বৈঠক । বাজপেয়ীক তেওঁৰ শক্তিশালী নেতৃত্বৰ ক্ষমতাৰ বাবে আৰু ভাৰতৰ প্ৰথমখন পূৰ্ণকালীন মিত্ৰজোঁটৰ চৰকাৰ সফলতাৰে চলোৱাৰ বাবে বৈঠকত স্মৰণ কৰা হয় ।

বৈঠকত কোন কোন নেতাই অংশ লয়-

এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, তেলেগু দেশম পাৰ্টিৰ মুৰব্বী আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, জনতা দলৰ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জ সিং, আপনা দল (এছ)ৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেল উপস্থিত থাকে । লগতে জনতা দলৰ (চেকুলাৰ) নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ নেতা জিতন ৰাম মাঞ্জি, ৰাষ্ট্ৰীয় লোক মৰ্চাৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ উপেন্দ্ৰ কুশৱাহা, ভাৰত ধৰ্মজন সেনাৰ মুৰব্বী তুষাৰ ভেল্লাপল্লীও উপস্থিত থাকে ।

সুশাসন আৰু ৰাজনৈতিক বিষয়ত আলোচনা-

এন ডি এৰ নেতাসকলে দেশৰ ৰাজনীতিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে । অৱশ্যে বৈঠকৰ কাৰ্যসূচী সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই । কিন্তু, সূত্ৰই জনোৱা মতে, বিশেষকৈ ‘সুশাসন’ আৰু ৰাজনৈতিক বিষয়বোৰত ইয়াত আলোচনা কৰা হৈছিল । সুশাসন অটল বিহাৰী বাজপেয়ীৰ শাসনৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল । এন ডি এৰ নেতাসকলে এই আদৰ্শক আগুৱাই নিয়াৰ বিষয়ে আলোচনা কৰে ।

‘এক দেশ-এক নিৰ্বাচন’ বিষয়ক লৈ আলোচনা-

ইয়াৰ উপৰিও বৈঠকত এন ডি এৰ নেতাসকলে আগন্তুক নিৰ্বাচন আৰু এক দেশ-এক নিৰ্বাচনৰ বিষয়তো আলোচনা কৰে । মিত্ৰজোঁটৰ সকলো সদস্যই এই প্ৰস্তাৱৰ সমৰ্থনত আছে আৰু আগন্তুক নিৰ্বাচনৰ বাবে ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰে । অহা ৮ জানুৱাৰীত এক দেশ-এক নিৰ্বাচনৰ যুটীয়া সংসদীয় সমিতিৰ বৈঠকত আলোচনা হ’ব ।

আপৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগ পত্ৰ’, পাপ ধুই ধুই ক’লা হৈ পৰিল যমুনাঃ অনুৰাগ ঠাকুৰ

দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে । নিৰ্বাচনী পৰিৱেশৰ মাজতে বিজেপি আৰু আম আদমী পাৰ্টিয়ে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে । সোমবাৰে দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে ‘অভিযোগ পত্ৰ’ প্ৰকাশ কৰে । এই অনুষ্ঠানত বিজেপি নেতা অনুৰাগ ঠাকুৰে পুনৰবাৰ অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক লক্ষ্য কৰি লয় । তেওঁ কেজৰিৱালক বহু বিষয়ত সমালোচনা কৰি প্ৰশ্ন কৰে ।

অভিযোগ পত্ৰ প্ৰকাশৰ পিছত দিল্লীত বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে কয় যে আম আদমি পাৰ্টিৰ চৰকাৰে যমুনা নদীক ইমানেই প্ৰদূষিত কৰিছে যে ই দুৰ্গন্ধময়, ফেনযুক্ত আৰু বিষাক্ত হৈ পৰিছে । তেওঁ আৰু কয় যে মোৰ মনত আছে, ২০২২ চনত এখন সংবাদমেলৰ সময়ত কেজৰিৱালে কৈছিল যে পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে তেওঁ ৰাইজৰ সৈতে যমুনা নদীত ডুব মাৰিব, অৰ্থাৎ ২০২৫ চনৰ নিৰ্বাচনৰ পূৰ্বে । কেজৰিৱালক তেওঁৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি অনুৰাগ ঠাকুৰে কয় যে ১০ বছৰ পাৰ হৈ গ’ল আৰু ২০২৫ চনত উপনীত হ’বলৈ মাত্ৰ ১০ দিন বাকী আছে । যমুনা পৰিস্কাৰ কৰা হৈছিল নেকি ?  যমুনা পৰিষ্কাৰ হৈ পৰিছে নেকি ?

