বতাহৰ দিশৰ পৰিৱৰ্তনে বৃদ্ধি কৰিছে আমেৰিকাৰ চিন্তা ! লছ এঞ্জেলছত আৰু অধিক বিয়পি পৰিছে বনজুই…

কেলিফৰ্ণিয়াৰ বনজুইত এতিয়ালৈকে লছ এঞ্জেলছত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ হাজাৰৰো অধিক অট্টালিকা জ্বলি গৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে সংগ্ৰাম কৰি আছে । যদিও ইটন আৰু পেলিছাডছৰ জুই নিয়ন্ত্ৰণত কিছু সফলতা লাভ কৰা হৈছে, তথাপিও প্ৰচণ্ড বতাহে জুই নিয়ন্ত্ৰণ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে ।

প্ৰচণ্ড বতাহৰ ফলত এই জুই ছান ফ্ৰান্সিস্কো চহৰতকৈও ডাঙৰ, ৩৯ হাজাৰ একৰতকৈও অধিক মাটিত বিয়পি পৰিছে । পেলিছাডেছ অগ্নিকাণ্ডত ২২,৬৬০ একৰ ভূমি জ্বলি যায় । আনহাতে ৫৩০০ৰো অধিক অট্টালিকা ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে । প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে । শুকান গছ-গছনিয়ে জুইৰ ইন্ধনৰ কাম কৰি আছে । ১ লাখ ৫৩ হাজাৰৰো অধিক লোকক খালী কৰা হৈছে । তাৎক্ষণিকভাৱে বিপদত পৰিছে ৫৭ হাজাৰ নিৰ্মাণ ।

প্ৰধান প্ৰভাৱিত অঞ্চল-

পেচিফিক পেলিছাডছত ২২ হাজাৰ একৰ মাটিত জুই জ্বলি উঠিছে । ৫ হাজাৰৰো অধিক নিৰ্মাণ ধ্বংস হোৱাৰ বিপৰীতে ৪২৬টা ঘৰ জ্বলি যায় । মাত্ৰ ১১% জুই নিয়ন্ত্ৰণ কৰা হৈছে । পেলিছাডছৰ বনজুইৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে জুইৰ ধ্বংসলীলা । ছান ফাৰ্নাণ্ডো ভেলী আৰু ব্ৰেণ্টউডৰ দৰে আড়ম্বৰপূৰ্ণ অঞ্চল এতিয়াও বিপদত আছে । ৪০৫ ফ্ৰীৱে’ৰ কাষ চাপিছে বনজুই ।

সন্ধানহীন হোৱা লোকৰ সংখ্যা-

এতিয়াও সন্ধানহীন হৈ আছে ১৩জন লোক । ডগ স্কোয়াডৰ সৈতে চাৰ্চ অপাৰেচন অব্যাহত আছে । লছ এঞ্জেলছৰ বনজুইৰ ফলত হোৱা আনুমানিক ক্ষতিৰ পৰিমাণ ১৩৫–১৫০ বিলিয়ন ডলাৰ হোৱাৰ অনুমান কৰা হৈছে । মেক্সিকোৱেও কেলিফৰ্ণিয়াত সাহায্য আৰু উদ্ধাৰ অভিযানত কানাডাৰ সৈতে যোগ দিছে । মেক্সিকোৰ পৰা অহা ১৪ হাজাৰতকৈ অধিক অগ্নিনিৰ্বাপক বাহিনী পেলিছাডছৰ অগ্নিকাণ্ডৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাৰ ৰাজ্যখনত আছে ।

ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতিক্ৰিয়া-

ৰাষ্ট্ৰপতি জো বাইডেনে বনজুইত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ফেমা (ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সী)ৰ জৰিয়তে সহায়ৰ নিৰ্দেশ দিছে । এই বনজুইক তেওঁলোকে দুৰ্যোগ ঘোষণা কৰিছে । চৰকাৰী সাহায্যৰ সমন্বয়ৰ বাবে ৰাজ্য আৰু স্থানীয় বিষয়াসকলৰ সৈতে কথা পাতে বাইডেনে ।

