পৰম্পৰাগত ‘হালোৱা চেৰিমনি’ৰে আৰম্ভ হ’ল বাজেট-২০২৬ৰ কাউন্ট-ডাউন

মঙলবাৰে বিত্ত মন্ত্ৰালয়ত পৰম্পৰাগত “হালোৱা চেৰিমনি” অনুষ্ঠিত কৰা হয় । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই পৰম্পৰা অনুসৰণ কৰি নৰ্থ ব্লকৰ বাজেট প্ৰেছত কেৰাহীত হালোৱা প্ৰস্তুত কৰে ।

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ দাখিল কৰিবলৈ মাত্ৰ কেইটামান দিন বাকী । এই গুৰুত্বপূৰ্ণ দিনটোৰ পূৰ্বে আজি (২৭ জানুৱাৰী, ২০২৬) বিত্ত মন্ত্ৰালয়ত পৰম্পৰাগত “হালোৱা চেৰিমনি” অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানৰ লগে লগে বাজেট প্ৰস্তুত প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই পৰম্পৰা অনুসৰণ কৰি নৰ্থ ব্লকৰ বাজেট প্ৰেছত কেৰাহীত হালোৱা প্ৰস্তুত কৰে । এই উপলক্ষে কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী আৰু মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে ।

কি হয় ‘হালোৱা চেৰিমনি’ আৰু ‘লক-ইন’  ?

বাজেট প্ৰক্ৰিয়াত এই অনুষ্ঠানৰ বিশেষ তাৎপৰ্য আছে । বাজেট প্ৰস্তুতৰ লগত জড়িত বিষয়াসকলৰ বাবে ‘লক-ইন’ৰ সময়সীমা হালোৱা চেৰিমনিৰ লগে লগে আৰম্ভ হয় । অৰ্থাৎ সংসদত বাজেট দাখিল নোহোৱালৈকে এই বিষয়াসকলক বাজেটৰ নথি-পত্ৰৰ গোপনীয়তা বজাই ৰাখিবলৈ বাহিৰৰ জগতখনৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰা হ’ব । অনুষ্ঠানৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট প্ৰেছত উপস্থিত হৈ প্ৰস্তুতি পৰ্যালোচনা কৰে আৰু সমগ্ৰ বাজেট দলটোক শুভেচ্ছা জনায় ।

মোবাইল এপত উপলব্ধ হ’ব সমগ্ৰ বাজেট-

চৰকাৰে এইবাৰো বাজেট ডিজিটেল আৰু কাগজবিহীন কৰি ৰখাত গুৰুত্ব আৰোপ কৰিছে । বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি-

-কেন্দ্ৰীয় বাজেট মোবাইল এপঃ সাংসদ আৰু সাধাৰণ জনতাই এই এপৰ জৰিয়তে বাজেটৰ তথ্য সহজে লাভ কৰিব পাৰিব ।

-কেতিয়া উপলব্ধ হ’বঃ  ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীত সংসদত বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ লগে লগে সকলো এপ আৰু ৱেবছাইটত উপলব্ধ হ’ব ।

-কি উপলব্ধ হ’বঃ ইয়াৰ ভিতৰত বাৰ্ষিক বিত্তীয় বিৱৰণী, অনুদানৰ দাবী আৰু বিত্ত বিধেয়ক আদি অন্তৰ্ভুক্ত হ’ব ।

উল্লেখ্য যে, ১ ফেব্ৰুৱাৰীত ২০২৬-২৭ বৰ্ষৰ বাবে সংসদত বাজেট উত্থাপন কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

লগতে পঢ়ক : বাণিজ্য আৰু প্ৰযুক্তিক অস্ত্ৰ সদৃশ ব্যৱহাৰ কৰা হৈছে: ড’নাল্ড ট্ৰাম্পক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য !