কোনো পাৰমাণৱিক ব্লেকমেইল ভাৰতে সহ্য নকৰে, দিয়া হ’ব যোগ্য প্ৰত্যুত্তৰ… সকীয়াই দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

অপাৰেচন সিন্দুৰৰ পাছত সোমবাৰে প্রধানমন্ত্রী মোদীয়ে প্রথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে ৷ দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে বিগত দিনত বিশ্বই ভাৰতৰ শক্তি আৰু সংযম দুয়োটাকে দেখিছে । তেওঁ দেশৰ তিনিটা সশস্ত্ৰ বাহিনী আৰু বিজ্ঞানীক প্ৰণাম জনায় । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক উপযুক্ত উত্তৰ দি কয় যে যদি ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হয় তেন্তে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম ।

প্ৰধানমন্ত্ৰী মোদীয়ে দেশক দিয়া ভাষণত কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অভিযান কেৱল পিছুৱাই দিয়া হৈছে, বন্ধ কৰা হোৱা নাই । পাকিস্তানৰ মনোভাৱ কি হ’ব, ইয়াক লৈ ভৱিষ্যতে কঠোৰ সিদ্ধান্ত লোৱা হ’ব আৰু উত্তৰো দিয়া হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ লগতে বিশ্বৰ আগত স্পষ্ট কৰি দিয়ে যে ‘পাকিস্তানৰ সৈতে যদি আলোচনা হ’ব, তেন্তে সেয়া কেৱল সন্ত্ৰাসবাদ আৰু পাক অধিকৃত কাশ্মীৰৰ ওপৰতহে হ’ব ।’

সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ সাজু-

প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক প্ৰদান কৰা ভাষণত কয়, ‘আমি ভাৰতীয় সশস্ত্ৰ বাহিনীক সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিছো । আজি প্ৰতিটো সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনে বুজি পাইছে যে আমাৰ কন্যা আৰু ভগ্নীসকলৰ স্বাভিমান আৰু গৌৰৱৰ ক্ষতি কৰিবলৈ চেষ্টা কৰাৰ পৰিণতি কি হ’ব । অপাৰেচন সিন্দুৰ কেৱল এটা নাম নহয় । এয়া ৰাষ্ট্ৰৰ সামূহিক আৱেগ আৰু স্থিতিস্থাপকতাৰ এক শক্তিশালী প্ৰতীক ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ ৰাষ্ট্ৰ, প্ৰতিজন নাগৰিক, প্ৰতিখন সমাজ, প্ৰতিটো শ্ৰেণী, প্ৰতিটো ৰাজনৈতিক দলে এক মাতেৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে থিয় দিয়ে ।

পাকিস্তানৰ প্ৰতিটো আক্ৰমণ বতাহতেই বিফল হৈছিল-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তিনি দশক ধৰি পাকিস্তানত সন্ত্ৰাসবাদীয়ে ঘূৰি ফুৰিছিল । সন্ত্ৰাসবাদী কাৰ্যক বিৰোধিতা কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে । পাকিস্তানে আমাৰ কলেজ, স্কুল, গুৰুদ্বাৰ আৰু সাধাৰণ নাগৰিকৰ ঘৰবোৰক লক্ষ্য কৰি লৈছিল, আমাৰ সামৰিক ঘাটিবোৰক লক্ষ্য কৰিছিল, কিন্তু ইয়াতো পাকিস্তান নিজেই উন্মোচিত হৈছিল । বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ খেৰৰ দৰে সিঁচৰতি হৈ পৰিল । আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আকাশত পাকিস্তানৰ প্ৰতিটো আক্ৰমণ বিফল কৰি পেলালে ।

প্ৰথম ৩ দিনত ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিলে যে তেওঁলোকে কল্পনাও কৰা নাছিল । ইয়াৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা সহায় বিচাৰিবলৈ আৰম্ভ কৰে ।

