বহিঃৰাজ্যত ৪ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা; লখিমপুৰত শোকৰ ছাঁ

বহিঃৰাজ্যত কৰ্মৰত ৪ অসমীয়া যুৱকৰ মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি সন্ধিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিছে ।

বহিঃৰাজ্যত কৰ্মৰত ৪ অসমীয়া যুৱকৰ আকস্মিক আৰু কৰুণ মৃত্যুৱে সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । বাংগালুৰুৰ এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ । শুই থকা অৱস্থাতে তেওঁলোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।

মৃত যুৱককেইজন নৰেন্দ্ৰ টাইড, জনঞ্চয় টাইড, দেক্টৰ টাইড বুলি জানিব পৰা গৈছে । মৃত আন এজন যুৱকৰ নাম এতিয়াও জানিব পৰা হোৱা নাই । আটাইকেইজন যুৱকৰ ঘৰ লখিমপুৰ জিলাৰ বৰ্ষামুখত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, কৰ্মসূত্ৰে বাংগালুৰুত আছিল আটাইকেইজন যুৱক ।

ইফালে এইঘটনা পোহৰলৈ অহাৰ লগে লগে  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আৰু তদন্তৰ নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি সন্ধিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিছে । লগতে আটাইকেইজন যুৱকৰ মৃতদেহ সম্পূৰ্ণ সন্মানসহকাৰে ঘৰলৈ শীঘ্ৰেই ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : ‘সকলোকে মৰম কৰাই কাল হ’ল জুবিন গাৰ্গৰ’; গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য