তেওঁ কয় যে অৰবিন্দ কেজৰিৱালকে ধৰি দিল্লী চৰকাৰৰ বহু মন্ত্ৰী আৰু কেইবা ডজন বিধায়ক জেললৈ গৈছে । আগতে ছোনিয়া গান্ধী আৰু শীলা দীক্ষিতক জেলত ভৰোৱাৰ কথা কোৱা একেজন কেজৰিৱালে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো পদ এৰিবলৈ সাজু নাছিল ।

সুৰা কেলেংকাৰীৰ আঁৰত আছিল কেজৰিৱালঃ বীৰেন্দ্ৰ সচদেৱ-

দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে কেজৰিৱালৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৰাইজক শিক্ষা আৰু স্বাস্থ্যৰ সপোন দেখুওৱা কেজৰিৱালে সুৰা কেলেংকাৰী সংঘটিত কৰিছে । উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ দাগ এতিয়াও ৰাইজৰ স্মৃতিৰ পৰা নাইকিয়া হোৱা নাই বুলিও তেওঁ কয় । অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী সংঘৰ্ষৰ উচটনি দিয়াৰ এক অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । তেওঁ কয় যে এই সংঘৰ্ষত আই বি বিষয়া অংকিত শৰ্মা নিহত হৈছিল । অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত তাহিৰ হুছেইন আম আদমি পাৰ্টিৰ কাউন্সিলাৰ আছিল ।

বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছে-

দিল্লীৰ নিৰ্বাচনৰ মাজতে আম আদমী পাৰ্টিৰ বিৰুদ্ধে বিজেপিয়ে জাৰি কৰিলে অভিযোগ পত্ৰ । এই অভিযোগ পত্ৰত বিজেপিয়ে বহু অভিযোগ উত্থাপন কৰিছে । য’ত দুই লাখ ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত । দিল্লী চৰকাৰে নিজৰ বিদ্যালয়ৰ উন্নত অভিলেখ দেখুৱাবলৈ ১.৫ লাখ ছাত্ৰ-ছাত্ৰীক ব্যৰ্থ কৰে । হাজাৰ হাজাৰ পৰিয়ালে পানীৰ টেংকাৰৰ পৰা পানী খায় । দহ বছৰত দিল্লীবাসীৰ এখনো ৰেচন কাৰ্ড বনোৱা হোৱা নাই । দিল্লীত কাৰ্যকৰী নহ’ল প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা । যাৰ বাবে ৰাইজে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব নোৱাৰিলে । ইত্যাদি অভিযোগ উত্থাপন কৰা হৈছে ।

এক দেশ-এক নিৰ্বাচন : হুইপৰ পিছতো ২০ জনতকৈ অধিক সাংসদ অনুপস্থিত, বিজেপিয়ে প্ৰেৰণ কৰিলে জাননী

মঙলবাৰে লোকসভাত উত্থাপন কৰা হয় ‘এক দেশ-এক নিৰ্বাচন’ বিধেয়ক । ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টিয়ে সদনত অনুপস্থিত থকা সাংসদসকললৈ জাননী প্ৰেৰণ কৰিছে । মঙলবাৰে ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক উত্থাপনৰ সময়ত উপস্থিত নথকা সকলো বিজেপি সাংসদলৈ দলে প্ৰেৰণ কৰিছে জাননী ।

