‘যদি কাটাৰক আক্ৰমণ কৰা হয়…’; নেতানিয়াহুক ট্ৰাম্পৰ মুকলি সতৰ্কবাণী
নেতানিয়াহুক ট্ৰাম্পৰ মুকলি সতৰ্কবাণী
ডোহাত হামাছৰ নেতাসকলক লক্ষ্য কৰি আক্ৰমণৰ বাবে ট্ৰাম্পে প্ৰথমে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুক ক্ষমা খুজিব দিছিল আৰু এতিয়া কঠোৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
কাটাৰৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰা কাৰ্যবাহী আদেশত ৰাষ্ট্ৰপতি ট্ৰাম্পে স্বাক্ষৰ কৰিছে।এই আদেশত কোৱা হৈছে যে,যদি কোনো দেশে ডোহাত আক্ৰমণ কৰে তেন্তে আমেৰিকাই প্ৰয়োজন সাপেক্ষে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব।
শেহতীয়াকৈ ইজৰাইলৰ বিমান আক্ৰমণ আৰু হোয়াইট হাউছত প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে হোৱা বৈঠকৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ট্ৰাম্প প্ৰশাসনে জাৰি কৰা আদেশত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে আমেৰিকা আৰু কাটাৰ দীৰ্ঘদিনীয়া মিত্ৰ দেশ।আমেৰিকাৰ সামৰিক উপস্থিতিৰ পৰা আৰম্ভ কৰি আঞ্চলিক শান্তিৰ প্ৰচেষ্টালৈকে কাটাৰে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
শেহতীয়াকৈ হামাছক লক্ষ্য কৰি ডোহাত ইজৰাইলৰ বিমান আক্ৰমণক আমেৰিকা আৰু কাটাৰ দুয়োখন দেশে তীব্ৰ গৰিহণা দিছিল।ইয়াৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে এই কাৰ্যবাহী আদেশটো আহিছে।
এই আদেশত উল্লেখ কৰা হৈছে যে আমেৰিকাই কাটাৰৰ ভূখণ্ডৰ অখণ্ডতা আৰু নিৰাপত্তাক বহিঃৰাজ্যৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
দুয়োখন দেশৰ মাজত দশক দশক পুৰণি অংশীদাৰিত্ব আৰু নিৰাপত্তা সহযোগিতাৰ কথা মনত ৰাখি এই সম্পৰ্ক লোৱা হৈছে।
ট্ৰাম্পৰ আদেশত এইটোও কোৱা হৈছে যে কাটাৰৰ ওপৰত যিকোনো সশস্ত্ৰ আক্ৰমণক আমেৰিকাই নিজৰ নিৰাপত্তা আৰু শান্তিৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব।এনে পৰিস্থিতিত আমেৰিকাই কূটনৈতিক, অৰ্থনৈতিক, প্ৰয়োজন হ’লে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব।
লগতে পঢ়ক: “সন্তানৰ স্বাস্থ্যৰ বাবে নেটফ্লিক্স বাতিল কৰক”; ইলন মাস্কে বাতিল কৰিলে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন