নামচাইত সেনা-আলফা (স্বাঃ)ৰ সংঘৰ্ষঃ নিহত আলফা কেডাৰ
সেনা-আলফা (স্বাঃ)ৰ সংঘৰ্ষত নিহত আলফা কেডাৰ
অৰুণাচল প্ৰদেশৰ নামচাইত আজি সেনা আৰু আলফা (স্বাঃ)ৰ মাজত সংঘটিত হয় এক ভয়াৱহ সংঘৰ্ষ । জানিব পৰা মতে এই সংঘৰ্ষত আলফা (স্বাঃ)ৰ এজন সদস্য নিহত হয় । আৰক্ষীয়ে জনোৱা মতে নিহত আলফা (স্বাঃ)ৰ এই সদস্যজন যোৱা সপ্তাহত সেনা শিবিৰত আক্ৰমণ কৰা গোটৰ অংশ আছিল । নিহত আলফা কেডাৰজনৰ নাম আইয়ান অসম ওৰফে অভিকেশ মৰাণ বুলি জানিব পৰা গৈছে ।
মঙলবাৰে নিশা অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ নামছাই থানাৰ অন্তৰ্গত ৬ মাইল অঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ । এই অঞ্চলত ৭ৰ পৰা ৮ জনীয়া আলফা স্বাধীনৰ দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে । এই খবৰ লাভ কৰি অঞ্চলটোত তীব্ৰ অভিযান চলাই নিৰাপত্তা বাহিনীয়ে । এই অভিযানতে সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় এই আলফা কেডাৰজন । আনহাতে ঘটনাস্থলীৰ পৰা আনকেইজন সদস্য পলায়ন কৰিবলৈ সক্ষম হয় ।
নিহত আলফা (স্বাঃ)ৰ সদস্যজনৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা ৰাইফল, গ্ৰেণেড আৰু কিছু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । নিহত আলফা কেডাৰজনৰ ঘৰ তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত কৰ্দৈগুৰিত বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : ‘সমাধি নহয়, জুবিন ক্ষেত্ৰ হ’ব সেই স্থান’: গৰিমা শইকীয়া গাৰ্গ