পি এছ এলত সন্ত্ৰাসবাদী আক্ৰমণৰ আতংক! বিদেশী খেলুৱৈয়ে লাভ কৰিছে ভাবুকি

জামাত-উল-আহৰাৰে বিদেশী খেলুৱৈসকলক পি এছ এল ২০২৬ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। ইয়াৰ মাজতে এনে ভাবুকিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বাবে উত্তেজনা বৃদ্ধি কৰিছে।

২৬ মাৰ্চৰ পৰা পাকিস্তান ছুপাৰ লীগৰ ১১ সংখ্যক ছিজন আৰম্ভ হ’ব।নতুন ছিজন আৰম্ভ হোৱাৰ আগতেই এই লীগখন ডাঙৰ বিতৰ্ক আৰু নিৰাপত্তাজনিত কাৰণৰ মাজত সোমাই পৰিছে।য’ত এফালে ইন্ধনৰ সংকট আৰু বিদেশী খেলুৱৈয়ে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তই পিএছএলক ম্লান কৰি পেলাইছে,ইফালে নতুন ভাবুকিয়ে এতিয়া পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছে।

তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ সৈতে জড়িত এটা ফৈদ জামাত-উল-আহৰাৰে লাহোৰ আৰু কৰাচীত অনুষ্ঠিত হ’বলগীয়া পি এছ এলৰ খেল সন্দৰ্ভত এক ভাবুকিমূলক বিবৃতি জাৰি কৰা হৈছে।এই বিবৃতিটোৱে বিশেষভাৱে বিদেশী খেলুৱৈসকলক সতৰ্ক কৰি দিয়ে যে তেওঁলোকে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি যাব লাগে, কিয়নো বৰ্তমানৰ নিৰাপত্তাজনীত পৰিস্থিতিক অত্যন্ত বিপজ্জনক বুলি অভিহিত কৰা হৈছে।

জামাত-উল-আহৰাৰৰ এক বিবৃতিত কোৱা হৈছে যে,পাকিস্তানৰ বৰ্তমান পৰিস্থিতি এনেকুৱা যে য’ত আন্তঃৰাষ্ট্ৰীয় (বিদেশী) খেলুৱৈৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰি। এনে পৰিস্থিতিত,খেলুৱৈসকলক নিজৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি পাকিস্তান ছুপাৰ লীগৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। জামাত-উল-আহৰাৰে জাৰি কৰা বিবৃতিটোত কৈছে যে, পাকিস্তানৰ পৰিস্থিতি অতি ভয়াৱহ,বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত।

সংস্থাটোৱে কয় যে দেশৰ কিছুমান বিশেষ অঞ্চলৰ মানুহে কষ্টৰ সৈতে যুঁজি আছে, এনে পৰিস্থিতিত ক্ৰিকেট মেচ আয়োজন কৰাটো ‘ঘাঁত নিমখ দিয়া’ৰ সৈতে মিল আছে।

লগতে পঢ়ক: ‘৬০ বছৰ বয়সলৈকে খেলিব পাৰিম’; আই পি এলৰ পৰা অৱসৰৰ সন্দৰ্ভত ধোনীয়ে প্ৰকাশ কৰিলে পৰিকল্পনা

তালিবানৰ আক্ৰমণত  কঁপিছে পাকিস্তান; দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব পি এছ এল

পাকিস্তানৰ ওপৰত আফগানিস্তানৰ আক্ৰমণ আৰু মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ বাবে পাকিস্তানৰ পৰিস্থিতি অৱনতি ঘটিছে। ইয়াৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো পৰিছে।ইফালে পি এছ এল সন্দৰ্ভত পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেওবাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিশ্চিত কৰিছে যে এইবাৰৰ পাকিস্তান ছুপাৰ লীগ (পি এছ এল) দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব। পাকিস্তানৰ ফালৰ পৰা এই সিদ্ধান্ত পশ্চিম এছিয়াত চলি থকা উত্তেজনা আৰু পাকিস্তানৰ ওপৰত আফগানিস্তানৰ আক্ৰমণৰ পৰা উদ্ভৱ হোৱা নিৰাপত্তাজনিত চিন্তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব পিএছএল ২০২৬। অৱশ্যে এইবাৰ প্ৰতিযোগিতাখন মাত্ৰ দুখন চহৰ কৰাচী আৰু লাহোৰত অনুষ্ঠিত হ’ব।প্ৰথম অৱস্থাত ছখন চহৰত ইয়াক আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছিল।পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে সংবাদমেলত কয় যে যেতিয়ালৈকে পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰি নাহে তেতিয়ালৈকে দৰ্শকক ষ্টেডিয়ামত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। তেওঁ লগতে স্পষ্ট কৰে যে পি এছ এল ২০২৬ৰ কোনো মুকলি অনুষ্ঠান নাথাকিব।

নাকভিয়ে কয়,পি এছ এল আমাৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড, আৰু ইয়াত বহু বিদেশী খেলুৱৈয়ে খেলিব।আমি প্ৰতিযোগিতাখন বাতিল কৰিব নোৱাৰো।কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৫ৰ পৰা ৩০ হাজাৰ লোকক ষ্টেডিয়ামত অনা সম্ভৱ নহয়। তেওঁ লগতে কয় যে, এই সিদ্ধান্তৰ পূৰ্বে পাকিস্তান চৰকাৰ, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে জড়িত কেইবাটাও ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈছিল। দেশৰ অগ্ৰাধিকাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়ক: টিম ইণ্ডিয়াক আতিথ্য দিবলৈ অধীৰ বাংলাদেশ, অনিশ্চিত ২০২৭ৰ বিশ্বকাপৰ টিকট