নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে শ্ৰেয়াছ আয়াৰৰ শক্তিশালী প্ৰত্যাৱৰ্তন…

বিস্ফোৰক ৰূপত প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছে শ্ৰেয়াছ আয়াৰে । হিমাচল প্ৰদেশৰ বিৰুদ্ধে ৮২ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে মুম্বাইৰ অধিনায়কগৰাকীয়ে ।

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিব শ্ৰেয়াছ আয়াৰ । ইয়াৰ পূৰ্বে তেওঁ মেচ ফিটনেছ পুনৰ লাভ কৰিবলৈ বিজয় হাজাৰে ট্ৰফী খেলিছে । বিস্ফোৰক ৰূপত তেওঁ প্ৰত্যাৱৰ্তন ঘটাইছে । মুম্বাইৰ অধিনায়কগৰাকীয়ে হিমাচল প্ৰদেশৰ বিৰুদ্ধে ৮২ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে ।

যোৱা বছৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ফিল্ডিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল শ্ৰেয়াছ আয়াৰ । আভ্যন্তৰীণ ৰক্তক্ষৰণ ধৰা পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আঘাতৰ বাবে উপ-অধিনায়কগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল যদিও এতিয়া তেওঁক নিউজীলেণ্ড শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ক্লিয়াৰেন্স পোৱাৰ পিছতহে তেওঁ খেলিব পাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে । ইয়াৰ পিছতে এতিয়া শ্ৰেয়াছ আয়াৰে এক দৰ্শনীয় ইনিংছ খেলি শক্তিশালী প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে ।

জয়পুৰীয়া বিদ্যালয় খেলপথাৰত চলি থকা মেচখনত হিমাচল প্ৰদেশৰ অধিনায়ক মৃদুল প্ৰবীনে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । মুম্বাইয়ে যশস্বী জয়ছোৱাল (২১)ৰ ৰূপত প্ৰথম উইকেট হেৰুৱাই তাৰ পিছতে ৫৫ ৰানত ছৰফৰাজ খানৰ উইকেটৰ পতন ঘটে । তৃতীয় উইকেটৰ বাবে আয়াৰ আৰু মুছিৰ খানে ৮২ ৰান সংযোজন কৰে । মুছিৰ খান ৭৩ ৰানত আউট হয় ।

শ্ৰেয়াছ আয়েৰে অৰ্ধশতক সংগ্ৰহ কৰে যদিও শতক বঞ্চিত হয় । ১৫৪.৭২ ষ্ট্ৰাইক ৰেটত ৫৩টা বলত ৮২ ৰান সংগ্ৰহ কৰে আয়াৰে । এই ইনিংছত অধিনায়কগৰাকীয়ে তিনিটা ছয় আৰু ১০টা চাৰিটা কোবাই । প্ৰথমে বেটিং কৰি মুম্বাইয়ে ২৯৯ ৰান সংগ্ৰহ কৰে ।

১১ জানুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া-

১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব তিনিখন মেচৰ ভাৰত বনাম নিউজীলেণ্ডৰ এদিনীয়া শৃংখলা । প্ৰথমখন খেল বদোদৰাত অনুষ্ঠিত হ’ব । এই পৰ্যন্ত দুয়োখন দেশৰ মাজত ​​১২০খন এদিনীয়া খেল অনুষ্ঠিত হৈছে । টিম ইণ্ডিয়াই ইয়াৰে ৬২খন মেচত জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে ৫০খন খেলত জয়লাভ কৰিছে ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলা জয় ভাৰতীয় দলৰ… বৈভৱৰ বেটিং ধুমুহা

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে…

১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰত-নিউজীলেণ্ডৰ এদিনীয়া শৃংখলা । এই শৃংখলাৰ পূৰ্বে এচ ডাঙৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে…

বিজয় হাজাৰে ট্ৰফীত দিল্লীৰ হৈ তৃতীয়খন মেচ খেলিব বিৰাট কোহলীয়ে । অহা ৬ জানুৱাৰীত ৰে’লৱেৰ বিৰুদ্ধে বেংগালুৰুস্থিত ব’ৰ্ড অৱ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই) চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত হ’বলগীয়া খেলখনত খেলাৰ সম্ভাৱনা আছে প্ৰবীণ বেটছমেনগৰাকীয়ে । বিৰাট কোহলীৰ উপলব্ধতা সন্দৰ্ভত দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰোহন জেটলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কোহলীয়ে বৰ্তমান খেলি থকা বুলি উল্লেখ কৰে তেওঁলোকে । বিৰাটে তিনিখন মেচৰ বাবে উপলব্ধতা নিশ্চিত কৰিছে ।

শক্তিশালী ফৰ্মত আছে বিৰাট কোহলী-

কোহলীয়ে খেলা ঘৰুৱা মেচ দুয়োখনতে ভাল প্ৰদৰ্শন কৰিছে । তেওঁ ক্ৰমে ১৩১ আৰু ৭৭ ৰান সংগ্ৰহ কৰে । লগতে তেওঁ লিষ্ট এ ক্ৰিকেটত ১৬ হাজাৰ ৰান সম্পূৰ্ণ কৰি শচীন তেণ্ডুলকাৰক অতিক্ৰমি এই কৃতিত্ব অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ।

ঘৰুৱা মেচৰ পূৰ্বে কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । একেৰাহে দুটা শতক আৰু তাৰ পাছত অৰ্ধশতক অৰ্জন কৰি কোহলীয়ে ভাৰতক ২-১ ব্যৱধানত শৃংখলা জয় কৰাত সহায় কৰে । ইফালে অহা ৮ জানুৱাৰীত ভাৰতীয় দলত যোগদান কৰিব তেওঁ ।

খবৰ অনুসৰি অহা ৮ জানুৱাৰীত ভাৰতীয় দলটো বদোদৰাত একত্ৰিত হ’ব । সম্ভৱতঃ কোহলীয়ে এদিন পূৰ্বে আহি প্ৰশিক্ষণ আৰম্ভ কৰিব পাৰে । নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, প্ৰথমখন খেল বাদোদৰাত অনুষ্ঠিত হ’ব ।

এদিনীয়া শৃংখলাত নাথাকিব হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহ-

খবৰ অনুসৰি তিনিখন খেলৰ এদিনীয়া শৃংখলাত হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহে অংশগ্ৰহণ নকৰে । এইবাৰ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতৰ অভিযানৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ভাৰত ডিফেণ্ডিং চেম্পিয়ন আৰু এই প্ৰতিযোগিতাখন ঘৰুৱা মাটিত অনুষ্ঠিত হ’ব । গতিকে টি-২০ খিতাপ সফলতাৰে ৰক্ষা কৰা প্ৰথমটো দল হিচাপে ভাৰতে ইতিহাস ৰচনা কৰিব বিচাৰিলে হাৰ্দিক আৰু বুমৰাহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব ।

লগতে পঢ়ক : শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০টো ভাৰতৰ জয়… ক্লীন ছুইপৰ দিশে হৰমনপ্ৰীত ব্ৰিগেড