আজি ভোটদানৰ সময়ত সদনত উপস্থিত নাছিল ২০ জনতকৈ অধিক বিজেপি সাংসদ । মঙলবাৰে বিজেপিৰ লোকসভাৰ সদস্যসকলক সদনত উপস্থিত থাকিবলৈ তিনি শাৰীৰ হুইপ জাৰি কৰা হৈছিল । ‘এক দেশ, এক নিৰ্বাচন’ৰ বাবে মঙলবাৰে চৰকাৰে ‘সংবিধান (১২৯ সংশোধনী) বিধেয়ক ২০২৪’ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক ২০২৪ সংসদত উত্থাপন কৰে ।

জে পি চিলৈ প্ৰেৰণ কৰা হ’ল বিধেয়ক-

আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত উত্থাপন কৰে এই বিধেয়কসমূহ । লোকসভাত হুলস্থুলৰ মাজতে বিষয়টো বিভাজনত উপনীত হয় আৰু ইয়াৰ পিছতে সদনত বিধেয়কখন দাখিল কৰিব পৰা যায় । এক দেশ, এক নিৰ্বাচনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন মতামত শুনা গ’ল । আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ।

কংগ্ৰেছৰ পৰা আৰম্ভ কৰি সকলো বিৰোধী দলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল । শিৱসেনা আৰু তেলেগু দেশম পাৰ্টিৰ দৰে এন ডি এৰ মিত্ৰ দলসমূহে মুকলিকৈ বিধেয়কখনৰ সপক্ষে থিয় দিয়া দেখা গ’ল । এই বিধেয়কখন বিভাজনৰ পিছত দাখিল কৰা হয় আৰু তাৰ পিছত জে পি চিলৈ প্ৰেৰণ কৰা হয় ।

সপক্ষে ২৬৯টা আৰু বিপক্ষে ১৯৮টা ভোট-

লোকসভাত এই বিধেয়কখন উত্থাপন কৰাৰ সপক্ষে ২৬৯টা ভোট আৰু ইয়াৰ বিৰুদ্ধে ১৯৮টা ভোট পৰে । বৈদ্যুতিক ভোটদানৰ পিছত ভোটদান কৰা হৈছিল আৰু ইয়াৰ পিছত এই বিধেয়কখন লোকসভাত দাখিল কৰিব পৰা হয় । সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছিল । মাৰ্চ মাহত কমিটীয়ে দাখিল কৰিছিল প্ৰতিবেদন । ইয়াৰ পিছত মোদী কেবিনেটে এই প্ৰতিবেদনত অনুমোদন জনাইছিল । এই প্ৰতিবেদনত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে ।

মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰ’ টেম অধ্যক্ষৰ শপত গ্ৰহণ; দায়িত্ব ল’লে বিজেপিৰ বিধায়কে

ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক কালিদাস কোলাম্বকাৰে শুকুৰবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰ’ টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে । মহাৰাষ্ট্ৰ বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে শপত গ্ৰহণ কৰে কোলাম্বকাৰে । তেওঁ ৯ বাৰ বিধায়ক হৈ ৰূপে নিৰ্বাচিত হৈছে । ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে তেওঁক শপত গ্ৰহণ কৰোৱাই ।

‘প্ৰ’ টেম অধ্যক্ষ’ হিচাপে তেওঁ ২৮৮গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱাব । ইয়াৰ পিছত ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ সংখ্যক বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ সময়ত তেওঁ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন পৰিচালনা কৰিব । অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন, তাৰ পিছত দেৱেন্দ্ৰ ফাড়নৱিছৰ নেতৃত্বত গ্ৰেণ্ড এলায়েন্স চৰকাৰে আস্থা ভোট বিচাৰিব । ১৬ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ নাগপুৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধান মণ্ডলৰ শীতকালীন অধিৱেশন ।

