BYJU’sৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰণক ৬ মাহৰ কাৰাদণ্ড ছিংগাপুৰৰ আদালতৰ
BYJUৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। লগতে ৭০,৫০০ ডলাৰ জৰিমনাও দিব লাগিব।
দেশৰ প্ৰথমটো এডটেক কোম্পানী BYJU‘s ৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনৰ বৃদ্ধি পাইছে বিপদ। তেওঁক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ৭০,৫০০ ডলাৰ (৬৭,৪৮,৫২৪ টকা)ৰ জৰিমনাও ভৰিব লাগিব। ছিংগাপুৰৰ আদালতে BYJU ৰ প্ৰতিষ্ঠাপক ৰবীন্দ্ৰনক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।
এসময়ত এডটেক খণ্ডৰ এক মহাশক্তি হিচাপে পৰিগণিত হোৱা BYJU’s বৰ্তমান দেউলীয়া হোৱাৰ যন্ত্ৰণা ভুগিব লগা হৈছে। কোম্পানীটোৰ প্ৰতিষ্ঠাপক ৰবীন্দ্ৰনে চৰম সংকটৰ সৈতে যুঁজি আছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, ছিংগাপুৰৰ আদালতে বাইজু ৰবীন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহিছে আৰু লগে লগে আত্মসমৰ্পণ কৰিবলৈ আদেশ দিছে। আদালতে তেওঁক অবমাননাৰ দোষী সাব্যস্ত কৰি বৃহৎ জৰিমনাৰ লগতে ৬ মাহৰ কাৰাদণ্ডৰ ৰায় শুনাইছে। আদালতৰ মতে, ৰবীন্দ্ৰনে ২০২৪ চনৰে পৰা নিজৰ সম্পত্তিৰ সৈতে জড়িত বহু তথ্য লুকুৱাই ৰাখিছিল আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ দাখিল কৰা নাছিল। আদালতৰ বাৰম্বাৰ নিৰ্দেশৰ পিছতো তেওঁ আদালতক অৱজ্ঞা কৰিছিল। আদালতে তেওঁক তৎকালীনভাৱে আত্মসমৰ্পণ কৰিবলৈ, ৭০,৫০০ ডলাৰৰ জৰিমনা পৰিশোধ কৰিবলৈ আৰু ‘Beeaar Investco Pte’ কোম্পানীত নিজৰ অংশীদাৰিত্ব প্ৰমাণ কৰা সকলো নথিপত্ৰ লগে লগে জমা দিবলৈ কৈছে।
‘Think & Learn Pvt’ কোম্পানীৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰন ইতিমধ্যে কেইবাটাও আইনী গোচৰত জড়িত হৈ আছে। আমেৰিকাৰ আদালতত তেওঁৰ বিৰুদ্ধে ১.২ বিলিয়ন (১২০ কোটি) ডলাৰৰ গোচৰ চলি আছে। ইয়াৰ মাজতে ছিংগাপুৰৰ আদালতেও তেওঁক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।কাতাৰৰ চৰকাৰী কোম্পানী কিউআইএ ৰ এক সহযোগী প্ৰতিষ্ঠানে বাইজুৰ বিৰুদ্ধে ছিংগাপুৰৰ আদালতৰ দ্বাৰস্থ হৈছিল। কাতাৰ চৰকাৰে ৰবীন্দ্ৰনৰ বিৰুদ্ধে ছিংগাপুৰৰ আদালতত এই আইনী যুঁজ আৰম্ভ কৰিছিল। কাতাৰ ইনভেষ্টমেণ্ট অথৰিটিৰ সহযোগী কোম্পানী ‘কাতাৰ হোল্ডিংছ’-এ বাইজুৰ কোম্পানীত বিনিয়োগ কৰিছিল। বিত্তীয় খেলিমেলিৰ অভিযোগ তুলি কোম্পানীটোৱে আদালতৰ কাষ চাপে।
বাইজু ৰবীন্দ্ৰনক এসময়ত দেশৰ আটাইতকৈ ধনী শিক্ষকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল। তেওঁ শিক্ষামূলক প্ৰযুক্তি প্ৰতিষ্ঠান ‘Think & Learn Private Limited’ৰ ভেটি স্থাপন কৰিছিল। বিশ্বৰ অগ্ৰণী কোম্পানীসমূহে তেওঁৰ কোম্পানী ‘Byju’s’ত বিনিয়োগ কৰিছিল। এনে এক সময়ো আছিল, যেতিয়া Byju’s ভাৰতীয় ক্ৰিকেট দলৰ অফিচিয়েল স্পনছৰ আছিল।
বাইজু ৰবীন্দ্ৰনৰ সম্পত্তিৰ পৰিমাণ ১৭,৫৪৫ কোটি টকালৈ বৃদ্ধি পাইছিল। বাইজুৰ মূল্যই ২২ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছিল। কিন্তু ভুল নীতি, অতিমাত্ৰা আগ্ৰাসী সম্প্ৰসাৰণ, বিত্তীয় কু-পৰিচালনা আৰু বিদেশী বিনিয়োগকাৰীসকলৰ সৈতে ক্ৰমবৰ্ধমান বিবাদৰ বাবে কোম্পানীটো বৃহৎ লোকচানৰ মুখত পৰে। যাৰ ফলস্বৰূপ, বৰ্তমান ৰবীন্দ্ৰনৰ সম্পত্তিৰ মূল্য শূন্যলৈ হ্ৰাস পাইছে।
লগতে পঢ়ক: কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু তেওঁৰ কন্যাৰ ঘৰত ইডিৰ অভিযান