বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে মন্দিৰ দৰ্শন নাগা চৈতন্য-সোভিতা ধুলিপালাৰ;  পুত্ৰ আৰু বোৱাৰীৰ সৈতে আছিল নাগাৰ্জুন

৪ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা নাগা চৈতন্য আৰু সোভিতা ধুলিপালাক শুক্ৰবাৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছিল।

নৱবিবাহিতা দম্পতীহালে তেওঁলোকৰ নতুন জীৱন আৰম্ভ কৰাৰ পূৰ্বে ভগৱানৰ আশীৰ্বাদ বিচাৰি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীশৈলমৰ বিখ্যাত শ্ৰী ভ্ৰমৰাম্বা সাহিত্য মল্লিকাৰ্জুন স্বামী দেৱস্থানম মন্দিৰ দৰ্শন কৰিছিল।

তেওঁলোকৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে, য’ত নাগাৰ্জুনকো তেওঁলোকৰ সৈতে দেখা গৈছে।

মন্দিৰৰ বাহিৰত নাগা চৈতন্য-সোভিতা ধুলিপালাক আনন্দেৰে কথা পাতি থকা দেখা গৈছিল। চলচ্চিত্ৰ আৰু ৱেব চিৰিজ দুয়োটাতে কাম কৰাৰ বাবে জনাজাত তেলেগু চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী সোভিতা ধুলিপালা আৰু দক্ষিণৰ অভিনেতা নাগা চৈতন্যই হায়দৰাবাদৰ অন্নপূৰ্ণা ষ্টুডিঅ’ত বিবাহ পাশত আৱদ্ধ হয়।

তেওঁলোকৰ বিবাহৰ পিছত, অনুৰাগী সকলে দম্পতীহালক প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে চাবলৈ অপেক্ষা কৰি আছিল, যাৰ অপেক্ষা আজি সমাপ্ত হয়।

আজি শ্ৰীশৈলম শ্ৰী ভ্ৰমৰাম্বা মল্লিকাৰ্জুন স্বামী মন্দিৰত নাগাৰ্জুনৰ সৈতে চৈয়া আৰু ছোভিতাই আশীৰ্বাদ গ্ৰহণ কৰে। ভিডিঅ’টোত, দম্পতীহালক পৰম্পৰাগত পোছাত দেখিবলৈ পোৱা গৈছে।

সোণৰ কাম কৰা কাঞ্জীৱাৰাম শাৰী , ককাকৰ পঞ্চ পিন্ধি মণ্ডপত বহিল সোভিতা আৰু নাগা চৈতন্য ;  দ্বিতীয়বাৰৰ বাবে আবদ্ধ হ’ল বিবাহপাশত

চেলিব্ৰিটি দম্পতী নাগা চৈতন্য আৰু সোভিতা ধুলিপালাই আজি বিবাহপাশত আৱদ্ধ হয়।অনুৰাগীসকলে তেওঁলোকৰ বিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

এতিয়া এই অপেক্ষা শেষ হ’ল আৰু এই দম্পতীহালৰ বিয়াৰ ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈছে।নাগা চৈতন্য আৰু সোভিতাই সম্পূৰ্ণ ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হয়।

বিয়াখন হায়দৰাবাদৰ অন্নপূৰ্ণা ষ্টুডিঅ’ত হৈছিল। জানিব পৰা মতে এই ষ্টুডিঅ’টো নাগা চৈতন্যৰ ককাক আক্কিনেনি নাগেশ্বৰ ৰাওৰ মালিকানাধীন।

নাগা আৰু সোভিতাৰ বিবাহৰ ৰীতি-নীতি ৮ ঘণ্টা চলিব, যি পুৱা ১ বজাত সমাপ্ত হ’ব। বিয়াখন তেলেগু ব্ৰাহ্মণ পৰম্পৰা অনুসৰি হৈছে।

নাগা চৈতন্য আৰু সোভিতাই ২০২১ চনৰ পৰা ইজনে সিজনক ডেট কৰি আছিল। কিন্তু তেওঁলোকে সকলোৰে পৰা এই সম্পৰ্কৰ কথা লুকুৱাই ৰাখিছিল।

বিবাহ অনুষ্ঠানত নাগা চৈতন্যই ধুতি আৰু পাঞ্জাৱী পৰিধান কৰা দেখিবলৈ পোৱা গৈছে। জানিব পৰা মতে নাগা চৈতন্যই বিবাহৰ অনুষ্ঠানত তেওঁৰ ককাকৰ পঞ্চ পৰিধান কৰিছে।

আনহাতে কইনা সোভিতাই সোণৰ কাম কৰা এখন কাঞ্জীভাৰাম ৰেচম শাৰী পিন্ধি আছে।ইয়াৰ লগতে, পৰম্পৰাগত গহনাও পৰিধান কৰিছে।

বিবাহৰ ফটোবোৰক দুয়োকে অতি সুন্দৰ দেখাইছে। সামাজিক মাধ্যমত নাগা চৈতন্যৰ পিতৃ নাগাৰ্জুনে এই ফটোসমূহ শ্বেয়াৰ কৰিছে।