তিনিটা কথা স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেচন সিন্দুৰ এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নতুন নীতি । এই সময়ছোৱাত তেওঁ তিনিটা কথা অতি স্পষ্টকৈ কয় । প্ৰথম কথা, আক্ৰমণ হ’লে আমি উপযুক্ত উত্তৰ দিম; সন্ত্ৰাসবাদৰ শিপা উদয় হোৱা প্ৰতিটো ঠাইতে আমি ব্যৱস্থা গ্ৰহণ কৰিম । দ্বিতীয়তে, ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ভাবুকি সহ্য নকৰে, তৃতীয়তে আমি সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মালিকসকলক পৃথকে পৃথকে নাচাব । এই অভিযানৰ সময়ত বিশ্বই পাকিস্তানৰ কুৎসিত মুখ দেখিবলৈ পাইছে যেতিয়া দেশখনৰ চৰকাৰ আৰু সেনাৰ শীৰ্ষ বিষয়াসকলে নিহত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাত ভিৰ কৰিছিল । লগতে ভাৰতৰ নাগৰিকক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম ।

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ পাছত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব ৷ স্থল, আকাশ আৰু সাগৰীয় সকলো সামৰিক আক্ৰমণ বন্ধ কৰাৰ বাবে দুয়োখন দেশৰ পাৰস্পৰিক চুক্তিত উপনীত হোৱাৰ দুদিন পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব দেশবাসীক । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যত্তৰ দি ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছত শনিবাৰে দুয়ো দেশৰ মাজত যুদ্ধবিৰতি হয় ।

১০০ সন্ত্ৰাসবাদী আৰু ৪০ পাকিস্তানী সেনা জোৱান নিহত-

পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰাৰ উদ্দেশ্যে ভাৰতে যোৱা ৭ মে’ৰ পুৱা অপাৰেচন সিন্দুৰ আৰম্ভ কৰে । এই অভিযানত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৪০ পাকিস্তানী সেনা জোৱান নিহত হয় । ‘অপাৰেচন সিন্দুৰ’ত লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ শিবিৰসমূহক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক-

ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ৰ মাজত নিৰ্ধাৰিত আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছে এন এছ এ অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু তিনি সেৱাৰ মুৰব্বী ।

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ কূটনৈতিক আৰু সামৰিক সঁহাৰিৰ পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ নিজৰ বাসগৃহত চৰকাৰী আৰু প্ৰতিৰক্ষাৰ শীৰ্ষ বিষয়াৰ সৈতে নিয়মীয়াকৈ বৈঠকত মিলিত হৈছে ।

যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে-

উল্লেখ্য যে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ৯ মে,’ শুকুৰবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ বিষয়ে তথ্য দিছিল । তেওঁ কয় যে ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা দুয়োপক্ষই স্থল, আকাশ আৰু সাগৰত সকলো গুলীচালনা আৰু সামৰিক কাৰ্যকলাপ বন্ধ কৰিব । কিন্তু এই সিদ্ধান্তৰ মাত্ৰ চাৰি ঘন্টাৰ পিছতে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানে ।

‘দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত…’, অপাৰেচন সিন্দুৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীক ‘অপাৰেচন সিন্দুৰ’ৰ বাবে প্ৰশংসা কৰে । উল্লেখ্য যে, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰে । এই সময়ছোৱাত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হয় । পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিবলৈ ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পিছতে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয় ।

কেবিনেটক অপাৰেচন সিন্দুৰৰ বিষয়ে অৱগত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ইয়াৰ পিছত সমগ্ৰ কেবিনেটে প্ৰধানমন্ত্ৰীৰ এই কাৰ্য আৰু নেতৃত্বক শলাগ লয় । অনুমান কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়েও কয় যে তেওঁৰ চৰকাৰৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা থাকিব । জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰী আৰু এন এছ এ অজিত ডোভালক পৃথকে পৃথকে সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত মঙলবাৰ আৰু বুধবাৰৰ মাজ নিশা ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই । ইয়াৰ ভিতৰত বাহাৱালপুৰৰ জয়ছ-ই-মহম্মদৰ শিবিৰ আৰু মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ আত্মগোপন স্থানো আছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ উদ্দেশ্য, পদ্ধতি আৰু সময় সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ।

অপাৰেচন সিন্দুৰঃ কোনে দিছিল এই নাম… আৰু ইয়াৰ পিছতে পাকিস্তানত তচনচ হৈ পৰিল সন্ত্ৰাসবাদীৰ ঘাটি

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাই । এই অভিযানক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে, যাক প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ অনুযায়ী ৰখা হৈছিল । পহলগামত সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীয়ে পুৰুষ পৰ্যটকক লক্ষ্য কৰি লৈছিল, য’ত বহু মহিলাই নিজৰ স্বামীক হেৰুৱাব লগা হয় । সেয়েহে ভাৰতে গ্ৰহণ কৰা এক্সনক ‘অপাৰেচন সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে ।

