ফ্ৰান্সলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে অধ্যক্ষতা কৰিব এ আই শীৰ্ষ সন্মিলনৰ

এ আই একচন ছামিটৰ সহ-অধ্যক্ষতা কৰিবলৈ ফ্ৰান্সলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে দেশখনত প্ৰথমটো ভাৰতীয় কনছুলেট উদ্বোধন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় থাৰ্ম নিউক্লিয়াৰ পৰীক্ষামূলক ৰিয়েক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিবলৈ মাৰ্চেইলো ভ্ৰমণ কৰিব তেওঁ । ফ্ৰান্সৰ পাছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ আমেৰিকা ভ্ৰমণ কৰাৰো সম্ভাৱনা আছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এ আই উচ্চাকাংক্ষা আৰু চীনৰ চেটবট ডিপছিকৰ ছাঁত সোমবাৰৰ পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছত আৰম্ভ হ’ব কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন । এই সন্মিলনত এ আইৰ ভূ-ৰাজনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে । মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এ আই শীৰ্ষ সন্মিলন-২০২৫ৰ সহ-অধ্যক্ষ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সো উপস্থিত থাকিব । বুধবাৰে ফ্ৰান্সৰ কোম্পানীসমূহৰ মুৰব্বীসকলক সাক্ষাৎ কৰাৰ লগতে ডিগনিটি ডিনাৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

সন্মিলনত বিশ্বৰ নেতা, বিষয়া আৰু বিশেষজ্ঞসকলে এ আই প্ৰযুক্তিৰ বিকাশৰ দিশত পথ প্ৰদৰ্শনৰ বিষয়টো আলোচনা কৰিব । চীনৰ সুলভ মূল্যৰ ডিপছিক চেটবটে উদ্যোগটোক জোকাৰি যোৱাৰ সময়তে এই সন্মিলন অনুষ্ঠিত হৈছে । এই সন্মিলনৰ লক্ষ্য হৈছে এ আই কেনেদৰে ব্যৱহাৰ কৰিব পাৰি যাতে সকলোৱে লাভৱান হয় আৰু বিপদ নিয়ন্ত্ৰিত হয় ।

অল্টমেন আৰু পিচাইকে ধৰি ৮০খন দেশৰ বিষয়া আৰু মুখ্য কাৰ্যবাহী বিষয়াই অংশগ্ৰহণ কৰিব-

জাৰ্মানীৰ চেন্সেলৰ অলাফ শ্ব’লজ, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, অ’পেনএআইৰ চিইঅ’ ছেম অল্টমেন, মাইক্ৰ’ছফ্টৰ অধ্যক্ষ ব্ৰেড স্মিথ আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইকে ধৰি ৮০খন দেশৰ বিষয়া আৰু মুখ্য কাৰ্যবাহী বিষয়াই এই সন্মিলনত অংশগ্ৰহণ কৰিব ।

যৌথ ঘোষণাপত্ৰ প্ৰস্তুত কৰাৰ কাম চলি আছে-

ChatGPT আৰম্ভ হোৱাৰ দুবছৰতকৈও অধিক সময়ৰ পাছত জেনেৰেটিভ এ আই দ্ৰুতগতিত আগবাঢ়িছে । যোৱা বছৰ ব্ৰিটেইনত অনুষ্ঠিত হোৱা এখন শীৰ্ষ সন্মিলনৰ সময়ত ২৮খন দেশে এ আইৰ বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে এক অবাধ্যতামূলক প্ৰতিশ্ৰুতি দিছিল । পেৰিছ সন্মিলনত এ আই সুৰক্ষাও এজেণ্ডাত আছে । মেক্ৰনৰ কাৰ্যালয়ৰ মতে, অধিক নৈতিক, গণতান্ত্ৰিক আৰু পৰিৱেশ বহনক্ষম এ আইৰ বাবে যৌথ ৰাজনৈতিক ঘোষণাপত্ৰত স্বাক্ষৰ কৰাৰ কাম চলি আছে । অৱশ্যে আমেৰিকাই এনে ব্যৱস্থাত সন্মতি দিব নে নাই সেয়া স্পষ্ট নহয় ।

অৰাজকতা আৰু অহংকাৰৰ পৰাজয় হৈছে…বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী

দিল্লী বিধানসভা নিৰ্বাচনত দৰ্শনীয় প্ৰদৰ্শনৰ পিছত সমগ্ৰ দেশতে বিজেপি কৰ্মীসকলে ঢাক-ঢোল বজাই বিজয় উৎসব উদযাপন কৰিছে । ভাৰতীয় জনতা পাৰ্টিয়ে ২৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই বিপুল সংখ্যাগৰিষ্ঠতাৰে দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়, য’ত তেওঁক উষ্ম আদৰণি জনোৱা হয় ।

দিল্লীয়ে মুকলিকৈ দিলে সমৰ্থন- প্ৰধানমন্ত্ৰী মোদী

‘ভাৰত মাতা কি জয়, যমুনা মাইয়া কি জয়’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি দিল্লীৰ জনসাধাৰণৰ মাজত উৎসাহ আৰু শান্তি বিৰাজ কৰিছে । দিল্লী আপ-দা মুক্ত হৈ পৰিছে । দিল্লীবাসীক বিজেপিক সেৱাৰ সুযোগ দিবলৈ অনুৰোধ কৰিছিলোঁ । মোদীৰ নিশ্চয়তাক বিশ্বাস কৰা দিল্লীৰ প্ৰতিটো পৰিয়ালক মই শিৰনত কৰি প্ৰণাম জনাইছো । দিল্লীয়ে আমাক মুকলিকৈ মৰম দিছে । আমি দ্ৰুত উন্নয়ন আনি দিল্লীবাসীৰ ঋণ পৰিশোধ কৰিম

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই দিল্লীৰ প্ৰতিজন বাসিন্দালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু আপোনালোক সকলোৱে প্ৰতিটো পৰিয়াললৈ এই পত্ৰ প্ৰেৰণ কৰিছিল । মই দিল্লীলৈ প্ৰাৰ্থনা কৰিছিলোঁ যে বিজেপিক একবিংশ শতিকাত সেৱা আগবঢ়োৱাৰ সুযোগ দিয়ক, বিজেপিক দিল্লীক উন্নত ভাৰতৰ উন্নত ৰাজধানী হিচাপে গঢ়ি তোলাৰ সুযোগ দিয়ক । মই দিল্লীৰ প্ৰতিটো পৰিয়ালক মোদীৰ নিশ্চয়তাক বিশ্বাস কৰাৰ বাবে প্ৰণাম জনাইছো ।”

দিল্লী এখন মিনি ইণ্ডিয়া- প্ৰধানমন্ত্ৰী মোদী

কৰ্মীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দিল্লী কেৱল এখন চহৰ নহয়, বৰঞ্চ মিনি হিন্দুস্তান । এয়া এখন ক্ষুদ্ৰ ভাৰত । দিল্লীয়ে ভাৰতৰ ধাৰণাটো সম্পূৰ্ণ মনোভাৱৰ সৈতে মূৰ্ত কৰি তুলিছে । এক প্ৰকাৰে দিল্লী হৈছে বৈচিত্ৰ্যৰে ভৰা ভাৰতৰ ক্ষুদ্ৰ ৰূপ । আজি এই বৈচিত্ৰ্যপূৰ্ণ দিল্লীয়ে বিজেপিক এক বৃহৎ আদেশেৰে আশীৰ্বাদ দিলে । প্ৰতিটো ভাষাৰ, প্ৰতিখন ৰাজ্যৰ মানুহে পদুমৰ চিহ্নৰ বুটাম টিপিলে ।”

ভাষণত পূৰ্বাঞ্চলৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, “নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই য’তেই গৈছিলো, মই গৌৰৱেৰে কৈছিলো যে মই পূৰ্বাঞ্চলৰ এজন সাংসদ । পূৰ্বাঞ্চলৰ ৰাইজে এই সম্পৰ্কক নতুন শক্তি প্ৰদান কৰিলে । সেয়ে মই সাংসদ হিচাপে পূৰ্বাঞ্চলৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছো । আমি দিল্লীক আধুনিক চহৰ কৰিম । ৰাস্তা-ঘাট সন্দৰ্ভত আমাৰ কাম ৰাইজে দেখিছে ।”

মিল্কিপুৰত বিজেপিৰ বিজয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “অযোধ্যাৰ মিল্কিপুৰতো বিজেপিয়ে এক বৃহৎ জয় লাভ কৰিছে । প্ৰত্যেক শাখাই বৃহৎ সংখ্যক বিজেপিক ভোট দিছে । বন্ধুসকল, আজি দেশে বিজেপিৰ সন্তুষ্টিৰ ৰাজনীতি বাছি লৈছে আৰু তুষ্টিকৰণৰ নহয় । দিল্লীৰ কাষতে উত্তৰ প্ৰদেশ, এসময়ত ইউ পিৰ আইন-শৃংখলাৰ পৰিস্থিতি এক বৃহৎ প্ৰত্যাহ্বান আছিল । উত্তৰ প্ৰদেশত এনকেফেলাইটিছৰ বিধ্বংসী পৰিস্থিতি ৰৈ গৈছিল, কিন্তু আমি ইয়াক সমাপ্ত কৰাৰ সংকল্প লৈ কাম কৰিছিলো ।”

