আৰু মাত্ৰ কেইটামান ঘন্টা, কাইলৈ একাউন্টত কেতিয়া সোমাব ২২ নং কিস্তিৰ ধন

কাইলৈ কৃষকৰ একাউন্টত সোমাব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২২নং কিস্তিৰ ধন

বহু অপেক্ষাৰ অন্তত ১৩ মাৰ্চ, শুকুৰবাৰে দেশৰ লাখ লাখ কৃষকৰ একাউন্টত সোমাব দুহেজাৰকৈ টকা । কিয়নো কাইলৈ কৃষকৰ একাউন্টত সোমাব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২২নং কিস্তিৰ ধন । ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এই আঁচনিৰ অধীনত হিতাধিকাৰীক বছৰত তিনিবাৰকৈ ২০০০ টকাকৈ প্ৰদান কৰা হয় ।

এই পৰ্যন্ত আঁচনিৰ ২১টা কিস্তি মুকলি হোৱাৰ পাছত এতিয়া ২২ সংখ্যক কিস্তিৰ সময় । এই কিস্তি কাইলৈ ​​অৰ্থাৎ ১৩ মাৰ্চ, ২০২৬ তাৰিখে মুকলি কৰা হ’ব । গতিকে কিস্তি মুকলি হ’বলৈ মাত্ৰ এটা দিন বাকী আছে । যদি আপুনি এই কিস্তি লাভ কৰে তেন্তে আপুনি আপোনাৰ বেংক একাউণ্টত সোমাল নে নাই সেয়া কেনেকৈ পৰীক্ষা কৰিব ।

কাইলৈ ​​১৩ মাৰ্চ, ২০২৬ তাৰিখে মুকলি কৰা হ’ব পি এম কিষাণ যোজনাৰ ২২ নং কিস্তি । গুৱাহাটীৰ পৰা এই কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বিয়লি ৫ বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব আৰু তাৰ পিছত হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ কিস্তি স্থানান্তৰ কৰা হ’ব ।

আপোনাৰ একাউণ্টত কিস্তি জমা হৈছে নে নাই কেনেকৈ পৰীক্ষা কৰিব ?

প্ৰথম পদ্ধতি-

পি এম কিষাণ যোজনাৰ কিস্তি মুকলি হোৱাৰ পিছত চৰকাৰৰ পৰা এটা বাৰ্তা লাভ কৰিব । কিস্তি মুকলিৰ বিষয়ে আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত অৱগত কৰা হয় । একেধৰণৰ বাৰ্তা বেংকে একাউণ্টধাৰীলৈও প্ৰেৰণ কৰে, য’ত তেওঁলোকক জনোৱা হয় যে আপোনাৰ বেংক একাউণ্টত ২,০০০ টকা জমা হৈছে ।

দ্বিতীয় পদ্ধতি-

চৰকাৰৰ বা বেংকৰ মেছেজ নাপালে ওচৰৰ এটিএমত বেলেঞ্চ চেক কৰিব পাৰে । আপুনি আপোনাৰ একাউণ্টৰ মিনি ষ্টেটমেণ্ট পৰীক্ষা কৰি চাব পাৰে যে ২০০০ টকাৰ কিস্তি আপোনাৰ একাউণ্টত জমা হৈছে নে নাই ।

তৃতীয় পদ্ধতি-

আপুনি আপোনাৰ বেংকলৈ গৈ কিস্তিৰ সুবিধা লাভ কৰিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে । ইয়াৰ বাবে পাছবুক আপোনাৰ বেংকলৈ লৈ আহিব লাগিব । আপুনি আপোনাৰ পাছবুক প্ৰিন্ট কৰিব পাৰে আৰু আপুনি আপোনাৰ কিস্তিৰ সুবিধা লাভ কৰিছে নে নাই পৰীক্ষা কৰিব পাৰে ।

লগতে পঢ়ক : অপেক্ষাৰ অন্ত… একাউন্টত দুই হাজাৰ টকা পাবলৈ শীঘ্ৰেই কৰক এই কাম

এইসকল কৃষকে নাপাব পি এম কিষাণৰ ২২ নং কিস্তিৰ ধন ! তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়াই কৰক পৰীক্ষা