শেহতীয়াকৈ জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিহাৰত এখন নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে ভাৰতে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত চৰকাৰ আৰু সশস্ত্ৰ বাহিনীয়ে নিৰন্তৰ প্ৰস্তুতি চলাইছিল । শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ধাৰাবাহিক বৈঠক চলি আছিল । তিনিওজন সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । এতিয়া যৌথ অভিযানৰ অধীনত ভাৰতৰ তিনিওট সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলাই আৰু ইয়াৰ লগে লগে পাকিস্তানৰ অহংকাৰ তচনচ হৈ পৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ মাটিৰ পৰাই কৈছিল যে এই সন্ত্ৰাসবাদী আক্ৰমণত কোনোবাই পুত্ৰক হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, কোনোবাই জীৱন সংগী হেৰুৱাইছে । কোনোৱে বাংলা কৈছিল, কোনোৱে কানাড়া, কোনো মাৰাঠী, কোনো ওড়িয়া, কোনো গুজৰাটী, কোনো বিহাৰৰ আছিল । আজি কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে সেই সকলো মানুহৰ মৃত্যুত আমাৰ দুখ, আমাৰ ক্ষোভ একেই । এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয় দেশৰ শত্ৰুপক্ষই ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে ।

‘ভাৰতৰ অধিকাৰৰ পানীও দেশৰ বাহিৰলৈ গৈছিল, কিন্তু এতিয়া…’ সিন্ধু জল সন্ধি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ ঘোষণা

ভাৰতে পাকিস্তানৰ সৈতে দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তৰ পাছত মঙলবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথম ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে ভাৰতৰ বাবে নিৰ্ধাৰিত পানী এতিয়া দেশৰ ভিতৰতে থাকিব আৰু ব্যৱহাৰ কৰা হ’ব ।

ব্যক্তিগত নিউজ চেনেলৰ এক অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আগতে ভাৰতৰ অধিকাৰৰ পানীও দেশৰ বাহিৰলৈ ওলাই গৈছিল । এতিয়া ভাৰতৰ পানী ভাৰতৰ অধিকাৰৰ বাবে বৈ যাব, ভাৰতৰ পক্ষত থাকিব আৰু কেৱল ভাৰতৰ কামত আহিব ।” চৰকাৰে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা ঘোষণা কৰাৰ কেইদিনমান পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । বিশ্ব বেংকৰ মধ্যস্থতাত ১৯৬০ চনত পাকিস্তানৰ সৈতে স্বাক্ষৰিত এইখন ঐতিহাসিক পানী ভাগ-বতৰা চুক্তি । পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৬ জন সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত এই চুক্তি স্থগিত ৰখা হয় ।


এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেবিনেট কমিটি অন ছিকিউৰিটিয়ে । পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে এই নিলম্বন কাৰ্যকৰী হৈ থাকিব বুলি স্পষ্ট কৰি দিছে ভাৰতে । এই সন্ধিৰ আৰম্ভণিৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতে আনুষ্ঠানিকভাৱে ইয়াৰ কাৰ্যকৰীকৰণত বাধা আৰোপ কৰিছে । এয়া ভাৰতৰ কূটনৈতিক স্থিতিৰ এক উল্লেখযোগ্য পৰিৱৰ্তন । বছৰ বছৰ ধৰি ধাৰাবাহিক উত্তেজনাৰ বাবে সময়ে সময়ে পুনৰীক্ষণৰ আহ্বান জনোৱাৰ পিছতো এতিয়ালৈকে সন্ধিখন অস্পৃশ্য হৈ আছে ।


পূৰ্বৰ চৰকাৰসমূহক কঠোৰ সিদ্ধান্ত লোৱাত অনিচ্ছা প্ৰকাশ কৰাৰ বাবে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “এটা সময় আছিল যেতিয়া মানুহে যিকোনো প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ আগতে বিশ্বই কি ভাবিব সেই বিষয়ে চিন্তা কৰিছিল । তেওঁলোকে ভোট পাব নে নাপাব, তেওঁলোকৰ আসনখন নিৰাপদ হ’ব নে নহয়, সেই কথা ভাবিছিল । এই কাৰণসমূহৰ বাবেই বৃহৎ সংস্কাৰ পলম হৈছিল । কোনো দেশ এনেকৈ আগবাঢ়িব নোৱাৰে । দেশখন তেতিয়াহে আগবাঢ়ি যায় যেতিয়া আমি ৰাষ্ট্ৰক প্ৰথম স্থান দিওঁ ।”

