ভাৰতত ধৰা পৰিছে নিপাহ ভাইৰাছ; দুজনক চিকিৎসালয়ত ভৰ্তি

নিপাহ ভাইৰাছ (NiV) জনস্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এই নিপাহ ভাইৰাছ এইবাৰ ভাৰতত ধৰা পৰিছে।

কৰোণা মহামাৰীৰ পিছত এইবাৰ ভয়ংকৰ ৰূপত ভাৰতলৈ আহিছে নিপাহ ভাইৰাছ। ভাৰতত দুজনকৈ লোকৰ দেহত ধৰা পৰিছে নিপাহ ভাইৰাছ।

পশ্চিমবংগত ধৰা পৰিছে নিপাহ ভাইৰাছৰ অৱস্থিতি। নিপাহ ভাইৰাছ আক্ৰান্ত দুজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আক্ৰান্ত এগৰাকী মহিলাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।  

বৰ্তমানলৈকে স্বাস্থ্য বিভাগৰ দলে ১৯৬গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰিছে। দুজনকৈ লোকৰ দেহত নিপাহ ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ। থাইলেণ্ড, হংকং, ছিংগাপুৰ, ইণ্ডোনেছিয়া, ভিয়েটমান আদি দেশসমূহত বিমান বন্দৰত সজাগ স্বাস্থ্য বিভাগ।  

অৱশ্যে ভাৰতত বৰ্তমান নিয়ন্ত্ৰণত আছে নিপাহ ভাইৰাছৰ সংক্ৰমণ।তথাপিও সকলোকে সজাগ হৈ থকাৰ আহ্বান স্বাস্থ্য বিভাগৰ

নিপাহত আক্ৰান্ত হোৱা ৰোগীৰ প্ৰাথমিক লক্ষণ হৈছে তীব্ৰ জ্বৰ, মূৰৰ বিষ, ডিঙিৰ বিষ, পেশীৰ বিষ, বমি আৰু কাহ। এই ৰোগীয়ে হঠাৎ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিবলগীয়া হয়।

বাদুলী, গাহৰি বা অন্যান্য জীৱ-জন্তুৰ পৰা সহজতে সংক্ৰমিত হয় এই ৰোগ। এনে লক্ষণ দেখা দিলেই লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে।

লগতে পঢ়ক: ‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’: আপোনাৰ একপি মাত্ৰ ফটো, কেইটামান মূহুৰ্ততে পৰিষ্কাৰ হ’ব চৌপাশ