পি এছ এল এৰি আই পি এলত আশ্ৰয় দাসুন শানাকাৰ; খঙত অগ্নিশৰ্মা মহছিন নাকভি

অহা ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৯ সংখ্যক ছিজন। এই আই পি এলৰ বাবে এতিয়া পি এছ এলৰ চুক্তি এৰিলে শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক দাসুন শানাকাই।

শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক দাসুন শানাকাই পাকিস্তান ছুপাৰ লীগ (পিএছএল) ২০২৬ৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।এতিয়া দাসুন শানাকাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ১৯ সংখ্যক ছিজনত অংশগ্ৰহণৰ কৰিবলৈ সাজু হৈছে।

আই পি এলৰ দল ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে দাসুন শানাকাই। এতিয়া তেওঁক আঘাতৰ ৰিপ্লেচমেণ্ট হিচাপে দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজস্থান ৰয়েলছে তেওঁক ছেম কাৰানৰ সলনি দলত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে ছেম কাৰান ভৰিৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে।

ইফালে,পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে দেওবাৰে এক সংবাদমেলত স্পষ্ট কৰি দিয়ে যে, যিসকল খেলুৱৈয়ে পিএছএলৰ চুক্তি মাজভাগত এৰি ভাৰতৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ গৈছে, তেওঁলোকৰ বিৰুদ্ধে ব’ৰ্ডে ‘কঠোৰ আইনী ব্যৱস্থা’ ল’ব। লাহোৰ কালাণ্ডাৰছৰ গুৰুত্বপূৰ্ণ সদস্য দাসুন শনাকাই ৰাজস্থান ৰয়েলছৰ হৈ খেলিবলৈ ইতিমধ্যে ভাৰতলৈ ৰাওনা হৈছে।

আনহাতে জিম্বাবুৱেৰ বেগী বলাৰ ব্লেছিং মুজাৰাবানিয়ে ইছলামবাগ ইউনাইটেডৰ লগ এৰি কলকাতা নাইট ৰাইডাৰ্ছত যোগদান কৰিছে।এই দুয়োগৰাকী খেলুৱৈকে আই পি এলৰ দলসমূহে ৰিপ্লেচমেণ্ট হিচাপে মাতিছে৷২০২৬ চনৰ টি-২০ বিশ্বকাপত তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত আই পি এলত এই খেলুৱৈসকলৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

লগতে পঢ়ক: তালিবানৰ আক্ৰমণত  কঁপিছে পাকিস্তান; দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব পি এছ এল

তালিবানৰ আক্ৰমণত  কঁপিছে পাকিস্তান; দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব পি এছ এল

পাকিস্তানৰ ওপৰত আফগানিস্তানৰ আক্ৰমণ আৰু মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ বাবে পাকিস্তানৰ পৰিস্থিতি অৱনতি ঘটিছে। ইয়াৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো পৰিছে।ইফালে পি এছ এল সন্দৰ্ভত পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেওবাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিশ্চিত কৰিছে যে এইবাৰৰ পাকিস্তান ছুপাৰ লীগ (পি এছ এল) দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব। পাকিস্তানৰ ফালৰ পৰা এই সিদ্ধান্ত পশ্চিম এছিয়াত চলি থকা উত্তেজনা আৰু পাকিস্তানৰ ওপৰত আফগানিস্তানৰ আক্ৰমণৰ পৰা উদ্ভৱ হোৱা নিৰাপত্তাজনিত চিন্তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব পিএছএল ২০২৬। অৱশ্যে এইবাৰ প্ৰতিযোগিতাখন মাত্ৰ দুখন চহৰ কৰাচী আৰু লাহোৰত অনুষ্ঠিত হ’ব।প্ৰথম অৱস্থাত ছখন চহৰত ইয়াক আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছিল।পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে সংবাদমেলত কয় যে যেতিয়ালৈকে পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰি নাহে তেতিয়ালৈকে দৰ্শকক ষ্টেডিয়ামত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। তেওঁ লগতে স্পষ্ট কৰে যে পি এছ এল ২০২৬ৰ কোনো মুকলি অনুষ্ঠান নাথাকিব।

নাকভিয়ে কয়,পি এছ এল আমাৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড, আৰু ইয়াত বহু বিদেশী খেলুৱৈয়ে খেলিব।আমি প্ৰতিযোগিতাখন বাতিল কৰিব নোৱাৰো।কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৫ৰ পৰা ৩০ হাজাৰ লোকক ষ্টেডিয়ামত অনা সম্ভৱ নহয়। তেওঁ লগতে কয় যে, এই সিদ্ধান্তৰ পূৰ্বে পাকিস্তান চৰকাৰ, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে জড়িত কেইবাটাও ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈছিল। দেশৰ অগ্ৰাধিকাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়ক: টিম ইণ্ডিয়াক আতিথ্য দিবলৈ অধীৰ বাংলাদেশ, অনিশ্চিত ২০২৭ৰ বিশ্বকাপৰ টিকট