PMOত ইখনৰ পিছত সিখন উচ্চ পৰ্যায়ৰ বৈঠক… প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ উপস্থিত হ’ল ৰাহুল গান্ধী

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অব্যাহত আছে উচ্চ পৰ্যায়ৰ ধাৰাবাহিক বৈঠক । সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ পি এম অ’ত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাহুল গান্ধীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু এই বৈঠক চি বি আইৰ নতুন মুৰব্বী নিৰ্বাচনৰ সন্দৰ্ভতো হ’ব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে । অৱশ্যে পহলগাম আক্ৰমণ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰিব পাৰে বুলিও চৰ্চা চলিছে ।

চি বি আইৰ সঞ্চালক নিৰ্বাচনৰ কমিটীত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলপতি । বৰ্তমানৰ চি বি আই সঞ্চালক প্ৰবীণ সুদৰ কাৰ্যকাল ২০২৫ চনৰ ২৫ মে’ত শেষ হ’ব ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ডোভালে-

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । দুয়োৰে মাজত চমু বাৰ্তালাপৰ অন্তত ডোভাল ওলাই আহে আৰু ইয়াৰ পিছতে গৃহ সচিব গোবিন্দ মোহনে পি এম অ’ত উপস্থিত হৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে । পি এম অ’ত অবিৰত ৰাউণ্ডৰ বৈঠক চলি থকাৰ সময়তে শীঘ্ৰেই ডাঙৰ কোন ঘটনা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।

সোমবাৰে বিয়লি চাউথ ব্লকৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে বৈঠক চলি আছে । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ প্ৰতিৰক্ষা সচিবৰ-

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অহৰহ সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে । প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোক লৈ তিনিও সেনাৰ মুৰব্বীৰ সৈতেও এক বৈঠকত মিলিত হৈছে ।

অনুমান কৰা হৈছে যে সোমবাৰে অনুষ্ঠিত এই বৈঠকৰ সময়ত প্ৰতিৰক্ষা সচিবে প্ৰধানমন্ত্ৰীক শেহতীয়া পৰিস্থিতি আৰু সামৰিক প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ।

ভাৰত-জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক-

ইফালে সোমবাৰে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নতুন দিল্লীত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰে । ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতীয় বায়ুসেনাৰ এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী বাসগৃহত সাক্ষাৎ কৰে । অনুমান কৰা হৈছে যে বায়ুসেনাৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীক সাম্প্ৰতিক পৰিস্থিতি আৰু বায়ুসেনাৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । এই বৈঠক প্ৰায় ৪০ মিনিট ধৰি চলিছিল । ইফালে শনিবাৰে নৌসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ।

উল্লেখ্য যে, সোমবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানীৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকৰ সময়ত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতলৈ সমৰ্থন আগবঢ়ায় ।

ভাৰতৰ পক্ষত ৰাছিয়া… পাকিস্তানক সকীয়নি দি মোদীৰ সৈতে বাৰ্তালাপ ৰাষ্ট্ৰপতি পুটিনৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সমৰ্থন প্ৰকাশ কৰিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে । তেওঁ নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে ।”

ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “পুটিনে জোৰ দি কয় যে এই জঘন্য আক্ৰমণৰ দোষী আৰু ইয়াৰ সমৰ্থকক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগে । দুয়োজন নেতাই বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।”

তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অভিনন্দন জনোৱাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বায়ুসেনাৰ মুৰব্বীৰ… পাকিস্তানৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বাল অমৰপ্ৰীত সিঙে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । বৈঠকৰ কিছু সময়ৰ পাছতে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই যায় । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিষয়ত এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়েও লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীগৰাকীক বাসগৃহত সাক্ষাৎ কৰে । নৌসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক ঘণ্টীয়া বৈঠকত মিলিত হয়, য’ত তেওঁ নৌসেনাৰ সাম্প্ৰতিক প্ৰস্তুতি আৰু কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰদান কৰে ।

ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আছে প্ৰধানমন্ত্ৰীয়ে-

এতিয়া বায়ুসেনাৰ মুৰব্বীগৰাকীৰ সৈতে হোৱা বৈঠক এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকৰ অধ্যক্ষতা কৰিছিল । এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অংশগ্ৰহণ কৰে ।