গৌৰৱ, অৰাজকতা আৰু অহংকাৰৰ পৰাজয় হৈছে- প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণে সম্পূৰ্ণ হৃদয়েৰে মৰম দিলে । দিল্লীবাসীৰ এই মৰম আৰু বিশ্বাসৰ বাবে আমি ঋণী । এতিয়া দিল্লীৰ ডাবল ইঞ্জিন চৰকাৰে দ্ৰুত উন্নয়নৰ জৰিয়তে এই ধন পৰিশোধ কৰিব । আজিৰ ঐতিহাসিক জয় সাধাৰণ জয় নহয় । দিল্লীৰ ৰাইজে আপ দলিয়াই দিলে । দিল্লী এক দশকৰ দুৰ্যোগৰ পৰা মুক্ত হৈ পৰিল । দিল্লীত বিকাশ, দৃষ্টিভংগী আৰু আস্থাৰ জয় হৈছে । অহংকাৰ, অৰাজকতা, আৰু আপ-দা পৰাজিত হৈছে । এই ফলস্বৰূপে দিনে-নিশাই বিজেপি কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই বিজয়ৰ গৌৰৱ বৃদ্ধি কৰে । সকলো কৰ্মী এই জয়ৰ যোগ্য । সকলোকে বিজয়ৰ বাবে অভিনন্দন জনাইছো ।

‘দিল্লীৰ উন্নয়নত আমি কোনো ত্ৰুটি নাৰাখোঁ, এয়া আমাৰ নিশ্চয়তা…’, বিজেপিৰ বিজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

২৭ বছৰৰ মূৰত দিল্লী দখল কৰিলে বিজেপিয়ে । দিল্লীৰ এই বিজয়ক ঐতিহাসিক জয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এই বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দিল্লীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

‘উন্নয়ন জিকিল, সুশাসন জিকিল’

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘জনশক্তি সৰ্বোচ্চ ! উন্নয়ন জয়ী, সুশাসন জয়ী… বিজেপিক এক ঐতিহাসিক বিজয় দিয়াৰ বাবে দিল্লীৰ সকলো ভাতৃ-ভগ্নীলৈ মোৰ প্ৰণাম আৰু অভিনন্দন । আপোনালোকে মোক দিয়া অজস্ৰ আশীৰ্বাদ আৰু মৰমৰ বাবে আপোনালোক সকলোৰে ওচৰত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

তেওঁ কয়, ‘দিল্লীৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আৰু ইয়াৰ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে আমি কোনো ত্ৰুটি নাৰাখো,  এয়া আমাৰ নিশ্চয়তা । ইয়াৰ সমান্তৰালকৈ আমি সুনিশ্চিত কৰিম যে এখন উন্নত ভাৰত সৃষ্টিৰ ক্ষেত্ৰত দিল্লীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই বৃহৎ আদেশৰ বাবে দিনে নিশাই কাম কৰা মোৰ সকলো বিজেপি কৰ্মীক লৈ মই অতি গৌৰৱান্বিত । এতিয়া আমি দিল্লীবাসীক আৰু অধিক সবলভাৱে সেৱা আগবঢ়াবলৈ উৎসৰ্গিত হৈ থাকিম ।

‘এয়া অহংকাৰ আৰু অৰাজকতাৰ পৰাজয়’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘দিল্লীত মিছাৰ ৰাজত্ব শেষ হ’ল । এয়া অহংকাৰ আৰু অৰাজকতাৰ পৰাজয় । ‘মোদী কি গ্যাৰাণ্টী’ৰ প্ৰতি দিল্লীবাসীৰ বিশ্বাস আৰু মোদীজীৰ উন্নয়নৰ দৃষ্টিভংগীৰ এই জয় । এই বৃহৎ আদেশৰ বাবে দিল্লীবাসীলৈ আন্তৰিক কৃতজ্ঞতা । মোদীজীৰ নেতৃত্বত বিজেপিয়ে নিজৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰি দিল্লীক বিশ্বৰ ১ নম্বৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ দৃঢ়প্ৰতিজ্ঞ ।‘

‘আপ-দা মুক্ত দিল্লী’

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই লিখিছে, “আপ-দা মুক্ত দিল্লী ! আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক বিজয় প্ৰধানমন্ত্ৰী মোদীৰ সক্ষম নেতৃত্বত সেৱা, সুশাসন, দুখীয়াৰ কল্যাণ, অন্ত্যোদয় আৰু উন্নয়নমুখী নীতিৰ প্ৰতি জনসাধাৰণৰ অদম্য সমৰ্থনৰ জয় । প্ৰতিটো বুথত অক্লান্তভাৱে কাম কৰা আমাৰ বিজেপি কৰ্মী আৰু ৰাজ্যিক নেতৃত্বলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।“

‘তেওঁলোকৰ মূল মন্ত্ৰ হৈছে পৰিয়াল প্ৰথম’…জৰুৰীকালীন অৱস্থা আৰু আম্বেদকাৰক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ…