ইয়াৰ পূর্বে বৃহস্পতিবাৰে সন্ধিয়া ফাড়নৱীছে ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মহাযুটীৰ মিত্রজোঁটৰ নেতা একনাথ শিন্দে আৰু অজিত পাৱাৰে দক্ষিণ মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত এক অনুষ্ঠানত উপ-মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে । ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি-শিৱসেনা-এন চি পিৰ মহাযটী মিত্ৰজোঁটে ২৮৮খন বিধানসভাৰ আসনৰ ভিতৰত ২৩০খন আসন লাভ কৰিছিল ।

উপ মুখ্যমন্ত্ৰী একনাথ শিন্দেই বিজেপিৰ পৰা গৃহ বিভাগৰ বাবে অনুৰোধ কৰিছে : গোগাৱলে

শিৱসেনাৰ বিধায়ক ভাৰত গোগাৱলে কয় যে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ শিন্দেই বিজেপিৰ পৰা গৃহ বিভাগৰ দাবী জনাইছে । বিভাগৰ আৱণ্টন সন্দৰ্ভত আলোচনা চলি আছে । ৰাজ্যিক বিধানসভাৰ শীতকালীন অধিৱেশনৰ ঠিক পূৰ্বে ১১ৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত কেবিনেট সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে । দেৱেন্দ্ৰ ফাড়নৱিছ যেতিয়া উপ-মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ হোম পৰ্টফলিঅ’তো আছিল । পূৰ্বৰ মহাযুটী চৰকাৰত শিৱসেনাই যি বিভাগ পাতিছিল সেই বিভাগসমূহ সলনি কৰাৰ প্ৰয়াস কৰা হৈছে । দুদিনত সম্পূৰ্ণ হ’ব দপ্তৰ আবণ্টনৰ আলোচনা ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত দেৱেন্দ্ৰ ফাড়নৱিছৰ প্ৰথম প্ৰতিক্ৰিয়া, দিলে এই শ্লোগান

বিজেপি বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচিত হোৱাৰ পিছতে বিধায়কসকলক সম্বোধন কৰে দেৱেন্দ্ৰ ফাড়নবৱিছে । এই সময়ছোৱাত তেওঁ পৰ্যবেক্ষক নিৰ্মলা সীতাৰমণ, বিজয় ৰূপানীকে ধৰি দলৰ বিধায়কসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে বিজেপি হাইকমাণ্ডলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । নিৰ্বাচনৰ সময়ত দিয়া শ্লোগান পুনৰবাৰ উল্লেখ কৰি ফড়নৱিছে কয় যে এক থাকিলে নিৰাপদ আৰু মোদী থাকিলে সকলো সম্ভৱ ।

ডাঙৰ লক্ষ্যৰ দিশে আগবাঢ়িছেঃ দেৱেন্দ্ৰ ফাড়নৱিছ

দেৱেন্দ্ৰ ফাড়নৱিছে কয় যে বৃহৎ জনাদেশৰ পিছত আমাৰ ওপৰত এক বৃহৎ দায়িত্ব আছে । আমি জনসাধাৰণৰ বাবে অবিৰতভাৱে কাম কৰি থাকিব লাগিব । আমি ৰাজনীতিত এটা ডাঙৰ লক্ষ্যৰ ৰাখিছো । মোক মুখ্যমন্ত্ৰী বনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এখন নতুন ভাৰত নিৰ্মাণ কৰা হৈছে ।

যি প্ৰতিশ্ৰুতি দিছিলো পূৰণ কৰিম : দেৱেন্দ্ৰ ফাড়নৱিছ

ফাড়নৱিছে কয় যে এইটো এনে এক আদেশ যিয়ে আমাক দায়িত্বশীল অনুভৱ কৰায় । আমি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাটোৱেই আমাৰ দায়িত্ব নহয়, ৰাজ্যখনক আগুৱাই নিয়াৰ বাবেও আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব । উল্লেখ্য যে দেৱেন্দ্ৰ ফাড়নৱিছে তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে । বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

এই নেতাসকলে প্ৰস্তাৱক সমৰ্থন কৰে-

উল্লেখ্য যে বৃহস্পতিবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নৱিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । বুধবাৰে অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকত তেওঁ নেতা নিৰ্বাচিত হয় । চন্দ্ৰকান্ত পাটিলে দেৱেন্দ্ৰ ফাড়নৱিছৰ নাম প্ৰস্তাৱ কৰিছিল । দ্বিতীয়টো প্ৰস্তাৱ উত্থাপন কৰে সুধিৰ মুংগনতিৱাৰে । ইয়াৰ পিছত পংকজা মুণ্ডে, প্ৰবীণ দাৰেকৰ, ৰবীন্দ্ৰ চাৱন, সঞ্জয় কুন্তে, প্ৰাক্তন মন্ত্ৰী বিধায়ক অশোক উইকে, মেঘনা বৰ্দিকাৰ, যোগেশ সাগৰ, সম্ভাজী পাটিল নীলাংগেকাৰ, গোপিচান্দ পদলকাৰ, আশীষ শেলাৰে প্ৰস্তাৱৰ সমৰ্থন কৰে ।

মুখ্যমন্ত্ৰীৰ বাসগৃহত একনাথ শিণ্ডেক সাক্ষাৎ দেৱেন্দ্ৰ ফাড়নবিছৰ, চৰকাৰ গঠন সন্দৰ্ভত কি আলোচনা হ’ল ?

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা বহুদিন হ’ল যদিও মুখ্যমন্ত্ৰীৰ নাম এতিয়াও ঘোষণা হোৱা নাই । ইফালে, আজি সন্ধিয়া একনাথ শিণ্ডেক সাক্ষাৎ কৰে দেৱেন্দ্ৰ ফাড়নবিছে । শিণ্ডেক সাক্ষাতৰ বাবে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ বৰ্ষা বাংলোত উপস্থিত হয় ফাড়নাবিছ ।

একনাথ শিণ্ডেক কিছু সময়ৰ বাবে লগ পোৱাৰ পিছত দেৱেন্দ্ৰ ফাড়নবিছ নিজৰ বাসগৃহলৈ ৰাওনা হয় । বিজেপি বিধায়িনী দলৰ বৈঠকৰ পূর্বে দুয়োগৰাকী নেতাৰ এই বৈঠক অতি গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে ৷

মুখ্যমন্ত্ৰী পদৰ দৌৰত দেৱেন্দ্ৰ ফাড়নবিছ আগশাৰীত আছে বুলি কোৱা হৈছে যদিও বিজেপিয়ে এতিয়াও নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই । আনহাতে, ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে ।

ভাৰ্চুৱেল মিটিংৰ পিছত ফাড়নাবিছ লগ কৰিবলৈ আহে-

মঙলবাৰে পুৱা একনাথ শিণ্ডে চিকিৎসালয়লৈ যায় । তেতিয়াৰ পৰাই তেওঁৰ স্বাস্থ্য সম্পৰ্কে জল্পনা-কল্পনা আৰম্ভ হয় । অৱশ্যে এঘণ্টাৰ পিছত চেকআপ কৰি শিণ্ডে উভতি আহে । ইয়াৰ পিছতে দেৱেন্দ্ৰ ফাড়নবিছ আৰু একনাথ শিণ্ডেৰ মাজত ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় আৰু দুয়োজন নেতাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংযোগ স্থাপন কৰে । ইয়াৰ পিছতে তিনিওটা দলৰ জ্যেষ্ঠ নেতাসকলে শপতগ্ৰহণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজাদ ময়দানলৈ যায় । ইয়াৰ পিছতে এতিয়া একনাথ শিণ্ডেৰ বাসগৃহত উপস্থিত হয় দেৱেন্দ্ৰ ফাড়নৱিছ ।

ইয়াৰ লগে লগে এতিয়া চৰকাৰ গঠন সম্পৰ্কীয় সূত্ৰও চৰ্চালৈ আহিছে । সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰত ক্ষমতা ভাগ-বতৰা হ’ব ৬-১ সূত্ৰত । নতুন চৰকাৰত সৰ্বাধিক আসন লাভ কৰা বিজেপিয়ে সৰ্বাধিক মন্ত্ৰী পদ লাভ কৰিব ।

নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে বিজেপিয়ে, ৮ ডিচেম্বৰৰ পৰা সকলো বিধানসভা সমষ্টিতে অনুষ্ঠিত কৰিব পৰিৱৰ্তন যাত্ৰা

আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে ধাৰাবাহিকভাৱে জনসাধাৰণৰ কাষ চাপিছে আৰু পৰিৱৰ্তনৰ আহ্বান জনাইছে । ইয়াৰ অধীনত বৰ্তমান পৰিৱৰ্তন সভাৰ আয়োজন কৰা হৈছে যদিও অহা সপ্তাহৰ পৰা সমগ্ৰ দিল্লীত পৰিৱৰ্তন যাত্ৰাৰ আয়োজন কৰা হ’ব । ইয়াৰ বাবে সূচী চূড়ান্ত কৰা হৈছে । দেওবাৰে দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু প্ৰাক্তন ৰাজ্যিক সভাপতি সতীশ উপাধ্যায়ে পৰিৱৰ্তন যাত্ৰাৰ আয়োজন সন্দৰ্ভত তথ্য প্ৰদান কৰে । সংবাদমেলত ৰাজ্যিক সংবাদ মাধ্যমৰ মুৰব্বী প্ৰবীণ শংকৰ কাপুৰো উপস্থিত থাকে ।

৭০টা বিধানসভা সমষ্টিৰ মাজেৰে পাৰ হ’ব এই পৰিৱৰ্তন যাত্ৰা-

বীৰেন্দ্ৰ সচদেৱে কয় যে দিল্লী বিজেপিয়ে ৮ ডিচেম্বৰৰ পৰা দিল্লীৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰিৱৰ্তন যাত্ৰা কৰিবলৈ ওলাইছে । এই পৰিৱৰ্তন যাত্ৰা সতীশ উপাধ্যায়ৰ নেতৃত্বত ৭০টা বিধানসভা সমষ্টিৰ মাজেৰে পাৰ হ’ব । এই যাত্ৰা প্ৰতিদিনে দিল্লীৰ সাতটা লোকসভা সমষ্টিৰ এটাকৈ স্থানৰ পৰা আৰম্ভ হ’ব আৰু এইদৰে প্ৰতিদিনে প্ৰতিটো লোকসভা সমষ্টিৰ অন্তৰ্গত এটাকৈ বিধানসভা সমষ্টি সামৰি লোৱা হ’ব । প্ৰতিদিনে পুৱাৰে পৰা অঞ্চলটোৰ কোনো এটা ধৰ্মীয় স্থানৰ পৰা পৰিৱৰ্তন যাত্ৰা আৰম্ভ হ’ব আৰু সন্ধিয়া বিধানসভা পৰ্যায়ৰ জনসভাৰ ৰূপত সামৰণি পৰিব ।

সচদেৱে কয় যে এই যাত্ৰা কোনো ৰথত নহয়, পদযাত্ৰাৰ ৰূপত হ’ব, যাতে প্ৰতিদিনে প্ৰতিটো বিধানসভা সমষ্টিৰ বিশ হাজাৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা যায় । তেওঁ কয় যে যেতিয়া আপুনি কোনো ব্যক্তিক ব্যক্তিগতভাৱে লগ পায় আৰু তেওঁৰ সৈতে কথা পাতে তেতিয়া তেওঁ আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে আপোনাৰ সৈতে সংযোগ অনুভৱ কৰিবলৈ আৰম্ভ কৰে । সাধাৰণ জনতাৰ কাষ চাপিবলৈ যাত্ৰা আয়োজন কৰাৰ ইতিহাস আছে বিজেপিৰ । এই যাত্ৰাও একে ধৰণেৰে সম্পন্ন কৰা হ’ব, য’ত আমি বৃহৎ পৰিসৰত মানুহৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিম ।