ট্ৰাম্পৰ সঁহাৰি-

ট্ৰাম্পে এই অগ্নিকাণ্ডৰ বাবে লছ এঞ্জেলছৰ বিষয়াসকলক লক্ষ্য কৰি লৈছে । তেওঁ ট্ৰুথ ছ’চিয়েলত ৰাজনীতিবিদসকলক অযোগ্য বুলি অভিহিত কৰে । তেওঁ আৰু কয়, “তেওঁলোকে জুই নুমুৱাব নোৱাৰে । তেওঁলোকৰ কি হৈছে ?”

লছ এঞ্জেলছৰ বনজুইৰ ১০টা ডাঙৰ আপডেট-

১. পেলিছাডছৰ অগ্নিকাণ্ডৰ ফলত ২২ হাজাৰ একৰতকৈও অধিক ভূমি ক্ষতিগ্ৰস্ত হৈছে ।

২. জুইৰ ধুমুহাই আশংকা আৰু উদ্বেগ বৃদ্ধি কৰিছে ।

৩. ১৩ জন লোক এতিয়াও নিৰুদ্দেশ, অব্যাহত আছে অনুসন্ধান অভিযান ।

৪. অৰ্থনৈতিক লোকচান ১৩৫–১৫০ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে ।

৫. ফেমাৰ জৰিয়তে দুৰ্যোগ সাহায্য ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ ।

৬. প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো প্ৰত্যাহ্বানজনক ।

৭. ব্ৰেণ্টউড আৰু ৪০৫ ফ্ৰীৱেৰ দৰে মূল অঞ্চলৰ প্ৰতি ভাবুকি ।

৮. ৩৯,০০০ একৰতকৈ অধিক অঞ্চল ক্ষতিগ্ৰস্ত হৈছে ।

৯. আন্তঃৰাষ্ট্ৰীয় সাহায্য, অগ্নিনিৰ্বাপক আৰু সঁজুলিৰ সহায় ।

১০. যোৱা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ড এসপ্তাহৰ পাছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই ।

ভয়াৱহ হৈ পৰিছে কেলিফৰ্ণিয়াৰ বনজুই…ইতিহাসৰ আটাইতকৈ ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা

কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত সংঘটিত হোৱা বনজুইত এতিয়ালৈকে প্ৰায় ১২ হাজাৰ অট্টালিকা জ্বলি ছাই হৈ পৰিছে । ছান ফ্ৰান্সিস্কোৰ আকাৰতকৈও বৃহৎ অঞ্চল, প্ৰায় ৫৬ বৰ্গমাইল (১৪২ বৰ্গ কিলোমিটাৰ) ভয়ংকৰ জুইয়ে আগুৰি ধৰিছে । ইয়াৰ বাহিৰেও এই বনজুইত এতিয়ালৈকে কমেও ১১জন লোকৰ প্ৰাণহানি হৈছে । মঙলবাৰে (৭ জানুৱাৰী) সমগ্ৰ কেলিফৰ্ণিয়াত সংঘটিত হোৱা বনজুইৰ আংশিক কাৰণ আছিল চান্টা এনা বতাহ । যদিও বৃহস্পতিবাৰে (৯ জানুৱাৰী) জুইৰ তীব্ৰতা হ্ৰাস পাইছিল, বতৰ বিশেষজ্ঞসকলে সকীয়াই দিছে যে এই সপ্তাহৰ শেষৰ ফালে পুনৰ জুই জ্বলি উঠিব পাৰে ।

আমেৰিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ লোকচান-

কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত সংঘটিত হোৱা ভয়ংকৰ বনজুইৰ ফলত হোৱা আৰ্থিক লোকচানৰ অনুমান এতিয়াও সম্পূৰ্ণ স্পষ্ট হোৱা নাই । একে সময়তে বতৰৰ তথ্য প্ৰদান কৰা ব্যক্তিগত কোম্পানী একুৱেদাৰে অনুমান কৰিছে যে এই লোকচান প্ৰায় ১৩৫ বিলিয়ন ডলাৰৰ পৰা ১৫০ বিলিয়ন ডলাৰ হ’ব পাৰে । অৱশ্যে চৰকাৰী বিষয়াসকলে এতিয়াও অগ্নিকাণ্ডৰ ফলত ক্ষয়-ক্ষতিৰ আনুমানিক হিচাপ কৰা নাই ।

হাজাৰ হাজাৰ ঘৰ, কাৰ্যালয় আৰু অন্যান্য নিৰ্মাণ জ্বলি হ’ল ছাই-

এই ভয়ংকৰ জুইৰ বাবে পেচিফিক পেলিছাডছৰ পাহাৰীয়া উপকূলীয় অঞ্চলত ৫৩০০ৰো অধিক নিৰ্মাণ জ্বলি ছাই হৈ পৰিছে । ইয়াৰ ভিতৰত আছে জেমী লি কাৰ্টিছ আৰু বিলি ক্রিষ্টালৰ দৰে চেলিব্ৰিটিৰ ঘৰ । একে সময়তে পাছাডেনাৰ উত্তৰ অংশৰ ৭ হাজাৰৰো অধিক ঘৰ আৰু অন্যান্য নিৰ্মাণ জ্বলি ছাই হৈ পৰিছে ।

১,৫০,০০০ৰো অধিক লোকক খালী কৰাৰ নিৰ্দেশ-

আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰৰ ভিতৰত (১০ জানুৱাৰী)লৈকে ১,৫০,০০০ৰো অধিক লোকক খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে । একে সময়তে দক্ষিণ কেলিফৰ্ণিয়াৰ প্ৰায় ১ কোটি ৭০ লাখ লোকক বায়ুৰ গুণাগুণ আৰু ধূলি সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰা হৈছে, কিয়নো ধোঁৱা আৰু ছাইৰ ডাঠ ডাৱৰে আকাশ আবৰি ধৰিছে । ইয়াৰ উপৰিও দক্ষিণ কেলিফৰ্ণিয়াত ১,৭৫,০০০ৰো অধিক লোকে বিদ্যুৎ যোগানৰ সমস্যাৰ সন্মুখীন হৈছে, ইয়াৰে আধাতকৈ অধিক লোক লছ এঞ্জেলছ কাউন্টিৰ ।

আমেৰিকাত বনজুইয়ে লৈছে বিধ্বংসী ৰূপ; ১ লাখতকৈ অধিক লোকক স্থানান্তৰ আনহাতে ১০জন লোকৰ মৃত্যু!

শেহতীয়া তথ্য অনুসৰি প্ৰশান্ত মহাসাগৰীয় উপকূলৰ পৰা পাছাডেনালৈকে জনগোষ্ঠীসমূহক বিধ্বস্ত কৰা বনজুইত কমেও ৭জন লোকে প্ৰাণ হেৰুৱাইছে। ৭ জানুৱাৰীত সংঘটিত হোৱা ধ্বংসাত্মক বনজুইৰ পিছতো লছ এঞ্জেলছ অঞ্চলটো এতিয়াও সীমাবদ্ধ হৈ আছে, যি প্ৰচণ্ড বতাহৰ বাবে ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছিল। বৃহস্পতিবাৰলৈকে জুই তীব্ৰভাৱে জ্বলি থকাৰ ফলত অঞ্চলটো উদ্বিগ্ন হৈ পৰিছে আৰু অধিক ধ্বংসৰ বাবে সাজু হৈছে।

