সাংসদলৈ পত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ, মহিলা সংৰক্ষণ বিধেয়কৰ বাবে বিচাৰিলে সমৰ্থন

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া মহিলাসকলক আগবাঢ়ি যোৱাৰ সুযোগ দিয়া হয় তেতিয়াহে এখন সমাজৰ উন্নতি হয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে লোকসভা আৰু ৰাজ্যসভাৰ সকলো দলৰ সদনৰ নেতাসকললৈ এক পত্ৰ লিখি মহিলা সংৰক্ষণ বিধেয়ক ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ সমৰ্থন বিচাৰে । তেওঁ উল্লেখ কৰে যে এই মূহূৰ্তটো কোনো দল বা ব্যক্তিতকৈ উৰ্ধত ।

প্ৰধানমন্ত্ৰীয়ে পত্ৰখনত লিখিছে, “ব্যাপক আলোচনাৰ অন্তত আমি এই সিদ্ধান্তত উপনীত হৈছো যে দেশজুৰি নাৰী শক্তি বন্দন অধিনিয়ম ইয়াৰ প্ৰকৃত মনোভাৱেৰে ৰূপায়ণ কৰাৰ সময় এতিয়া আহি পৰিছে । ২০২৯ চনৰ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনসমূহ মহিলা সংৰক্ষণৰ সৈতে অনুষ্ঠিত কৰাটো অপৰিহাৰ্য ।”

মহিলা সংৰক্ষণ বিধেয়ক ৰূপায়ণৰ জৰিয়তে দলসমূহক “মহিলা আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দায়িত্ব প্ৰদৰ্শন কৰিবলৈ” প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনায় । পত্ৰখনত তেওঁ সংসদত আলোচনাৰ বাবে আদৰণি জনাই কয় যে এয়া ভাৰতীয় ৰাজনীতিত মহিলাসকলৰ বাবে এক ডাঙৰ সফলতা হ’ব ।

তেওঁ লিখিছে, “মই এই পত্ৰখন লিখিছো যাতে আমি সকলোৱে একমুখে এই সংশোধনী গৃহীত কৰিবলৈ আগবাঢ়ি আহিব পাৰোঁ । সংসদত বহুতো সাংসদে এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিলে সেয়া এক অতি ভাল পদক্ষেপ হ’ব । এই মুহূৰ্তটো কোনো এটা দল বা ব্যক্তিতকৈ উৰ্ধত । এয়া মহিলা আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দায়িত্ব প্ৰদৰ্শন কৰাৰ সময় । যিহেতু সকলো ৰাজনৈতিক দলেই দীৰ্ঘদিন ধৰি ৰাজনীতিত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ ইচ্ছা প্ৰকাশ কৰি আহিছে, গতিকে সেই আকাংক্ষাক বাস্তৱত ৰূপান্তৰিত কৰাৰ এয়াই সঠিক সময় । ই দেশৰ নাৰী শক্তি আৰু ১৪০ কোটি ভাৰতীয়ৰ বাবে এক গৌৰৱোজ্জ্বল কৃতিত্ব হ’ব । মোৰ পূৰ্ণ বিশ্বাস যে আমি সকলোৱে একগোট হৈ সংসদত এই ঐতিহাসিক সাফল্য অৰ্জন কৰিম ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া মহিলাসকলক আগবাঢ়ি যোৱাৰ সুযোগ দিয়া হয় তেতিয়াহে এখন সমাজৰ উন্নতি হয় আৰু এই বিধেয়কখনে উন্নত ভাৰতৰ সপোন পূৰণৰ ক্ষেত্ৰত এক অবিচ্ছেদ্য অংশ হিচাপে কাম কৰিব । পত্ৰখনত উল্লেখ কৰা হৈছে, “যিকোনো সমাজ তেতিয়াহে আগবাঢ়ে যেতিয়া মহিলাসকলে অগ্ৰগতি লাভ কৰা, সিদ্ধান্ত লোৱা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নেতৃত্ব দিয়াৰ সুযোগ পায় । ভাৰতে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ হ’লে এই যাত্ৰাত মহিলাসকলে অধিক আৰু সক্ৰিয় ভূমিকা পালন কৰাটো জৰুৰী ।”

প্ৰধানমন্ত্ৰীয়ে কয় যে ১৬ এপ্ৰিলৰ পৰা মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব । পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাই কয় যে, “নাৰী শক্তি বন্দন অধিনিয়ম ৰূপায়ণৰ বাবে এই সংশোধনীত আপোনাৰ সমৰ্থন হ’ব আমাৰ দেশৰ মহিলাসকলৰ প্ৰতি এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন । আহক আমি আমাৰ মহান গণতান্ত্ৰিক পৰম্পৰাক অধিক শক্তিশালী কৰোঁ আৰু এক ঐতিহাসিক পৰিৱৰ্তনৰ দিশত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰোঁ ।”

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডত শীঘ্ৰেই স্বনিৰ্ভৰশীল হৈ উঠিব ভাৰত : ৰাজনাথ সিং