‘দিল্লীৰ জনসাধাৰণ এতিয়া ক্ষমতা পৰিবৰ্তনৰ মোডত আছে’-

সতীশ উপাধ্যায়ে কয় যে দিল্লীত এখন দুৰ্নীতিগ্ৰস্ত চৰকাৰ চলি আছে যদিও এতিয়া ধন দাবী আৰু সাধাৰণ নাগৰিকৰ মাজত ভয়ৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । ইয়াৰ বাবেই দিল্লীৰ জনসাধাৰণে এতিয়া ক্ষমতা পৰিবৰ্তনৰ মোডত আছে আৰু এইবাৰ বিধানসভাৰ পৰা দেশ বিৰোধী মানসিকতাৰে চৰকাৰক উভালি পেলোৱাৰ সিদ্ধান্ত লৈছে । পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে বিজেপিয়ে পোনপটীয়াকৈ জনসাধাৰণৰ মাজলৈ নিজৰ বাৰ্তা প্ৰেৰণ কৰিব । অহা ৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা পৰিৱৰ্তন যাত্ৰা অহা ২০ ডিচেম্বৰলৈকে চলিব । বিজেপিৰ বহু শীৰ্ষ নেতাইও সময়ে সময়ে এই যাত্ৰাত অংশগ্ৰহণ কৰিব ।

দিল্লী নিৰ্বাচনঃ বিজেপিয়ে কৰিব পাৰিৱৰ্তন যাত্ৰা, দলৰ ডাঙৰ ডাঙৰ নেতাই কৰিব অংশগ্ৰহণ

দিল্লী বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে আম আদমী পাৰ্টিৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিছে । এই সন্দৰ্ভত দেওবাৰে বিজেপি নেতাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ইয়াত বিজেপি নেতাসকলে আপৰ ‘অপপ্ৰচাৰ’ প্ৰতিহত কৰাৰ কৌশলগত দিশ আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে ।

দিল্লী বিজেপিৰ সাংগঠনিক সভাত সকলো সমিতিৰ বিষয়াই অংশগ্ৰহণ কৰে । প্ৰদেশ অধ্যক্ষ বীৰেন্দ্ৰ সচদেৱৰ লগতে দিল্লীৰ সাতজন সাংসদ, বিজয় গোৱেল, অৰবিন্দৰ সিং লাভলী, কৈলাশ গেহলট আদি নেতা উপস্থিত থাকে । আজিৰ বৈঠকত বিজেপিয়ে আটাইকেইটা বিধানসভা সমষ্টিতে নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তন যাত্ৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিব বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকলে ।

এই ৰণ কৌশল প্ৰস্তুত-

সূত্ৰ অনুসৰি বিজেপি নেতাসকলে আম আদমী পাৰ্টিক ৰাইজৰ মাজত উদঙাই দিয়াৰ সিদ্ধান্ত লৈছে । ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বিষয়ে দিল্লীবাসীক তথ্য প্ৰদানৰ সিদ্ধান্তও লোৱা হৈছে ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত দিল্লী বিধানসভাৰ মুঠ ৭০খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । এইবাৰ নিৰ্বাচনত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ ইংগিত পোৱা গৈছে । দুদিন পূৰ্বে অনুষ্ঠিত এক বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে সিদ্ধান্ত লৈছে যে আটাইকেইখন আসনত দলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব । আম আদমী পাৰ্টিয়েও কাৰো লগত মিত্ৰতা নকৰাৰ ইংগিত দিছে । কংগ্ৰেছে নিজৰ সমৰ্থকসকলক দলৰ সৈতে পুনৰ সংযোগ স্থাপনৰ চেষ্টা চলাইছে । যদি এনেকুৱা হয়, তেন্তে আন্না আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টিয়ে দ্বৈত আক্ৰমণৰ সন্মুখীন হ’ব লাগিব ।

একে সময়তে আম আদমী পাৰ্টিয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছিল ৭০ জনৰ ভিতৰত ১১ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা । বহু পক্ষই আন এখন তালিকাও প্ৰকাশ কৰিব । বিজেপিয়ে ১০ ডিচেম্বৰৰ পূৰ্বে ৩৫ৰ পৰা ৪০জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিব পাৰে ।