ধ্বংসলীলাৰ ছবিত দেখা গৈছিল বিলাসী ঘৰ যিবোৰ জ্বলি থকা জুইকুৰাৰ ঘূৰ্ণীবতাহত ভাঙি পৰিছিল। চুইমিং পুল কুঁৱলীৰে ক’লা হৈ পৰিছিল আৰু স্প’ৰ্টছ গাড়ীবোৰ গলি যোৱা টায়াৰৰ ওপৰত পৰিছিল। পেৰিছ হিল্টন, মেণ্ডী মূৰ আৰু কেৰী এলৱেছকে ধৰি হলিউডৰ তাৰকাসকলে ঘৰ হেৰুৱাইছে।এই ভয়াৱহ পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কেলিফৰ্ণিয়াক এই বনজুইৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ অতিৰিক্ত ধনৰ অনুমোদন জনাই কয় যে এই জুই হৈছে “লছ এঞ্জেলছত এতিয়ালৈকে হোৱা আটাইতকৈ বেয়া বনজুই।
 

কেলিফৰ্ণিয়াৰ অৰণ্যত বিয়পিছে বনজুই, দুজন লোকৰ মৃত্যু…১ হাজাৰৰো অধিক অট্টালিকা ধ্বংস

খৰাং আৰু প্ৰচণ্ড বতাহৰ বাবে দক্ষিণ কেলিফৰ্ণিয়াৰ অৰণ্যৰ বহু ঠাইত বনজুই বিয়পি পৰিছে । এই বনজুইত কমেও দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ খবৰ প্ৰকাশ পৰাইছে । ইয়াৰ বাহিৰেও জুই বিয়পি পৰাৰ বাবে বিভিন্ন স্থানত প্ৰায় ১০০০ টা অট্টালিকা ধ্বংস হৈছে ।

বুধবাৰে (স্থানীয় সময় অনুসৰি) এল এ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী এণ্টনি মেৰনে এক সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত তেওঁ কয় যে ইটনত হোৱা অগ্নিকাণ্ডৰ বাবে দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু লোক আহত হৈছে । ইটনৰ অগ্নিকাণ্ডত প্ৰায় ১০০টা অট্টালিকা ধ্বংস হয় ।

পেচিফিক পেলিছাডছৰ অগ্নিকাণ্ডত জ্বলিল ৫ হাজাৰ একৰ ভূমি-

একে সময়তে লছ এঞ্জেলছৰ পেচিফিক পেলিছাডছতো অগ্নিকাণ্ড সংঘটিত হৈছে, যাৰ বাবে ৫ হাজাৰ একৰতকৈ অধিক মাটি জ্বলি গৈছে আৰু হাজাৰ হাজাৰ লোকক জুইৰ পৰা উলিয়াই অনা হৈছে । মেৰনে কয় যে এই অগ্নিকাণ্ডত প্ৰায় ১০০০টা অট্টালিকা ধ্বংস হয় । বিষয়াসকলৰ মতে, ইয়াত কেইবাজনো লোক আহত হৈছে ।

২২২৭ একৰ মাটিত বিয়পি পৰিছে ইটনৰ জুই-

তেওঁ কয় যে কেলিফৰ্ণিয়াৰ আলটাডেনাত ইটনৰ জুইত ২,২২৭ একৰ মাটি জ্বলি গৈছে । তেওঁ কয় যে এতিয়াও জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই । ইফালে বনজুই কেলিফৰ্ণিয়াৰ ছান ফাৰ্নাণ্ডোৰ উত্তৰ-পূব দিশলৈ বিয়পি পৰে আৰু কমেও ৫০০ একৰ মাটি জ্বলি গৈছে ।

প্ৰায় ২.৫ লাখ লোকে পোৱা নাই বিদ্যুৎ যোগান-

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লছ এঞ্জেলছ কাউন্টিত পুৱালৈকে কমেও ২ লাখ ৪৫ হাজাৰ লোক বিদ্যুৎ সংযোগ বিহীন হৈ পৰিছে । জুই বৃদ্ধি পোৱাৰ লগে লগে নিজকে আৰু উদ্ধাৰ কৰ্মীসকলক সুৰক্ষিত ৰাখিবলৈ লোকসকলক খালী কৰাৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাইছে বিষয়াসকলে ।