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ সময়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় । বৃহস্পতিবাৰে (৬ ফেব্ৰুৱাৰী, ২০২৫) প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সবকা সাথ, সবকা বিকাশ তেওঁৰ চৰকাৰৰ মূল মন্ত্ৰ, আনহাতে কংগ্ৰেছৰ মূল মন্ত্ৰ হৈছে পৰিয়াল প্ৰথম । কংগ্ৰেছে এনেধৰণৰ ৰাজনীতিৰ আৰ্হি সৃষ্টি কৰিছে, য’ত মিছা, প্ৰতাৰণা, দুৰ্নীতি, নেপটিজিম আৰু তুষ্টিকৰণৰ মিশ্ৰণ ঘটিছিল বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদিয়ে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে পাঁচ-ছয় দশক ধৰি মানুহৰ হাতত বিকল্প মডেল নাছিল, কিন্তু ২০১৪ চনৰ পিছত দেশে নতুন মডেল দেখা পালে, যিটো তুষ্টিকৰণৰ ওপৰত নহয়, সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কংগ্ৰেছে ৰাইজক মূৰ্খ সজাই ৰাজনীতি চলাইছিল । বিজেপি নেতৃত্বাধীন চৰকাৰে সম্পদৰ সৰ্বাধিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱন্ত সংবাদ মাধ্যম আৰু গণতন্ত্ৰ থকা এখন দেশে তেওঁক তৃতীয়বাৰৰ বাবে দেশৰ সেৱা কৰাৰ সুযোগ দিছে আৰু সেয়া সম্ভৱ হৈছে কাৰণ জনসাধাৰণে তেওঁৰ উন্নয়নৰ আৰ্হিক পৰীক্ষা কৰি বুজি পাইছে আৰু সমৰ্থন কৰিছে । কংগ্ৰেছক আক্ৰমণ কৰি মোদীয়ে কয় যে তেওঁলোক আনৰ লাইন চুটি কৰাত ব্যস্ত । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে নিজৰ চৰকাৰৰ নীতি আৰু জৰুৰীকালীন অৱস্থাৰ বিষয়ত কংগ্ৰেছক আক্ৰমণ কৰে ।

‘বাধ্যত পৰি জয় ভীম কৈছে কংগ্ৰেছে’

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছৰ ৰাজপৰিয়ালৰ অৰ্থনৈতিক দুৰ্নীতি আৰু ভুল নীতিৰ বাবে সমগ্ৰ বিশ্বতে সমগ্ৰ দেশক দোষাৰোপ আৰু বদনাম কৰা হৈছিল । কংগ্ৰেছৰ সময়ছোৱাত বিলম্ব কৰাটো তেওঁলোকৰ সংস্কৃতিত পৰিণত হৈছিল । সবকা সাথ সবকা বিকাশ কংগ্ৰেছৰ সৈতে সম্ভৱ নহয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বাবা চাহেবক কংগ্ৰেছে কেতিয়াও ভাৰতৰত্নৰ যোগ্য বুলি গণ্য কৰা নাছিল । এই দেশৰ জনসাধাৰণে, সমগ্ৰ সমাজে বাবা চাহেবৰ আৱেগক সন্মান কৰিছিল । তাৰ পিছত আজি কংগ্ৰেছে জয় ভীম বুলি ক’বলৈ বাধ্য হৈছে ।”

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয়, “কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰক ইমানেই ঘৃণা কৰিছিল, তেওঁৰ বিৰুদ্ধে কংগ্ৰেছত ইমানেই ক্ষোভ আছিল যে তেওঁৰ (বাবা চাহেব) প্ৰতিটো কথাতে বিৰক্ত হৈছিল । ইয়াৰ সকলো নথি-পত্ৰ উপলব্ধ । এই ক্ষোভৰ বাবেই বাবা চাহেবক দুবাৰকৈ পৰাস্ত কৰিবলৈ কি কৰা নহ’ল । নিৰ্বাচনত বাবা চাহেবক পৰাস্ত কৰিবলৈ কি কৰা নাছিল ।”

কংগ্ৰেছৰ পৰা বন্ধু পলাইছে- প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি কংগ্ৰেছে জাতিবাদৰ বিষ বিয়পাবলৈ চেষ্টা কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছৰ ৰাজনীতিৰ মন্ত্ৰ সদায় আনৰ সাফল্য চুটি কৰা । ইয়াৰ বাবেই তেওঁলোকে চৰকাৰক অস্থিৰ কৰি তুলিছিল । কোনো ৰাজনৈতিক দলে যদি ক’তো চৰকাৰ গঠন কৰিছিল তেন্তে চৰকাৰক অস্থিৰ কৰি পেলাইছিল । তেওঁলোকে (কংগ্ৰেছে) বাছি লোৱা পথৰ বাবে লোকসভা নিৰ্বাচনৰ পিছত তেওঁলোকৰ লগত থকাসকলো পলাই গৈছে ।”

জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে-

ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাৰ কথাও উল্লেখ কৰি কংগ্ৰেছক লক্ষ্য কৰি কয় যে এই সময়ছোৱাত ক্ষমতাৰ স্বাৰ্থত সংবিধান পদদলিত কৰা হৈছিল । তেওঁ কয় যে জৰুৰীকালীন সময়ত বিখ্যাত অভিনেতা দেৱ আনন্দক ৰাজহুৱাভাৱে সমৰ্থন কৰিবলৈ কোৱা হৈছিল যদিও তেওঁ নাকচ কৰাৰ সময়ত তেওঁৰ সকলো ছবি দূৰদৰ্শনত নিষিদ্ধ কৰা হৈছিল । তেওঁ কয় যে যেতিয়া কিশোৰ কুমাৰে কংগ্ৰেছৰ হৈ গান গাবলৈ অস্বীকাৰ কৰিছিল তেতিয়া তেওঁৰ সকলো গীত অল ইণ্ডিয়া ৰেডিঅ’ত নিষিদ্ধ কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জৰুৰীকালীন অৱস্থাত জৰ্জ ফাৰ্নাণ্ডেজকে ধৰি দেশৰ বহু মহান ব্যক্তিক হেণ্ডকাফ লগাই শিকলিৰে বান্ধি ৰখা হৈছিল । সংসদৰ সদস্য আৰু দেশৰ বিশিষ্ট নেতাসকলক হাত শিকলিৰে বান্ধি ৰখা হৈছিল । সংবিধান শব্দটো কংগ্ৰেছৰ মুখত খাপ নাখায় । ক্ষমতাৰ স্বাৰ্থত আৰু ৰাজপৰিয়ালৰ অহংকাৰৰ বাবে লাখ লাখ পৰিয়াল ধ্বংস কৰি দেশখন কাৰাগাৰলৈ পৰিণত হৈছিল ।“

‘মনত ৰাখিব…’ভোটগ্ৰহণৰ দিনা দিল্লীবাসীলৈ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ আবেদন

আজি (৫ ফেব্ৰুৱাৰী) দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে সম্পূৰ্ণ শক্তিৰে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে ।

আজি পুৱা ৭ বজাৰ পৰা দিল্লীৰ সকলো ভোটকেন্দ্ৰতে ভোটগ্ৰহণ আৰম্ভ হৈছে । সন্ধিয়া ৬ বজালৈ ভোটদান কৰিব পাৰিব ৰাইজে । ইফালে ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাইজক বিশেষ আহ্বান জনাইছে ।

প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰীৰ আহ্বান-

ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আজি দিল্লী বিধানসভাৰ নিৰ্বাচনত সকলো আসনৰ বাবে ভোটদান কৰা হ’ব । ভোটাৰসকলক মই গণতন্ত্ৰৰ এই উৎসৱত সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰি নিজৰ বহুমূলীয়া ভোটদান কৰিবলৈ আহ্বান জনাইছো । এই উপলক্ষে প্ৰথমবাৰৰ বাবে ভোট দান কৰা সকলো যুৱ বন্ধুবৰ্গলৈ মই মোৰ বিশেষ শুভেচ্ছা জনাইছো। মনত ৰাখিব – প্ৰথমে ভোট দিয়ক, তাৰ পিছত জলপান !”

একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “দিল্লী বিধানসভা নিৰ্বাচনত ভোট দিবলৈ যোৱা মোৰ ভাতৃ-ভগ্নীসকললৈ আহ্বান জনাইছো যে মিছা প্ৰতিশ্ৰুতি, প্ৰদূষিত যমুনা, সুৰাৰ দোকান, ভঙা ৰাস্তা আৰু লেতেৰা পানীৰ বিৰুদ্ধে ভোট দিয়ক । জনকল্যাণৰ এক শক্তিশালী ৰেকৰ্ড আৰু দিল্লীৰ উন্নয়নৰ বাবে এক স্পষ্ট দৃষ্টিভংগী থকা এখন চৰকাৰ সৃষ্টি কৰিবলৈ আজি উৎসাহেৰে ভোট দিয়ক । আপোনাৰ এটা ভোটই দিল্লীক পৃথিৱীৰ আটাইতকৈ উন্নত ৰাজধানী গঢ়ি তুলিব পাৰে । প্ৰথমে ভোট দিয়ক, তাৰ পিছত জলপান খাওক ।”

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও ভোটদানৰ বাবে আবেদন জনায়-

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়েও ৰাইজক ভোটদানৰ আহ্বান জনাই কয় যে, “মই অনুৰোধ কৰিছো যে দিল্লীৰ সকলো জনসাধাৰণে ঘৰৰ পৰা ওলাই আহি বৃহৎ সংখ্যক ভোটদান কৰক আৰু দিল্লীত দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাৰ সমাপ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ অমূল্য ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছো ।”

ইফালে নতুন দিল্লী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে কয় যে, “প্ৰতিটো নিৰ্বাচন গুৰুত্বপূৰ্ণ । এতিয়া মই ভোট দিবলৈ যাম । আশা কৰোঁ সকলোৱে ওলাই আহি ভোট দিব ।”

