অসমৰ পৰিৱেশ-পৰ্যটনৰ বাটকটীয়া অচিন্ত্য বৰুৱাৰ দেহাৱসান
অসমৰ পৰ্যটন ইতিহাসত অচিন্ত্য বৰুৱাৰ নাম সদায় স্বৰ্ণাক্ষৰে লিখা ৰ’ব । অসমলৈ, বিশেষকৈ কাজিৰঙালৈ বিদেশী পৰ্যটকৰ আগমন সুগম কৰিবৰ বাবে তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক সৈমান কৰাইছিল ।
অসমৰ পৰিৱেশ-পৰ্যটন (eco-tourism) খণ্ডৰ বাবে এক অত্যন্ত শোকাবহ খবৰ । উত্তৰ-পূব ভাৰতত বহনক্ষম বন্যপ্ৰাণী পৰ্যটনৰ অন্যতম দূৰদৰ্শী ব্যক্তি তথা কাজিৰঙাৰ বিখ্যাত ‘ৱাইল্ড গ্ৰাছ ৰিজৰ্ট’ৰ প্ৰতিষ্ঠাপক অচিন্ত্য বৰুৱাৰ আজি দেহাৱসান ঘটে । বন্যপ্ৰাণী আৰু পৰ্যটন জগতত সকলোৰে মৰমৰ “মঞ্জু দা” বুলি পৰিচিত বৰুৱাৰ চিকিৎসাৰ বাবে বোকাখাতৰ চিকিৎসালয়লৈ নি থকা অৱস্থাত পথতে দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক বিশেষ স্থান দিয়াত অচিন্ত্য বৰুৱাই এক ঐতিহাসিক আৰু পৰিৱৰ্তনকাৰী ভূমিকা পালন কৰিছিল । যি সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে বহু পৰিমাণে অচিনাকী হৈ আছিল, তেনে এক কঠিন সময়ত তেওঁ কাজিৰঙাত ‘ৱাইল্ড গ্ৰাছ ৰিজৰ্ট’ প্ৰতিষ্ঠা কৰি অসমত পৰিৱেশ-পৰ্যটনৰ এক নতুন ধাৰণাৰ সূচনা কৰিছিল ।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা-
১৯৫২ চনৰ ২৩ জানুৱাৰীত অসমৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত বিৰিঞ্চি কুমাৰ বৰুৱা আৰু শান্তি ছায়া বৰুৱাৰ গৃহত জন্মগ্ৰহণ কৰা অচিন্ত্য বৰুৱা শৈশৱৰে পৰাই অতি মেধাৱী আছিল । তেওঁ গুৱাহাটীৰ চেন্ট মেৰীছ স্কুল আৰু শ্বিলঙৰ চেন্ট এডমণ্ডছ স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত নতুন দিল্লীৰ বিখ্যাত চেন্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।
স্থানীয় সমাজৰ সৱলীকৰণ আৰু বন্যপ্ৰাণী সংৰক্ষণ-
কেৱল ব্যৱসায়িক পৰ্যটনতে আৱদ্ধ নাথাকি, বৰুৱাই কাজিৰঙাৰ আশে-পাশে থকা স্থানীয় সমাজখনক অৰ্থনৈতিকভাৱে সৱলীকৰণ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু প্ৰচেষ্টাৰ বাবেই বৃহত্তৰ কাজিৰঙা অঞ্চলৰ বহু থলুৱা যুৱকে পৰ্যটন গাইড, চালক আৰু ৰিজৰ্টৰ কৰ্মচাৰী হিচাপে আত্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি, তেওঁ বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় লোকৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ বিভিন্ন সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচীও চলাই গৈছিল ।
অসমৰ পৰ্যটন খণ্ডত ঐতিহাসিক অৱদান-
অসমৰ পৰ্যটন ইতিহাসত অচিন্ত্য বৰুৱাৰ নাম সদায় স্বৰ্ণাক্ষৰে লিখা ৰ’ব । অসমলৈ, বিশেষকৈ কাজিৰঙালৈ বিদেশী পৰ্যটকৰ আগমন সুগম কৰিবৰ বাবে তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক সৈমান কৰাইছিল । তেওঁৰ এই দূৰদৰ্শী পদক্ষেপৰ বাবেই পৰৱৰ্তী সময়ত ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ দুৱাৰ আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীৰ বাবে মুকলি হৈছিল ।
শোকৰ ছাঁ-
অচিন্ত্য বৰুৱাৰ আকস্মিক মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে পৰ্যটন আৰু বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পৰিছে । বিভিন্ন সতীৰ্থ তথা গুণমুগ্ধই তেওঁক এগৰাকী প্ৰকৃত সংৰক্ষক, মাৰ্গদৰ্শক আৰু এজন অসাধাৰণ গল্পকাৰ হিচাপে স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । সকলোৱে একমুখে স্বীকাৰ কৰিছে যে, যাৰ সমগ্ৰ জীৱন অসমৰ অৰণ্য আৰু মানুহৰ সৈতে গভীৰভাৱে জড়িত হৈ আছিল, সেইগৰাকী মহান ব্যক্তিৰ প্ৰয়াণ অসমৰ পৰিৱেশ-পৰ্যটন আৰু সংৰক্ষণ আন্দোলনৰ বাবে এক অপূৰণীয় ক্ষতি ।
লগতে পঢ়ক : অসম মালা ২.০: ৰাজ্যত প্ৰায় ১,০০০ কিলোমিটাৰ পথৰ দ্ৰুত উন্নয়ন