লছ এঞ্জেলছৰ অৰণ্যত বনজুইৰ বিধ্বংসী ৰূপ, ঘৰ এৰিলৈ বাধ্য হৈছে হাজাৰ হাজাৰ লোক, ৰাষ্ট্ৰপতি বাইডেনৰ আৰ্থিক সাহায্য ঘোষণা

লছ এঞ্জেলছৰ পেচিফিক পেলিছাডছ অঞ্চলত সংঘটিত হোৱা এক বৃহৎ বনজুইৰ ফলত হাজাৰ হাজাৰ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হৈছে । এই অগ্নিকাণ্ডত এতিয়ালৈকে প্ৰায় ৩ হাজাৰ একৰ মাটি নষ্ট হৈছে । এক প্ৰতিবেদন অনুসৰি এতিয়াও এই অগ্নিকাণ্ড দ্ৰুতগতিত বিয়পি আছে আৰু ই স্থানীয় প্ৰশাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । ধুমুহা বতাহৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে, যাৰ ফলত সাহায্য অভিযানত বাধাৰ সৃষ্টি হৈছে । ইফালে ৰাষ্ট্ৰপতি জো বাইডেনে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে ।

পেচিফিক পেলিছাডছত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবাটাও ঘৰ ধ্বংস গৈছে । জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে । অগ্নিকাণ্ডৰ ফলত কেৱল সা-সম্পত্তিৰ ক্ষতি হোৱাই নহয় পৰিৱেশৰো ক্ষতিসাধন হৈছে । এই অগ্নিকাণ্ডত শ শ গছ আৰু জীৱ-জন্তু জ্বলি ছাই হৈ পৰিছে, যাৰ ফলত অঞ্চলটোৰ পৰিৱেশ ভাৰসাম্যত প্ৰভাৱ পৰিছে ।

ক্ষতিগ্ৰস্ত অঞ্চলত নিয়োজিত উদ্ধাৰকাৰী দল-

অগ্নিকাণ্ডৰ তীব্ৰতা দেখি প্ৰশাসনে হাজাৰ হাজাৰ বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছে । ক্ষতিগ্ৰস্ত অঞ্চলত নিয়োজিত উদ্ধাৰকাৰী দলে দিনে নিশাই কাম কৰি আছে লোকসকলক সুৰক্ষিত স্থানলৈ নিয়াৰ বাবে । স্থানীয় বিদ্যালয়, কমিউনিটি চেণ্টাৰ আৰু অন্যান্য নিৰাপদ স্থানসমূহ জৰুৰীকালীন আশ্ৰয় শিবিৰ হিচাপে প্ৰস্তুত কৰা হৈছে ।

ধুমুহা বতাহৰ প্ৰকোপ-

ধুমুহা বতাহে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা জটিল কৰি তুলিছে । প্ৰচণ্ড বতাহৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰা দলসমূহৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে । বতাহৰ গতি আৰু দিশৰ পৰিৱৰ্তনৰ বাবে জুইৰ দিশ অহৰহ সলনি হৈ থাকে, যাৰ ফলত উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হয় ।

সাহায্য আৰু উদ্ধাৰ অভিযান-

শ শ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে । হেলিকপ্টাৰ আৰু বিমানৰ জৰিয়তে জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও কঠিন ভূখণ্ড আৰু বেয়া বতৰৰ বাবে এই কাম প্ৰত্যাহ্বানজনক বুলি প্ৰমাণিত হৈছে । সকলোৰে সহযোগিতা বিচাৰি প্ৰশাসনে সকলোকে নিৰাপদ স্থানত থাকিবলৈ পৰামৰ্শ দিছে ।