বুধবাৰে ​​সংগমত স্নান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…ভ্ৰমণ কৰিব মহাকুম্ভ মেলা

বুধবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বুধবাৰে সংগমত স্নান কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা পূজা কৰিব । প্ৰায় দুঘণ্টা ধৰি প্ৰয়াগৰাজত থাকিব তেওঁ । প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰস্তুতি আৰম্ভ কৰিছে মেলা প্ৰশাসনে । মহাকুম্ভ চহৰত শিবিৰ পাতিছে নিৰাপত্তা সংস্থাই ।

অৰাল অঞ্চলত তেওঁৰ সুৰক্ষাৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মোতায়েন কৰা হৈছে ৫টা খণ্ডৰ দণ্ডাধীশ । ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজলৈ আহি প্ৰধানমন্ত্ৰী মোদীয়ে ৫৫০০ কোটি টকাৰ ১৬৭টা প্ৰকল্পৰ কথা ঘোষণা কৰিছিল ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী চলি থকা অঞ্চলসমূহ এন এছ জিয়ে দখল কৰিছে । দণ্ডাধীশৰ লগতে বৃহৎ সংখ্যক আৰক্ষী, পি এ চি আৰু আৰ এ এফৰ জোৱান নিয়োগ কৰা হৈছে । গংগা ঘাটসমূহৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । মহানগৰীৰ পৰা কুম্ভ চহৰলৈ সন্দেহযুক্ত লোকৰ তালাচী অব্যাহত আছে ।

মুখ্যমন্ত্ৰী আদিত্যনাথৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়েও প্ৰধানমন্ত্ৰীক সংগ দিব । মেলাৰ বিষয়া বিজয় কিৰণ আনন্দই কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । পাঁচজন দণ্ডাধীশ আৰু বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে সংগমত স্নান কৰি গংগাক পূজা কৰিব ।

২০১৯ চনৰ কুম্ভত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে-

পি এম অ’ই কয় যে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতি থকা প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে তীৰ্থস্থানত আন্তঃগাঁথনি আৰু সা-সুবিধা বৃদ্ধিৰ বাবে নিৰন্তৰ সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সাধাৰণ জনতাৰ সংযোগ, সুবিধা আৰু সেৱাৰ উন্নতিৰ বাবে ৫৫০০ কোটি টকাৰ ১৬৭টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিছিল বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । ইয়াৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত ২০১৯ চনৰ কুম্ভ মেলাৰ সময়ত তেওঁ গংগাত স্নান কৰি চাফাই কৰ্মীৰ ভৰি ধুইছিল ।

‘দিল্লীত এটাও বস্তি নাভাগে’…অৰবিন্দ কেজৰিৱালৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লী বিধানসভা নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পূৰ্বে সকলো দলে ভোটাৰৰ মন জয় কৰিবলৈা যৎপৰোনাস্তি চেষ্টা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আৰ কে পুৰমত এক সভা অনুষ্ঠিত কৰে । ইয়াত তেওঁ কয়, ‘দিল্লীত এটাও বস্তি ভঙা নহ’ব ।’ দৰাচলতে বিগত কেইবাদিনো ধৰি অৰবিন্দ কেজৰিৱালে ৰাজহুৱা সভাত অভিযোগ উত্থাপন কৰি আহিছে যে বিজেপি ক্ষমতালৈ আহিলে বস্তিবোৰ ভাঙি পেলাব । এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত বস্তিৰ বিষয়টো বহু চৰ্চিত হৈছে ।

এই সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিল্লীত এটাও বস্তি ভঙা নহ’ব । তেওঁ কয় যে দিল্লীত কোনো জনকল্যাণমূলক আঁচনি বন্ধ নহয় ৷ আমি আপৰ দৰে কেৱল ঘোষণাৰ স্বাৰ্থত ঘোষণা নকৰো, বাজেটতো তাৰ ব্যৱস্থা কৰোঁ ।

‘দিল্লীত এটাও বস্তি নাভাগে’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই ‘আপ-দা’ সকলে উৰাবাতৰি বিয়পাইছে কিন্তু মনত ৰাখিব, দিল্লীত এটা বস্তিও নাভাগে । কোনো জনকল্যাণমূলক আঁচনি বন্ধ নহয় । পূৰ্বাঞ্চল আৰু বিহাৰৰ ভাই-ভনীৰ পৰা বাৰ্তা পাইছোঁ । তেওঁলোকৰ বাৰ্তা আহি আছে কাৰণ মোদী পূৰ্বাঞ্চলৰ সাংসদ হিচাবে ক্ষমতালৈ আহিছে ।‘

তেওঁ কয়, ‘কভিডৰ নামত মোৰ পূৰ্বাঞ্চলৰ ভাই-ভনীক দিল্লীৰ পৰা খেদি পঠিওৱা হৈছে । পূৰ্বাঞ্চল আৰু বিহাৰৰ ৰাইজক সহায় কৰি যাব বিজেপি চৰকাৰে । এইবাৰৰ বাজেট মধ্যবিত্ত শ্ৰেণীৰ বাবে বন্ধুত্বপূৰ্ণ বাজেট ।‘

