অসমত ভৰি থ’লে আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলনে…
আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলন সোমবাৰে গুৱাহাটীত উপস্থিত হয় । বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় প্ৰখ্যাত পপ তাৰকাগৰাকীক।
অসমত ভৰি থ’লে আমেৰিকাৰ প্ৰখ্যাত পপ তাৰকা পোষ্ট মেলনে । আজি বিয়লি প্ৰায় ৩:৪৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়হি পপ তাৰকা পোষ্ট মেলন ।
বৰঝাৰ বিমানবন্দৰত তেওঁৰ বিশেষ বিমানখনে অৱতৰণ কৰাৰ লগে লগে বিশ্বৰ অন্যতম জনপ্ৰিয় শিল্পীগৰাকীয়ে অসম ভূমিত ভৰি থয় । প্ৰখ্যাত পপ তাৰকাগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় । বিমানবন্দৰৰ পৰা তেওঁক খানাপাৰালৈ লৈ যোৱা হ’ব । আজি সন্ধিয়া খানাপাৰাৰ খেলপথাৰত পপ তাৰকাগৰাকীয়ে সুৰৰ মূৰ্ছনা তুলিব ।
ইতিমধ্যে জনপ্ৰিয় শিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে দুপৰীয়াৰ পৰাই অনুৰাগীৰ সোঁত বৈছে খানাপাৰাৰ খেলপথাৰলৈ । উছাহত মতলীয়া হৈ পৰা যুৱপ্ৰজন্মই অপেক্ষা কৰি আছে নিজৰ প্ৰিয় তাৰকাগৰাকীক ওচৰৰ পৰা চাবলৈ ।
বৃহৎ জনসমাগমলৈ লক্ষ্য ৰাখি ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। সমগ্ৰ এলেকাত মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী । অসমত পোষ্ট মেলনৰ এয়া প্ৰথম অনুষ্ঠান । এই অনুষ্ঠানৰ বাবে বিদেশৰ উপৰি উত্তৰ-পূবৰ বহু অনুৰাগীয়ে ভিৰ কৰিছেহি গুৱাহাটীত ।
লগতে পঢ়ক : ‘প’ষ্ট মেলনৰ পিছতে অসমলৈ ছাকিৰাক অনাৰ চিন্তা কৰা হৈছে’; মুখ্যমন্ত্ৰী