আই পি এলক লৈ বিতৰ্ক; আদালতৰ দুৱাৰত টোকৰ তাৰকা খেলুৱৈৰ
ফিটনেছ টেষ্টত ব্যৰ্থ হোৱাৰ পিছত শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে নুৱান থুছাৰাক এন অ’ চি প্ৰদান কৰা নাছিল। আৰচিবি দলৰ অংশ নুৱান থুছাৰে এতিয়া আদালতৰ কাষ চাপিছে।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৬)ৰ ১৯ সংখ্যক সংস্কৰণৰ আৰম্ভণি হৈছে, য’ত ১০ টা দলৰ আটাইকেইটা দলে প্ৰথমখন খেল খেলিছে।ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি অভিযানৰ দুৰ্দান্ত আৰম্ভণি কৰিছে।কিন্তু দলটোৰ অংশ হিচাপে থকা শ্ৰীলংকাৰ খেলুৱৈ নুৱান থুছাৰাই এন অ’ চি লাভ নকৰাৰ বাবে আৰ চি বিত যোগদান কৰিবলৈ সক্ষম হোৱা নাই।এতিয়া এই বিষয়ত তেওঁ আদালতৰ হস্তক্ষেপ বিচাৰিছে।
ফিটনেছ টেষ্টত ব্যৰ্থ হোৱাৰ বাবে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে নুৱান থুছাৰাক এন অ’ চি প্ৰদান কৰা নাই।৩১ বছৰীয়া নুৱানক ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ক্ৰয় কৰিছিল। নুৱানে কলম্বো জিলা আদালতত গোচৰ তৰিছে আৰু ব’ৰ্ডক এন অ’ চি জাৰি কৰিবলৈ নিৰ্দেশ দিবলৈ দাবী কৰিছে।৯ এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব।
শ্ৰীলংকাৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নুৱানে যুক্তি দিছে যে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সৈতে তেওঁৰ চুক্তিৰ ম্যাদ ৩১ মাৰ্চত শেষ হৈছিল।এই চুক্তি বৃদ্ধি হোৱাটো তেওঁ নিবিচাৰে।তেওঁ দাবী কৰিছে যে তেওঁ ব’ৰ্ডক জনাইছিল যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ শেষ কৰিব বিচাৰে।তেওঁৰ মতে, এই পৰিস্থিতিত এছ এল চিৰ এন অ চি নিদিয়াৰ সিদ্ধান্ত আদালতে বাতিল কৰিব লাগে।মন কৰিবলগীয়া যে শ্ৰীলংকা ব’ৰ্ডে ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচনৰ বাবে ফিটনেছ টেষ্টত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰিছে।
লগতে পঢ়ক: পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ; ভৰিব লাগিব জৰিমনা