ইমান ডাঙৰ সকাহ কেতিয়াও পোৱা নাই”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বছৰত ১২ লাখ টকা উপাৰ্জন কৰা মানুহে ইমান ডাঙৰ সকাহ কেতিয়াও পোৱা নাই । নেহৰুৰ দিনত যদি আপুনি ১২ লাখ টকা উপাৰ্জন কৰিছিল তেন্তে চৰকাৰে আপোনাৰ উপাৰ্জনৰ এক চতুৰ্থাংশ ঘূৰাই ল’ব । ইন্দিৰা গান্ধীৰ চৰকাৰত ১২ লাখ টকা উপাৰ্জন কৰিলে ১০ লাখ টকা পৰ্যন্ত দিব লাগিব । ১০-১২ বছৰ আগলৈকে কংগ্ৰেছ চৰকাৰৰ দিনত ১২ লাখ টকা উপাৰ্জন কৰিলে ২,৬০,০০০ টকা কৰ ঘূৰাই দিব লাগিছিল ।‘

‘ভুলতো ‘আপ-দা’  চৰকাৰ আহিব নালাগে’

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এইবাৰ দিল্লীত বিজেপি চৰকাৰ গঠন হ’বলৈ গৈ আছে । দিল্লীৰ ‘আপ-দা’ পাৰ্টিয়ে ইয়াত ১১ বছৰ নষ্ট কৰিলে । দিল্লীৰ প্ৰতিটো পৰিয়ালক অনুৰোধ জনাইছো যে মোক দিল্লীবাসীক সেৱা আগবঢ়োৱাৰ সুযোগ দিয়ক । মই নিশ্চয়তা দিছো যে আপোনালোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে মই সকলো চেষ্টা কৰিম । দিল্লীৰ সেৱা কৰা, দিল্লীক সুন্দৰ কৰি তোলা চৰকাৰ এখন আমি গঠন কৰিব লাগিব । এতিয়া ভুলতো ইয়ালৈ ‘আপ-দা’ চৰকাৰ আহিব নালাগে ।

‘এয়া ৰাইজৰ বাজেট, পূৰণ হ’ব ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা’…প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ বাজেটক অতিশয় প্ৰশংসা কৰে । তেওঁ ইয়াক জনসাধাৰণৰ বাজেট বুলি অভিহিত কৰে । তেওঁ কয়, ‘আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট, প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰাৰ এই বাজেট । আমি যুৱক-যুৱতীসকলৰ বাবে বহু খণ্ড মুকলি কৰিছো । ই উন্নত ভাৰতৰ মিছনক আগুৱাই নিব । এই বাজেটে সঞ্চয় বৃদ্ধি কৰিব, বিনিয়োগ বৃদ্ধি কৰিব আৰু লগতে বৃদ্ধিৰ গতিও ত্বৰান্বিত কৰিব । ইয়াৰ বাবে বিত্তমন্ত্ৰীক অভিনন্দন জনাইছো ।‘

কেনেকৈ বৃদ্ধি পাব নাগৰিকৰ সঞ্চয় ? এই ক্ষেত্ৰত গুৰুত্ব দিয়ক

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সাধাৰণতে বাজেটৰ কেন্দ্ৰবিন্দু চৰকাৰী কোষাগাৰ কেনেকৈ পূৰণ কৰা হ’ব, কিন্তু এই বাজেটখন তাৰ হুবহু বিপৰীত । এই বাজেটখনে দেশৰ নাগৰিকৰ পকেট কেনেকৈ ভৰিব, দেশৰ নাগৰিকৰ সঞ্চয় কেনেকৈ বৃদ্ধি পাব আৰু দেশৰ নাগৰিক কেনেকৈ উন্নয়নৰ অংশীদাৰ হ’ব ?  এই বাজেটে ইয়াৰ বাবে এক অতি শক্তিশালী ভেটি স্থাপন কৰে ।

‘উন্নয়নৰ লগতে ঐতিহ্য’ৰ মন্ত্ৰৰে দেশখন আগবাঢ়িছে

তেওঁ কয় যে আজি দেশখন ‘উন্নয়নৰ লগতে ঐতিহ্য’ৰ মন্ত্ৰৰে আগবাঢ়িছে । ইয়াৰ বাবে এই বাজেটত অতি গুৰুত্বপূৰ্ণ আৰু সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই বাজেটত এক কোটি পাণ্ডুলিপি সংৰক্ষণৰ বাবে ‘জ্ঞান ভাৰত মিছন’ আৰম্ভ কৰা হৈছে ।

বাজেটত সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটত সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডক প্ৰসাৰিত কৰাৰ সিদ্ধান্ত অতি ঐতিহাসিক । বাজেটত নিয়োগৰ সকলো খণ্ডকে সকলো দিশতে অগ্ৰাধিকাৰ দিয়া হৈছে ।