পি এম কিষাণৰ ২২ নং কিস্তিৰ ধন কেতিয়া সোমাব তাক লৈ চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই । ফেব্ৰুৱাৰীৰ শেষৰ ফালে এই ধন কৃষকৰ একাউন্টত সোমাব পাৰে । কিন্তু তাৰ পূৰ্বে জানক কোন কৃষকে লাভ নকৰিব এই ২২ নং কিস্তিৰ ধন-

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM-KISAN) কেন্দ্ৰীয় চৰকাৰৰ এক অন্যতম অভিলাষী আঁচনি যিয়ে কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তাক পোনপটীয়াকৈ পূৰণ কৰে । এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ যোগ্য কৃষকসকলক বছৰি ৬০০০ টকাৰ সাহায্য তিনিটা সমান কিস্তিত প্ৰদান কৰা হয় ।

নতুন বছৰৰ আৰম্ভণিৰ পৰাই কৃষকসকলে পি এম কিষাণ আঁচনিৰ ২২ সংখ্যক কিস্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । যদি আপুনিও আপোনাৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে, তেন্তে প্ৰথমে আপোনাৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে নেকি পৰীক্ষা কৰ, কিয়নো চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ নকৰা কৃষকসকলে তেওঁলোকৰ একাউণ্টত লাভ নকৰে এই আঁচনিৰ ধন ।

এনে পৰিস্থিতিত কৃষকসকলে ২২ সংখ্যক কিস্তিৰ ধন কিয় বন্ধ হৈ পৰিব পাৰে আৰু তেওঁলোকৰ হিতাধিকাৰীৰ ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব সেই বিষয়ে জনাটো অতি প্ৰয়োজনীয়, যাতে সমস্যাটো সময়মতে সমাধান কৰিব পৰা যায় ।

এই কৃষকসকলে লাভ নকৰে ২২ নং কিস্তি-

-যিসকলৰ ই-কেৱাইচি সম্পূৰ্ণ হোৱা নাই

-যিসকলৰ আধাৰ কাৰ্ড তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে লিংক হোৱা নাই

-যিসকলৰ ভূমিৰ ৰেকৰ্ড শুদ্ধ নহয়

-যিসকল আয়কৰ আদায় দিয়া কৃষক

-যিসকলৰ বেংক একাউণ্ট নম্বৰ বা আই এফ এছ চি ক’ড ভুলকৈ উল্লেখ আছে

আপোনাৰ আবেদনৰ ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব ?

-প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট চাওক

-যদি আপোনাৰ হাতত আঁচনিৰ অফিচিয়েল এপ আছে তেন্তে তাতো চাব পাৰে

-আপুনি এবাৰ ৱেবছাইটত লগ ইন কৰাৰ পাছত “Know Your Status” বিকল্পটো দেখা পাব, তাত ক্লিক কৰক

-এতিয়া ইয়াত আপোনাৰ পঞ্জীয়ন নম্বৰ দিয়ক

-যদি আপোনাৰ পঞ্জীয়ন নম্বৰ মনত নাই, তেন্তে আপুনি “Know Your Registration Number”ত ক্লিক কৰি ইয়াক পুনৰ লাভ কৰিব পাৰিব

-ইয়াৰ পিছত প্ৰদান কৰা কেপচা ক’ড দিয়ক আৰু “Get Details”ত ক্লিক কৰক

-তাৰ পিছত আপোনাৰ ষ্টেটাছ পৰ্দাত প্ৰদৰ্শিত হ’ব আৰু আপুনি আপোনাৰ ২২ নং কিস্তি লাভ কৰিব নে নকৰে সেয়া জানিব পাৰিব

কেতিয়া লাভ কৰিব পৰৱৰ্তী কিস্তি ?

এই কিস্তি বছৰত তিনিবাৰকৈ আহে । এতিয়া বছৰৰ আৰম্ভণি, গতিকে অনুমান কৰা হৈছে যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে পি এম কিষাণ যোজনাৰ প্ৰথম কিস্তি কৃষকৰ একাউণ্টত সোমাব পাৰে । আনহাতে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও শীঘ্ৰেই ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : কোটি কোটি কৃষকৰ ভাল খবৰ… আপোনাৰ একাউণ্টত কেতিয়া সোমাব পি এম কিষাণৰ ধন

কোটি কোটি কৃষকৰ ভাল খবৰ… আপোনাৰ একাউণ্টত কেতিয়া সোমাব পি এম কিষাণৰ ধন

ফেব্ৰুৱাৰী মাহতেই লাভ কৰিব পাৰে পি এম কিষাণ যোজনাৰ ২২ সংখ্যক কিস্তিৰ ধন । কৃষকসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২নং কিস্তিৰ বাবে ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Yojana) ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এক অভিলাষী আঁচনি । এই আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে আৰ্থিক সাহায্য লাভ কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ অধীনত যোগ্য কৃষকে প্ৰতি বছৰে ৬০০০ টকাৰ আৰ্থিক সাহায্য তিনিটা কিস্তিত পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰে ।

খেতিৰ ব্যয় বৃদ্ধি, সাৰ আৰু বীজৰ দাম, বতৰৰ অনিশ্চয়তাৰ মাজতে লাভ কৰা এই ধনে কৃষকক যথেষ্ট সকাহ দিয়ে । এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ ২১টা কিস্তি মুকলি কৰি দিছে । কৃষকসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ সংখ্যক কিস্তিৰ বাবে । নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে পি এম কিষাণৰ পৰৱৰ্তী কিস্তি কেতিয়া আহিব, কোন কৃষক ইয়াৰ দ্বাৰা উপকৃত হ’ব তাকে লৈ উৎসুকতা বৃদ্ধি পাইছে । গতিকে চৰকাৰে কেতিয়া পৰৱৰ্তী কিস্তি মুকলি কৰিব পাৰে সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ ।

কেতিয়া মুকলি হ’ব পি এম কিষাণ যোজনাৰ ২২ সংখ্যক কিস্তি ?

-বিগত সময়লৈ লক্ষ্য কৰি ধাৰণা কৰা হৈছে যে, ফেব্ৰুৱাৰী মাহত মুকলি হ’ব পাৰে পি এম কিষাণ যোজনাৰ ২২ সংখ্যক কিস্তিৰ ধন । সাধাৰণতে প্ৰতি চাৰি মাহৰ মূৰে মূৰে কিস্তি মুকলি কৰা হয় । পূৰ্বৰ কিস্তিৰ সময় বিবেচনা কৰিলে ফেব্ৰুৱাৰী মাহটোৱেই আটাইতকৈ সম্ভাৱ্য মাহ বুলি ধাৰণা কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত তাৰিখ চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ।

কোন কৃষকে লাভ কৰিব ২২নং কিস্তিৰ ধন ?

এই আঁচনিৰ বাবে প্ৰয়োজনীয় সকলো প্ৰয়োজনীয়তা পূৰণ কৰা কৃষকসকলেহে পি এম কিষাণৰ ২২নং কিস্তিৰ ধন লাভ কৰিব । এই আঁচনিখনৰ সুবিধা ল’বলৈ ই-কেৱাইচি সম্পূৰ্ণ কৰা, আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰা আৰু ভূমিৰ ৰেকৰ্ড পৰীক্ষা কৰাটো প্ৰয়োজনীয় । যদি আপুনি এই পদ্ধতিসমূহৰ কোনোটোৱেই সম্পূৰ্ণ কৰা নাই, তেন্তে আপুনি কিস্তি লাভ কৰাত পলম হ’ব পাৰে ।

২২নং কিস্তিৰ ধন লাভ কৰিব নে নাই কেনেকৈ জানিব ?

-ইয়াৰ বাবে আপুনি হিতাধিকাৰী তালিকা পৰীক্ষা কৰিব লাগিব । তালিকা পৰীক্ষাৰ বাবে অফিচিয়েল ৱেবছাইট pmkisan.gov.in লগ ইন কৰক

-তাত Beneficiary List বিকল্পত ক্লিক কৰক । তাৰ পিছত, আপোনাৰ ৰাজ্য, জিলা, মহকুমা, ব্লক আৰু গাঁও নিৰ্বাচন কৰক

-এই কাম কৰাৰ পিছত Get Report বুটামত ক্লিক কৰক । লগে লগে এখন তালিকা ওলাব

-ইয়াত আপুনি আপোনাৰ নামটো চাৰ্চ কৰিব পাৰে

-যদি আপোনাৰ নাম এই তালিকাত আছে তেন্তে আপুনি আঁচনিৰ ধন লাভৰ বাবে যোগ্য

-ইয়াৰ বাহিৰেও, আপুনি Know Your Status বিকল্পত ক্লিক কৰি আপোনাৰ কিস্তিৰ ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব

লগতে পঢ়ক : বাজেট অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