‘কৃষকৰ পেটত লাঠ মাৰিব বিচাৰিছে অখিল গগৈয়ে’; মন্ত্ৰী পীয়ুষ হাজৰিকাৰ তীক্ষ্ণ আক্ৰমণ
মন্ত্ৰী পিয়ুষ হাজৰীকাই অখিল গগৈয়ে ইথালনৰ বিৰুদ্ধে আন্দোলন কৰি কৃষকৰ পেটত লাঠ মাৰিব খুজিছে বুলি মন্তব্য কৰিছে।
অখিল গগৈৰ বিৰুদ্ধে মন্ত্ৰী পিয়ুষ হাজৰীকাই তীক্ষ্ণ আক্ৰমণ কৰিছে।ব্লেক মেইলিঙেৰে জনতাক প্ৰতাৰণা কৰাৰ অভিযোগো কৰিছে মন্ত্ৰীগৰাকীয়ে।মন্ত্ৰী পিয়ুষ হাজৰীয়াই অখিল গগৈৰ সন্দৰ্ভত কয় যে, অখিল গগৈ ডাঙৰীয়াই মঙলবাৰে মোৰ বিৰুদ্ধে কেইটামান মন্তব্য কৰা বুলি মই শুনিবলৈ পাইছো। তেওঁ কেইবাটাও অসংবিধানিক শব্দ কৈছে, যিটো সাধাৰণতে আমি বিধানসভাত নকও। তেওঁ কেইবাবাৰো মাল শব্দটো ব্যৱহাৰ কৰিছে। আমি ৫-১০ বছৰত কষ্ট কৰি যিকেইটা মাল গোটাও,তেওঁ নিৰ্বাচনৰ আগদিনা ব্লেক মেইল কৰি, মানুহক ঠগি, তাতকৈ ডাবুল মাল গোটাই। তাৰ প্ৰমাণ বহু মানুহৰ হাতত আছে।
মন্ত্ৰী পিয়ুষ হাজৰীকাই লগতে কয় যে, তথা কথিত কৃষক নেতা গৰাকীয়ে ইথানেলৰ বিৰুদ্ধে আন্দোলন কৰি কৃষকৰ পেটত লাঠ মাৰিব খুজিছে। যিসকল লোকে খেতি কৰে সেই সকল লোকৰ পেটত লাঠ মাৰিব বিচাৰিছে।তেখেতে কৃষকৰ নামত নাটক কৰি আহি বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছে। সেই জন ব্যক্তিয়েহে কৃষকৰ পেটত লাঠ মাৰে। কৃষকৰ ভাল হোৱাৰ বাবে অখিল গগৈ ডাঙৰীয়াই ভাল পোৱা নাই। তেওঁ বৰ্তমান নিজকে কৃষক বুলি ক’বলৈ পাহৰিলে। তেওঁ পথাৰলৈ যোৱা মই দেখা নাই।
অখিল গগৈক মই প্ৰশ্ন কৰিছো যে, তেওঁ কৃষক হয় নে নহয়। কৃষকৰ নামতেই তেওঁ নেতা হৈছে, কিন্তু এতিয়া কৃষকে ভালপোৱা কাম তেওঁ বেয়া পোৱা হৈছে। এই ইথানেল বা E 20 এ ধান, মাকৈ আৰু কুঁহিয়াৰ খেতি কৰা কৃষক সকলক সহায় কৰিছে।কৃষকে ইয়াৰ ফলত ব্যাপক লাভান্বিত হৈছে আৰু অখিল গগৈয়ে সেই কথাটো বেয়া পাইছে। খেতিয়ক যদি স্বাৱলম্বি হয় তেন্তে অখিল গগৈয়ে কৃষকৰ নামত আন্দোলন বা ৰাজনীতি কৰিব নোৱাৰিব। সেই কাৰণেই তেওঁ ইথানলৰ বিৰুদ্ধে নাটক কৰিছে। কিন্তু অখিল গগৈ ডাঙৰীয়াক এই নাটক নকৰিবলৈ আহ্বান জনাইছো। কেৱল ইমানেই নহয় তেওঁ বিধানসভাৰ ভিতৰত সাংগো-পাংগো লৈ নাটক কৰিছে। তেওঁ কৃষকক লাঠ মাৰিব বিচৰা কথাটোত মই কষ্ট পাই আছো। দেশৰ অন্নদাতাক লাঠ মাৰিলে কষ্ট পাওঁ বুলিও মন্ত্ৰী পিয়ুষ হাজৰীকাই মন্তব্য কৰিছে।
লগতে পঢ়ক: ‘অখিল গগৈয়ে সদনত মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্কহে কৰে’; ৱাজেদ আলী চৌধুৰী