নতুন যুগৰ অৰ্থনীতিৰো ধ্যান ৰখা হৈছে

তেওঁ কয় যে নতুন উদ্যোগী হ’ব বিচৰা দেশৰ অনুসূচিত জাতি, অনুসূচিত জাতি আৰু মহিলাসকলৰ বাবে নিশ্চয়তা অবিহনে ২ কোটি টকা পৰ্যন্ত ঋণৰ আঁচনিও অনা হৈছে ৷ এই বাজেটত নতুন যুগৰ অৰ্থনীতিৰ কথা মনত ৰাখি গিগ কৰ্মীৰ বাবে এটা ডাঙৰ ঘোষণা কৰা হৈছে । প্ৰথমবাৰৰ বাবে ই-শ্ৰম পৰ্টেলত গিগ কৰ্মীসকলক পঞ্জীয়ন কৰা হ’ব আৰু তাৰ পিছত তেওঁলোকে স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব ।

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…ফিট ইণ্ডিয়াৰ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনৰ ৰায়পুৰৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভ কৰে । ইয়াৰ মাজতে তেওঁ ষ্টেডিয়ামত ফ্লেচ লাইট জ্বলাই ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে । লগতে যুৱ প্ৰজন্মক ফিট ইণ্ডিয়া আন্দোলনৰ বাবে আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি মই এনে এটা প্ৰত্যাহ্বানৰ কথা ক’ব বিচাৰিছো, আমাৰ দেশত মেদবহুলতাৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । সকলো বয়সৰ লোক, যুৱক-যুৱতী ইয়াৰ দ্ধাৰা প্ৰভাৱিত হৈছে । ইয়াৰ বাবেই ডায়েবেটিছ আৰু হৃদৰোগ বাঢ়িছে । দেশ ফিট ইণ্ডিয়া আন্দোলনৰ বিষয়ে অৱগত হৈছে । ৰাষ্ট্ৰীয় খেলেও ফিট আৰু বেলেন্স লাইফ শিকায় । গতিকে কিছু সময় উলিয়াই নিজকে আৰু দেশখনক ফিট কৰি ৰাখক ।

ভাষণত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-

-প্ৰধানমন্ত্ৰী  মোদীয়ে যুৱ প্ৰজন্মক ফিট ইণ্ডিয়া মুভমেণ্টৰ বাবে আহ্বান জনায় ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰাখণ্ডে ইয়াৰ উন্নয়নৰ বাবে অধিক পথ সৃষ্টি কৰিব লাগিব । উত্তৰাখণ্ডত শীতকালীন পৰ্যটনক উৎসাহিত কৰাটো গুৰুত্বপূৰ্ণ ।

-UCC ৰূপায়ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে উত্তৰাখণ্ড । ইউ চি চিয়ে গণতন্ত্ৰক শক্তিশালী কৰিব । ক্ৰীড়াইও আমাক বৈষম্যৰ অনুভূতিৰ পৰা মুক্ত কৰে । ইউ চি চিৰো একেই আৱেগ । কাৰো বিৰুদ্ধে কোনো বৈষম্য নাই, ইউ চি চিৰ বাবে সকলো সমান ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ২০৩৬ চনৰ অলিম্পিকৰ বাবে পূৰ্ণ প্ৰচেষ্টা হাতত লৈছে । ই কেৱল ক্ৰীড়া অনুষ্ঠান নহয়, য’তেই নহওক কিয় ই বহু ক্ষেত্ৰত গতি প্ৰদান কৰে ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হকীৰ পুৰণি গৌৰৱময় দিন ঘূৰি আহিছে ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই আপোনালোকৰ সমৰ্থন বৃদ্ধিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছো । ১০ বছৰৰ আগৰ ক্ৰীড়া বাজেট আজি তিনিগুণ বৃদ্ধি পাইছে ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ খেলুৱৈসকলে মোক পি এম অৰ্থাৎ পৰম মিত্ৰ বুলি গণ্য কৰে । আপোনাৰ এই বিশ্বাসেই মোক শক্তি প্ৰদান কৰে ।

-দেশ তৃতীয় অৰ্থনৈতিক শক্তি হ’বলৈ আগবাঢ়িছে । ইয়াৰ আঁৰত ক্ৰীড়া অৰ্থনীতিও আছে ।

-উত্তৰাখণ্ডত আয়োজিত এই অনুষ্ঠানে খেলুৱৈসকলক উপকৃত কৰাই নহয়, অন্যান্য খণ্ডসমূহৰো বৃদ্ধিত সহায় কৰিব ।

-মোৰ সংসদীয় সমষ্টি কাশীৰ ডেৰ লাখ যুৱকে প্ৰতি বছৰে খেল খেলাৰ সুযোগ পায় । আমি ক্ৰীড়াক ভাৰতৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি গণ্য কৰোঁ ।