ইতিমধ্যে চৰকাৰে স্পষ্ট কৰি দিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেশ প্ৰতিশ্ৰুতিবদ্ধ । পহলগাম আক্ৰমণৰ দোষী আৰু ইয়াৰ ষড়যন্ত্ৰকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে ।

সেনাবাহিনীক ফ্ৰী হেণ্ড-

চৰকাৰে সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ ‘কাৰ্য্যকৰী স্বাধীনতা’ দিছে যাতে তেওঁলোকে সঁহাৰিৰ পদ্ধতি, সময় আৰু লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে । চৰকাৰৰ কঠোৰ অভিপ্ৰায় আৰু বিৰোধীৰ সমৰ্থনে ইংগিত দিয়ে যে অনাগত দিনত সন্ত্ৰাসবাদী ঘটনাৰ বিৰুদ্ধে ভাৰতৰ সঁহাৰি নিৰ্ণায়ক হ’ব পাৰে ।

পহলগাম আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ওমৰ আব্দুল্লাৰ…

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শনিবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ এয়া প্ৰথম সাক্ষাৎ । প্ৰায় ৩০ মিনিট সময় ধৰি চলে দুয়োগৰাকী নেতাৰ এই বৈঠক । শেহতীয়াকৈ পহলগাম আক্ৰমণ আৰু তাৰ পিছত উদ্ভৱ হোৱা নিৰাপত্তাজনিত পৰিস্থিতিকে ধৰি বহু বিষয়ৰ ওপৰত বিতংভাৱে বৈঠকত আলোচনা কৰা হয় ।

‘কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এক্সনৰ সৈতে আছে জম্মু-কাশ্মীৰ চৰকাৰ’

বৈঠকৰ পূৰ্বে ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কেন্দ্ৰীয় চৰকাৰৰ যিকোনো সিদ্ধান্তত, বিশেষকৈ পহলগাম আক্ৰমণৰ প্ৰতিশোধ আৰু দেশৰ নিৰাপত্তাৰ প্ৰতিশোধৰ সৈতে জড়িত বিষয়সমূহত জম্মু-কাশ্মীৰ প্ৰশাসনৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ কথা উল্লেখ কৰে ।

যি সময়ত জম্মু-কাশ্মীৰত নিৰাপত্তাজনিত প্ৰত্যাহ্বান বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে তেনে সময়তে ওমৰ আব্দুল্লা আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক অনুষ্ঠিত হৈছে ।

সকলোকে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায় ফাৰুক আব্দুল্লাই-

ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জম্মু-কাশ্মীৰ নেশ্যনেস কনফাৰেন্সৰ অধ্যক্ষ ফাৰুক আব্দুল্লাই এই আক্ৰমণক গৰিহণা দি সকলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ আহ্বান জনায় । তেওঁ কয়, ‘আক্ৰমণৰ লগত জড়িতসকল মানৱতাৰ শত্ৰু । সিন্ধু জল সন্ধি পুনৰাবৃত্তি কৰিব লাগে ।‘

ফাৰুক আব্দুল্লাই পহলগাম আক্ৰমণত নিহত আদিল হুছেইন শ্বাহৰ ঘৰলৈ গৈ পৰিয়ালটোক সাক্ষাৎ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আদিলে পনি ৰাইড অপাৰেটৰ হিচাপে কাম কৰি আছিল । সন্ত্রাসবাদী আক্রমণত মৃত্যু হোৱা ২৬ জন লোকৰ ভিতৰত আদিলো আছিল ৷ আদিলৰ বাহিৰে আন সকলোৱেই আছিল পৰ্যটক ।

‘পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো প্ৰধানমন্ত্ৰীৰ অধিকাৰ’

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ফাৰুক আব্দুল্লাই কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে । তেওঁ কয়, ‘এয়া প্ৰধানমন্ত্ৰীৰ অধিকাৰ, মই একো নকওঁ’ । অৱশ্যে তেওঁ নিশ্চিতভাৱে পাকিস্তানক ধমক দিয়ে ।

পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টো জৰ্দাৰীৰ ভাবুকিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফাৰুকে কয় যে এনে নেতাৰ বক্তব্যৰে সমস্যা সমাধান নহ’ব । যদি আমি তেওঁৰ বক্তব্যৰ প্ৰতি গুৰুত্ব দিওঁ, তেন্তে কাশ্মীৰ আগবাঢ়িব নোৱাৰিব ।